আলঝাইমাৰ্ছ হওক বা কৰ্কট, ৰিউমাটয়েড আৰ্থ্ৰাইটিছ হওক বা ৰেটিনোপেথি সকলো জটিল অসুখ ধৰা পৰে কেই টোপালমান চকুপানীতেই৷ ভাৰতত প্ৰথমে চকুৰ পানীৰেই ৰোগ চিনাক্তকৰণৰ কিট তৈয়াৰ হৈছে বাংগালুৰুৰ নাৰায়ণা নেত্ৰালয়ৰ গ্ৰ ৰিচাৰ্ছ লেবৰটৰিত৷ সেই হাস্পতালৰ চিকিৎসক ৰোহিত ছেট্টিয়ে জনাইছে যে ষ্টেৰাইল কাগজৰ টুকুৰা ব্যৱহাৰ কৰা হ’ব এই পদ্ধতিত৷ নমুনা সংগ্ৰহৰ মাত্ৰ ৯০ মিনিটৰ ভিতৰত ফলাফল দিয়া হব৷ এই মুহূৰ্তত কেন্দ্ৰীয় চৰকাৰৰ পৰা অনুমোদৰ লাভৰ বাবেহে ৰৈ আছে নাৰায়ণা নেত্ৰালয়৷ আশা কৰা হৈছে আগন্তুক বছৰৰ ফেব্ৰুৱাৰী মাহৰ ভিতৰত বজাৰলৈ আহিব এই কিট৷
চকুৰ পানীৰে কেনেকৈ ৰোগ চিনাক্ত কৰিব পাৰি?
ৰোগে বাঁহ বান্ধিলে চকু আৰু শৰীৰত নানাবিধ প্ৰদাহজনিত সালসলনি ঘটে৷ চকুৰ পানীত সেয়ে ৰোগ ধৰা পৰাৰ পূৰ্ণ সম্ভাৱনা থাকে৷ অশ্ৰুৱে প্ৰকৃততে ৰোগৰ প্ৰাক সতৰ্কতা হিচাপে কাম কৰিব পাৰে৷ ৰিউমেটয়েড আৰ্থ্ৰাইটিছ আৰু কিছু প্ৰদাহজনিত ৰোগৰ লক্ষণ হাড়ত দেখা দিয়াৰ পূৰ্বেই চকুপানীত ধৰা পৰে৷ চকুৰ পানী ব্যৱহাৰ কৰি পৰীক্ষা কৰাৰ পদ্ধতি অন্যান্য পৰীক্ষা পদ্ধতিতকৈ কম খৰচৰ হব বুলিও জনাইছে গৱেষক দলে৷
কি কি ৰোগ চিনাক্ত কৰিব পাৰিব অশ্ৰুৰে?
আলঝাইমাৰ্ছ ৰোগ ধৰা পৰাৰ নিৰ্দিষ্ট কোনো লক্ষণ নাই৷ এম আৰ আইৰ ফলাফল নোপোৱা পৰ্যন্ত একোৱেই কব নোৱাৰি৷ কিন্তু চকুৰ পানীত এনে এক প্ৰটিন পোৱা গৈছে যি আলঝাইমাৰ্ছৰ সৈতে মিল আছে৷ এই প্ৰটিন আগেভাগে চিহ্নিত হৈ গলে মস্তিষ্কৰ ডাঙৰ ক্ষতিৰ পৰা ৰক্ষা পৰিব পাৰি৷
ইয়াৰোপৰি স্তন কৰ্কট, ডিম্বাশয়ৰ কৰ্কটৰ পৰা আৰম্ভ কৰি যৌনাংগ, প্ৰস্ৰাৱজনিত ৰোগৰ প্ৰাক লক্ষণ চিহ্নিতকৰণৰ বিষয়েও কাম চলিছে৷ চকুৰ শুষ্কতা, ডায়াবেটিছ, মায়োপিয়া, ৰেটিনোপেথিৰ দৰে ৰোগসমূহৰ চিনাক্তকৰণৰ বিষয়েও গৱেষকসকল আশাবাদী৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















