অসম লাইভ ২৪ঃ নিজ কাৰ্যসিদ্ধিৰ বাবে মানুহে সকলো কৰিব পাৰে। এক আজৱ ঘটনা সংঘটিত হৈছে টাইৱানৰ টাইপে’ত। ৩৭ দিনৰ ভিতৰত নিজ পত্নীক ৩ বাৰকৈ ডিভোৰ্চ দি ৪বাৰ বিয়া পাতিলে স্বামীয়ে। অফিচৰ পেইড লীভ আদায়ৰ বাবেই টাইপে’ৰ এজন বেংক কৰ্মচাৰীয়ে সংঘটিত কৰিছে এই কাণ্ড। বিগত বৰ্ষৰ ৬ এপ্ৰিলত বিবাহপাশত আৱদ্ধ হৈছিল পতি-পত্নী। অফিচৰ ছুটী শেষ হোৱাৰ বাবে পুনৰ ছুটী বিচাৰি আৱেদন কৰিছিল ব্যক্তিগৰাকীয়ে। কিন্তু বেংক কৰ্তৃপক্ষই ছুটী মঞ্জুৰ নকৰাৰ বাবেই এনে অদ্ভূট সিদ্ধান্ত গ্ৰহণ কৰিলে ব্যক্তিগৰাকীয়ে। এনেদৰেই ৪ বাৰ বিবাহৰ বাবে ৩২ দিনৰ ছুটীৰ আৱেদন কৰিলে দম্পত্তিয়ে। অতিৰিক্ত পেইড লীভ দিবলৈ বেংক কৰ্তৃপক্ষই অস্বীকাৰ কৰাত ‘টাইপে’ চিটি লেবাৰ ব্যুৰ’ৰ ওচৰত গোচৰ ৰুজু কৰিলে ব্যক্তিগৰাকীয়ে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ