অসম লাইভ ২৪ঃ একাপ চাহ বা কফিৰেই প্ৰায় সংখ্যক লোকৰ দিনটোৰ আৰম্ভণি হয়৷ চাহ সেৱন কৰা অসমৰ অন্যতম সংস্কৃতি৷ অতিথি আপ্যায়নৰ ক্ষেত্ৰত চাহৰ ভূমিকা অন্যতম৷ দিনটোৰ অৱসাদখিনি দূৰ কৰাৰ লগতে দেহ-মন সতেজ কৰি ৰাখে চাহ কাপে৷ কিন্তু অত্যাধিক চাহ বা কফি সেৱণ কৰাটো স্বাস্থ্যৰ পক্ষে ক্ষতিকাৰক৷ আপুনি জানেনে অত্যাধিক চাহ-কফি সেৱন কৰাৰ ফলত শৰীৰত কি কি সমস্যাই দেখা দিব পাৰে? অধিক চাহ-কফি সেৱন কৰিলে দেহত কেইবাটাও উপসৰ্গই দেখা দিয়ে৷ সেইসমূহ হৈছে—
- শৰীৰত কেফেইনৰ মাত্ৰা বাঢ়ি গ’লে আচৰণৰ ক্ষেত্ৰত পৰিৱৰ্তন আহিব পাৰে৷ চাহ-কফি মাত্ৰাধিক পৰিমানত গ্ৰহণ কৰিলে শৰীৰত ইয়াৰ পৰিমাণ বৃদ্ধি পায়, যাৰ ফলত ব্যক্তিগৰাকীৰ আচৰণ অস্থিৰ হৈ পৰিব পাৰে৷
- সঘনাই চাহ বা কফি খালে বিৰক্তিভাৱ বা উদ্বেগ বৃদ্ধি কৰে৷
- অত্যাধিক চাহ-কফি খোৱাৰ ফলত দোহৰ তাপমাত্ৰা বৃদ্ধি পাব পাৰে৷ এনেদৰে তাপমাত্ৰা বৃদ্ধি পোৱাটো স্বাস্থ্যৰ বাবে অনুকূল নহয়৷
- চাহ বা কফি বেছিকৈ খালে শ্বাস-প্ৰশ্বাসজনিত সমস্যাই দেখা দিব পাৰে৷
- চাহ আৰু কফি বেছিকৈ সেৱন কৰিলে বুকুৰ বিষ অনুভৱ কৰাৰ লগতে কেতিয়াবা বমি আদিও হ’ব পাৰে৷
- গৱেষকৰ মতে, দিনটোত দুই বা তিনিকাপ চাহ সেৱন কৰা উচিত৷ ইয়াতকৈ বেছিকৈ গ্ৰহণ কৰাটো স্বাস্থ্যৰ পক্ষে হানিকাৰক৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















