• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
শিক্ষামন্ত্ৰীৰ পদত্যাগৰ দাবীৰে এইবাৰ Broiler Chicken Partyৰ আত্মপ্ৰকাশ

শিক্ষামন্ত্ৰীৰ পদত্যাগৰ দাবীৰে এইবাৰ Broiler Chicken Partyৰ আত্মপ্ৰকাশ

3 months ago
শৰীৰৰ এই অংশত তিল থকা মানেই কোটিপতি হোৱাৰ লক্ষণ!

সৌভাগ্যৱান লোকৰ থাকে শৰীৰৰ এই অংশত তিল, জানক

22 minutes ago
‘মই ভাল ছোৱালী!’ যোৰহাটৰ ঘটনাক কেন্দ্ৰ কৰি প্ৰথমবাৰলৈ মৰমীৰ বিস্ফোৰণ

‘মই ভাল ছোৱালী!’ যোৰহাটৰ ঘটনাক কেন্দ্ৰ কৰি প্ৰথমবাৰলৈ মৰমীৰ বিস্ফোৰণ

32 minutes ago
‘দয়া নাই, ক্ষমা নাই!’, কাৰ্বি ভূমিত আকৌ চলিব প্ৰশাসনৰ বুলড’জাৰ

‘দয়া নাই, ক্ষমা নাই!’, কাৰ্বি ভূমিত আকৌ চলিব প্ৰশাসনৰ বুলড’জাৰ

1 hour ago
ভাগ্য সলনি হোৱাৰ ইংগিত, এই ৫টা ৰাশি সদায় বিশেষ

কাইলৈ ৫ ৰাশিৰ ভাগ্যই দেখুৱাব যাদু! মাত্ৰ নকৰিব কোনো ভুল

1 hour ago
ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৩ ৰাশিৰ, আজি বুধবাৰৰ দিনটো আপোনাৰ কেনে যাব? পঢ়ক দৈনিক ৰাশিফল

কাইলৈ মেষৰ পৰা মীনলৈ কোন ৰাশিৰ কেনে যাব দিনটো?

2 hours ago
জনপ্ৰিয় অভিনেতাৰ দেহাৱসান, সাংস্কৃতিক জগতত শোকৰ ছাঁ

জনপ্ৰিয় অভিনেতাৰ দেহাৱসান, সাংস্কৃতিক জগতত শোকৰ ছাঁ

3 hours ago

কেতিয়াও ফোনৰ বাবে ব্যৱহাৰ নকৰিব নকল চাৰ্জাৰ, এটা ভুলে মাতিব বিপদ!

4 hours ago
শুকুৰ আলীৰ মৃত্যু, মৃত্যুদূতৰূপী ডাম্পাৰে নিলে মহতিয়াই

ৰাজ্যত HIT and RUN ৰ ঘটনা, ৰাজপথত নিথৰ দেহ পৰি ৰ’ল অন্তঃসত্বা মহিলাৰ

5 hours ago
৮টা খিতাপ জয়েৰে সোণালী অধ্যায়ৰ অন্ত! অধিনায়কত্ব এৰিলে হৰমনপ্ৰীত কৌৰে

৮টা খিতাপ জয়েৰে সোণালী অধ্যায়ৰ অন্ত! অধিনায়কত্ব এৰিলে হৰমনপ্ৰীত কৌৰে

5 hours ago
নিশা টোপনিত নকৰিব এইবোৰ ভুল, ডাঙৰ সমস্যাত পৰিব আপুনি!

কোন দিশত মূৰ দি টোপনি গ’লে শুভ? ভুল কৰিলে বিপদ অনিবাৰ্য!

7 hours ago
কেনেকুৱা পুৰুষে আকৰ্ষণ কৰে মডাৰ্ণ নাৰীক? জানি হ’ব আচৰিত!

নাৰীয়ে পুৰুষৰ ক’ত প্ৰথম চকু দিয়ে, জানি হ’ব আচৰিত!

8 hours ago
বেংক মেনেজাৰক ব্লেকমেইলিং যোৰহাটৰ যুৱতীৰ

বেংক মেনেজাৰক ব্লেকমেইলিং যোৰহাটৰ যুৱতীৰ

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, October 8, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ৰাজনীতি

শিক্ষামন্ত্ৰীৰ পদত্যাগৰ দাবীৰে এইবাৰ Broiler Chicken Partyৰ আত্মপ্ৰকাশ

শিক্ষামন্ত্ৰীৰ ভাইৰেল অডিঅ'ই জন্ম দিলে BCPৰ

editor by editor
July 15, 2026
in বিবিধ, বিশ্ব, ৰাজনীতি
0
শিক্ষামন্ত্ৰীৰ পদত্যাগৰ দাবীৰে এইবাৰ Broiler Chicken Partyৰ আত্মপ্ৰকাশ
0
SHARES
124
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

cockroach janata party-এ ডিজেটল মাধ্যমত ব্যাপক জনপ্ৰিয়তা অৰ্জন কৰাৰ পিছতে এইবাৰ সামাজিক মাধ্যমত আত্মপ্ৰকাশ ঘটিছে Broiler Chicken Party নামৰ এটা নতুন সংগঠনৰ। ফেচবুকত আত্মপ্ৰকাশ কৰা এই সংগঠনটোৰো মূল দাবী হৈছে শিক্ষামন্ত্ৰীৰ পদত্যাগ। দৰাচলতে এই Broiler Chicken Partyটো গঠন হৈছে বাংলাদেশত। বাংলাদেশত উচ্চ মাধ্যমিক (HSC) পৰীক্ষাক কেন্দ্ৰ কৰি সৃষ্টি হোৱা বিতৰ্কই নতুন ৰাজনৈতিক-সামাজিক ৰূপ লাভ কৰিছে। দেশখনৰ শিক্ষামন্ত্ৰীৰ এটা বিতৰ্কিত মন্তব্যক কেন্দ্ৰ কৰি জেন-জি শিক্ষাৰ্থীসকলে ব্যংগ, মীম আৰু সামাজিক মাধ্যমক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰি আৰম্ভ কৰিছে এক অভিনৱ অনলাইন আন্দোলন। এই আন্দোলনৰ প্ৰতীক হিচাপে ফেচবুকত ইতিমধ্যে আৰম্ভ হৈছে Broiler Chicken Partyৰ।
ফেচবুকত মঙলবাৰৰ পৰা আৰম্ভ হয় এই Broiler Chicken Party নামৰ পেজটো। Broiler Chicken Partyৰ মূল শ্লোগান হৈছে— We are not insulted, We are awakened. ফেচবুকত Broiler Chicken Party নামেৰে পৃষ্ঠাটো খোলাৰ কেইঘণ্টামানৰ ভিতৰতে দেশখনত বিপুল জনপ্ৰিয়তা লাভ কৰে। ইয়াৰ পিছৰে পৰা পৃষ্ঠাটোত অসংখ্য মীম, ব্যংগচিত্ৰ, ফটো, ভিডিঅ’ আৰু ব্যংগাত্মক পোষ্টৰ জৰিয়তে চৰকাৰ আৰু সংশ্লিষ্ট কৰ্তৃপক্ষক কঠোৰ সমালোচনা কৰা হৈছে।

কেনেকৈ আন্দোলনৰ সূচনা হ’ল?

বিগত কেইবাদিনো ধৰি বাংলাদেশৰ বহু উচ্চ মাধ্যমিক পৰীক্ষাৰ্থীয়ে ধাৰাসাৰ বৰষুণ, বান আৰু দুৰ্যোগপূৰ্ণ বতৰৰ মাজতো পৰীক্ষা অনুষ্ঠিত কৰাৰ সিদ্ধান্তৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি আহিছিল। শিক্ষাৰ্থীসকলৰ দাবী আছিল—এই পৰিস্থিতিত পৰীক্ষা অনুষ্ঠিত কৰাটো অনুচিত। দেশখনৰ শিক্ষাৰ্থীসকলৰ এই দাবীক আওকান কৰাৰ বাবে শিক্ষামন্ত্ৰী ডাঃ এ এন এম এহছানুল হক মিলনৰ পদত্যাগ দাবীৰেও চলিছিল তীব্ৰ প্ৰতিবাদ। এই প্ৰতিবাদ চলি থকাৰ মাজতে সামাজিক মাধ্যমত এটা অডিঅ’ ক্লিপ দ্ৰুতগতিত ভাইৰেল হৈ পৰে। সেই অডিঅ’টোত বাংলাদেশৰ শিক্ষামন্ত্ৰীয়ে HSC পৰীক্ষাৰ্থীসকলক “Farm Chickens”ৰ সৈতে তুলনা কৰা বুলি অভিযোগ উত্থাপিত হৈছিল।

শিক্ষামন্ত্ৰীৰ ভাইৰেল অডিঅ’ই জন্ম দিলে BCPৰ

ভাইৰেল হোৱা অডিঅ’টোত বাংলাদেশৰ শিক্ষামন্ত্ৰী ডাঃ এ এন এম এহছানুল হক মিলনে কৈছিল-“ইহঁত ফাৰ্ম চিকেনৰ দৰে। বৰষুণৰ পানী মূৰত পৰিলেই জ্বৰ উঠে। মোৰ কন্যাৰো তেনেকুৱাই হয়।” এই মন্তব্যই সামাজিক মাধ্যমত ব্যাপক সমালোচনাৰ সৃষ্টি কৰে। শিক্ষাৰ্থীসকলে অভিযোগ কৰে যে তেওঁলোকৰ অসুবিধা আৰু বান পৰিস্থিতিক গুৰুত্ব নিদি শিক্ষাৰ্থীক লৈ শিক্ষামন্ত্ৰীয়ে অপমানজনক ভাষা ব্যৱহাৰ কৰিছে।

শিক্ষামন্ত্ৰীৰ ক্ষমাপ্ৰাৰ্থনা

অৱশ্যে এই আন্দোলনে তীব্ৰ ৰূপ লোৱাৰ পিছতে দেশখনৰ শিক্ষামন্ত্ৰী ডাঃ এ এন এম এহছানুল হক মিলনে নিজৰ মন্তব্যৰ বাবে ক্ষমা বিচাৰে। ইয়াৰ লগতে শিক্ষামন্ত্ৰীজনে ঘোষণা কৰে যে চলি থকা HSC পৰীক্ষাৰ পদাৰ্থ বিজ্ঞানৰ ফাৰ্ষ্ট পেপাৰ, একাউণ্টিঙৰ ফাৰ্ষ্ট পেপাৰ আৰু লজিকৰ ফাৰ্ষ্ট পেপাৰৰ পৰীক্ষা প্ৰয়োজন হ’লে পুনৰ অনুষ্ঠিত কৰাৰ ব্যৱস্থা কৰা হ’ব।

এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24broiler chicken party
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

শৰীৰৰ এই অংশত তিল থকা মানেই কোটিপতি হোৱাৰ লক্ষণ!
জীৱনশৈলী

সৌভাগ্যৱান লোকৰ থাকে শৰীৰৰ এই অংশত তিল, জানক

October 7, 2026
‘মই ভাল ছোৱালী!’ যোৰহাটৰ ঘটনাক কেন্দ্ৰ কৰি প্ৰথমবাৰলৈ মৰমীৰ বিস্ফোৰণ
অসম

‘মই ভাল ছোৱালী!’ যোৰহাটৰ ঘটনাক কেন্দ্ৰ কৰি প্ৰথমবাৰলৈ মৰমীৰ বিস্ফোৰণ

October 7, 2026
‘দয়া নাই, ক্ষমা নাই!’, কাৰ্বি ভূমিত আকৌ চলিব প্ৰশাসনৰ বুলড’জাৰ
অসম

‘দয়া নাই, ক্ষমা নাই!’, কাৰ্বি ভূমিত আকৌ চলিব প্ৰশাসনৰ বুলড’জাৰ

October 7, 2026
ভাগ্য সলনি হোৱাৰ ইংগিত, এই ৫টা ৰাশি সদায় বিশেষ
জীৱনশৈলী

কাইলৈ ৫ ৰাশিৰ ভাগ্যই দেখুৱাব যাদু! মাত্ৰ নকৰিব কোনো ভুল

October 7, 2026
Next Post
এই তাৰিখত মুক্তি পাব বিজয় থালাপতিৰ অন্তিমখন ছবি Jana Nayagan

এই তাৰিখত মুক্তি পাব বিজয় থালাপতিৰ অন্তিমখন ছবি Jana Nayagan

আগন্তুক T20 বিশ্বকাপত নতুন নিয়ম, নতুন ফৰ্মেটৰ প্ৰৱৰ্তন, ঘোষণা ICCৰ

আগন্তুক T20 বিশ্বকাপত নতুন নিয়ম, নতুন ফৰ্মেটৰ প্ৰৱৰ্তন, ঘোষণা ICCৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.