সুঠাম দেহ৷ বয়স ৩৯ বছৰ৷ এতিয়াও বিয়া কৰোৱা নাই৷ কিন্তু তেওঁ এতিয়ালৈকে প্ৰায় ১০০ সন্তানৰ বায়লজিকেল পিতৃ৷ এই দাবী নিজেই কৰিছে টেলিগ্ৰামৰ CEO পাভেল ধ্ৰুৱে৷ টেলিগ্ৰামত নিজৰ ৫.৭ মিলিয়ন ছাৱস্ক্ৰাইবাৰৰ সৈতে এই কথা শ্বেয়াৰ কৰিছে তেওঁ৷ ৰাছিয়াৰ এইগৰাকী পাভেল ধ্ৰুৱে লিখিছে, ‘মোৰ এতিয়ালৈকে প্ৰায় ১০০ ৰো অধিক বায়লজিকেল সন্তান আছে৷’ নিজৰ DNA প্ৰকাশলৈ অনাৰ চিন্তাভাৱনা কৰিছে৷ যাতে তেওঁৰ সন্তানসকলে এজনে আনজনক চিনি পায়৷
পাভেল ধ্ৰুৱে বিয়া নকৰোৱাকৈ থাকিবলৈ বেছি পছন্দ কৰে৷ কিন্তু বিয়া নকৰোৱাকৈ কেনেকৈ ১০০ সন্তানৰ পিতৃ হ’ল পাভেল ধ্ৰুৱ? নিজেই এই প্ৰশ্ন তুলি উত্তৰো দিছে তেওঁ৷ তেওঁ বায়লজিকেল পিতৃ হোৱাৰ নেপথ্যত আছে কেইবাটাও কাহিনী৷ সেই সন্দৰ্ভত ধ্ৰুৱই কয়, ‘১৫বছৰ পূৰ্বে এক অদ্ভুত প্ৰস্তাৱ জন বন্ধুৱে দিছিল৷ ফাৰ্টিলিটিৰ সমস্যাৰ বাবে বন্ধু আৰু তেওঁৰ পত্নীয়ে সন্তান জন্ম দিব পৰা নাছিল৷ সেই সময়তেই এগৰাকী বন্ধুৱে মোক এখন ক্লিনিকলৈ গৈ শুক্ৰাণু দান কৰাৰ কথা কয়৷ যাতে বন্ধু আৰু তেওঁৰ পত্নীয়ে সন্তানৰ পিতৃ মাতৃ হ’ব পাৰে৷ প্ৰথমে কথাটো হাঁহিৰে উৰুৱাই দিছিলো কিন্তু বন্ধুক দেখি বুজিলো তেওঁ ধেমালীৰ মুডত নাই৷’
প্ৰথমবাৰ শুক্ৰাণু দান কৰিবলৈ গৈ ধ্ৰুৱ কেনে সমস্যাত পৰিছিল সেই কথাও জনাইছে৷ তেওঁ কয়, ‘উচ্চমানৰ শুক্ৰাণু খুব কমেই পোৱা যায়৷ দম্পত্তিক সন্তান সুখ দিবলৈ, নাম গোপনে ৰাখি শুক্ৰাণু দান কৰা উচিত৷ মই অতীতত দান কৰা শুক্ৰাণুৰ পৰা ২০২৪ চন পৰ্যন্ত ১২খন দেশৰ ১০০তকৈ বেছি দম্পত্তিক সন্তান দিছো৷ মই এতিয়া বহুদিন ধৰি শুক্ৰাণু দান কৰা নাই৷ কিন্তু এতিয়াও এখন IVF ক্লিনিকত মোৰ শুক্ৰাণু আছে৷’
টেলিগ্ৰামৰ CEOই লগতে কয়, ‘মোৰ DNA প্ৰকাশ্যে অনাৰ পৰিকল্পনা আছে মোৰ৷ যাতে মোৰ সন্তানসকলে পৰস্পৰে পৰস্পৰক চিনি পায়৷ নিজৰ দায়িত্ব পালন কৰি মই গৰ্বিত৷ বিশ্বজুৰি উচ্চমানৰ শুক্ৰাণুৰ সংখ্যা কমিছে৷ স্বাস্থ্যবান সকলো পুৰুষ এইক্ষেত্ৰত আগুৱাই অহাটো খুবেই দৰকাৰ৷’
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ