তামিলনাডুৰ এগৰাকী সন্ন্যাসীয়ে বিদেশত অধ্যয়নৰত কন্যাৰ শিক্ষাগ্ৰহণৰ বাবে এটা বেংকৰ পৰা লোন বিচাৰিছিল৷ কিন্তু বেংক কৰ্তৃপক্ষই সেই লোন দিবলৈ অস্বীকাৰ কৰে৷ সেই কথাতে সন্ন্যাসীজনে ক্ষুব্ধ হৈ এক অভাৱনীয় কাণ্ড সংঘটিত কৰিলে৷
প্ৰকাশিত বাতৰিৰ মতে তিৰুৱাৰু জিলাৰ মূলাংগুড়ি গাঁৱৰ নিৱাসী তিৰুমুলাই স্বামী নামৰ সাধুজনে বেংকে ঋণ প্ৰদান কৰিবলৈ অস্বীকাৰ কৰাৰ পাছতে ঘৰৰ পৰা বন্দুক লৈ পুনৰ বেংকত উপস্থিত হৈ বেংকৰ কৰ্মচাৰীক ভাবুকি প্ৰদান কৰে৷
কেৱল ইমানেই নহয়, সাধুজনে এই সমগ্ৰ কাণ্ড নিজৰ ফেচবুক একাউণ্টৰ জৰিয়তে লাইভ ভিডিঅ’ও কৰে৷
লগতে পঢ়ক ৩০ মাহৰ পাছত ভূটান সীমান্ত বিদেশী পৰ্যটকৰ বাবে মুকলি, কি কি নতুন নিয়ম কৰিলে প্ৰৱৰ্তন?
সাধুজনে বেংকটোৰ ভিতৰত সোমাই এইদৰে আতংকৰ সৃষ্টি কৰাত বেংক কৰ্তৃপক্ষই আৰক্ষীক খবৰ দিয়ে আৰু আৰক্ষীয়ে বেংকটোত উপস্থিত হৈ সাধু বাবাজনক গ্ৰেপ্তাৰ কৰে৷
জানিব পৰা মতে সাধু বাবাজনৰ কন্যাই বৰ্তমান চীনত চিকিৎসা বিজ্ঞানৰ শিক্ষা গ্ৰহণ কৰি আছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















