অসম লাইভ ২৪ঃ ছাত্ৰ-ছাত্ৰীক পঢ়ুৱাবলৈ স্কুললৈ শিক্ষকে পেণ্ট-শ্বার্ট পিন্ধি অহা দেখিছে৷ কিন্তু পুৰুষ শিক্ষকে স্কার্ট পিন্ধি স্কুললৈ অহা কেতিয়াবা দেখিছেনে। শুনিবলৈ আচৰিত যেন লাগিলেও এয়াই সত্য। স্পেইনৰ বহু শিক্ষকে স্কুললৈ স্কার্ট পিন্ধি আহে৷ অৱশ্যে ইয়াৰো কাৰণ নথকা নহয়৷ দৰাচলতে স্পেইনৰ বিলবাঅ’ চহৰৰ মিকেল গোমেজ নামৰ এটি ছাত্ৰই স্কার্ট পিন্ধি স্কুললৈ আহিছিল আৰু সেই অপৰাধত ছাত্ৰজনক স্কুলৰ পৰা বর্খাস্ত কৰিছিল৷ স্কুল কর্তৃপক্ষই কৈছিল যে মিকেলৰ মানসিক স্থিতি ঠিক নহয় আৰু তেওঁক এগৰাকী চাইক’লজিষ্টৰ প্ৰয়োজন৷ এই ঘটনাক লৈয়ে বিগত বর্ষৰ ২৭ অক্টোবৰৰ পৰা দেশখনত এক আন্দোলন গঢ়ি উঠিছে৷ এই আন্দোলনৰ নাম হ’ল ‘কাপোৰৰ কোনো লিংগ নাই’৷ আৰু এই ছাত্ৰটিক সমর্থনৰ কাৰণে দেশখনত বহু শিক্ষকে স্কার্ট পিন্ধি স্কুললৈ আহে৷ সম্প্ৰতি ৩৭ বছৰীয়া শিক্ষক ম্যানুয়েল অ’র্টেগা আৰু ৩৬ বছৰীয়া শিক্ষক বোর্জা ভেলাজ’কজেও এই আন্দোলনত যোগ দিছে৷ ম্যানুয়েল আৰু বোর্জাই শিক্ষকতা কৰা স্কুলখনতো এজন ছাত্ৰই টি-শ্বার্ট পিন্ধি অহাৰ বাবে ছাত্ৰজনক সমলিংগৰ বুলি কৈ ঠাট্টা কৰিছিল আৰু ছাত্ৰজনক ইমানেই লাজ দিয়া হৈছিল যে তেওঁ টি-শ্বার্টটো সলকাবলৈ বাধ্য হৈ পৰিছিল৷ এই ঘটনা দেখি ম্যানুৱেলে হতবাক হৈ পৰিছিল৷ ইয়াৰ পিছতে ম্যানুৱেলে সহকর্মী বোর্জাৰ সৈতে লগ হৈ কিবা এটা কৰাৰ সিদ্ধান্ত লৈছিল৷ আৰু ৰক্ষণশীল লিংগজনিত নিয়মৰ বিৰুদ্ধে যুঁজিবৰ বাবে তেওঁলোকে স্কুলত ক্লাছ কৰিবলৈ স্কার্ট পিন্ধি আহিবলৈ ধৰে৷ এক সাক্ষাৎকাৰত অ’র্টেগাই কয় যে স্কার্ট পিন্ধ ছ’চিয়েল মিডিয়াত সস্তীয়া জনপ্ৰিয়তা অর্জন কৰাৰ মোৰ মন নাই৷ এই পদক্ষেপৰ জৰিয়তে আমি সমাজত সহিষ্ণুতা বৃদ্ধি কৰিব বিচাৰিছো৷ অ’র্টেগাই বাকী লোককো এই অভিযানত ভাগ ল’বলৈ আহ্বান জনায়৷ ইপিনে স্কার্ট পিন্ধাৰ অপৰাধত স্কুলৰ পৰা বর্খাস্ত কৰা ছাত্ৰ মিকেল গোমেজে এটা ভিডিঅ’ প্ৰস্তুত কৰিছিল আৰু কৈছিল যে তেওঁ স্কার্ট পিন্ধি নাৰীবাদ আৰু বহুবচনবাদৰ পক্ষে সমর্থন দেখুৱাব বিচাৰিছিল৷ মিকেলৰ সেই ভিডিঅ’ ভাইৰেল হৈ পৰে আৰু তেওঁৰ সমর্থনত দেশখনৰ বহু শিক্ষক আৰু ছাত্ৰই স্কার্ট পিন্ধি স্কুললৈ আহে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ