কেতিয়া ঘোষণা কৰা হ’ব টি-২০ বিশ্বকাপৰ বাবে ভাৰতীয় দল, কোনে কোনে দলত স্থান পোৱাৰ সম্ভৱনা
নতুন বছৰৰ ফেব্ৰুৱাৰী মাহত ভাৰত আৰু শ্ৰীলংকাত অনুষ্ঠিত হ’ব আইচিচি পুৰুষৰ টি-২০ বিশ্বকাপ ২০২৬। মাজত এতিয়া মাথো এটা মাহ বাকি। এনে অৱস্থাত এতিয়ালৈ ঘোষণা কৰা হোৱা নাই ভাৰতীয় পুৰুষ দলৰ । পাছে টিম ইণ্ডিয়া স্কোৱাড কেতিয়া আৰু ক’ত ঘোষণা কৰা হ’ব সেই সন্দৰ্ভত এটা ডাঙৰ আপডেট প্ৰকাশ পাইছে।
ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে এক প্ৰেছ বিজ্ঞপ্তি প্ৰকাশ কৰি কয় যে, কাইলৈ ২০ ডিচেম্বৰ তাৰিখে টি-২০ বিশ্বকাপৰ বাবে ভাৰতীয় দল ঘোষণা কৰা হব। লগতে নিউজিলেণ্ডৰ বিৰুদ্ধে ঘৰুৱা শৃংখলাৰ বাবেও দল ঘোষণা কৰা হ’ব।
বিয়লি ১:৩০ বজাত খেলুৱৈসকলৰ নাম ঘোষণা কৰা হ’ব বুলি বিবৃতি যোগে প্ৰকাশ। নিৰ্বাচিত খেলুৱৈসকলৰ নাম ঘোষণাৰ পাছত অধিনায়ক সূৰ্যকুমাৰ যাদৱ আৰু মুখ্য নিৰ্বাচক অজিত আগৰকাৰে সংবাদমেল অনুষ্ঠিত কৰিব।
এতিয়ালৈ দলত কোন কোন খেলুৱৈয়ে স্থান পোৱাৰ সম্ভাৱনা সেই সন্দৰ্ভত কোনো তথ্য সদৰি হোৱা নাই। সময় হিচাপে এইবাৰ টি-২০ বিশ্বকাপ ২০২৬ চনৰ ৭ ফেব্ৰুৱাৰীৰ পৰা ৮ মাৰ্চলৈ অনুষ্ঠিত হ’ব। ভাৰত আৰু শ্ৰীলংকাই সহযোগত আয়োজন কৰা এই আই চি চি প্ৰতিযোগিতাত ভাৰতীয় দলটোক শক্তিশালী প্ৰতিদ্বন্দ্বী হিচাপে গণ্য কৰা হৈছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ


















