খাকী পোছাক পৰিধান কৰি বিউটি পালাৰত গৈ যুৱতীৰে মালিচ লৈ নিলম্বন হৈছে এগৰাকী আৰক্ষী উপ পৰিদৰ্শক৷
ঘটনাটো উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজৰ৷ প্ৰয়াগৰাজৰ চিভিল লাইনত ইউনিফৰ্ম পিন্ধা এজন আৰক্ষী উপ পৰিদৰ্শকে আৰক্ষী পোছাক পৰিধান কৰি থকা অৱস্থাতে বিউটি পালাৰত সোমাই এগৰাকী যুৱতীৰ দ্বাৰা মালিচ কৰাইছিল।
ইয়াৰ পাছতে পালাৰখনত পৰিদৰ্শকজনৰ এই মালিচ কাণ্ডৰ এটা ভিডিঅ’ ক্লীপ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰে৷ ভিডিঅ’টো ভাইৰেল হোৱাৰ পাছতে সমগ্ৰ বিষয়টো শীৰ্ষ আৰক্ষী বিষয়াসকলৰ দৃষ্টিগোচৰ হয়৷
লগতে পঢ়ক বিবাহ মঞ্চতে দৰা আৰু কইনাৰ চৰৰ বৰষুণ, দৰাই কইনাক কল খুৱাবলৈ গৈ ঘটিল অথন্তৰ
प्रयागराज में उपनिरीक्षक राकेश शर्मा को निलम्बित, पार्लर में वर्दी में एक युवती से फेस मसाज करवाते वीडियो हुआ था वायरल @prayagraj_pol pic.twitter.com/HlgFITGvMd
— Amrit Vichar अमृत विचार (@AmritVichar) August 27, 2022
শীৰ্ষ আৰক্ষী বিষয়াসকলৰ দৃষ্টিগোচৰ হোৱাৰ পাছতে শুকুৰবাৰে নিশা প্ৰয়াগৰাজৰ এছ এছ পি শৈলেশ কুমাৰ পাণ্ডেয়ে অভিযুক্ত পৰিদৰ্শক ৰাকেশ চন্দ্ৰ শৰ্মাক নিলম্বন কৰে। উল্লেখ্য যে শৰ্মা চিভিল লাইন থানাৰ সুভাষ চৌৰাহাত অৱস্থিত আৰক্ষী চকীত কৰ্মৰত আছিল।
ভাইৰেল হোৱা ভিডিঅ’টোত দেখা গৈছে যে চিভিল লাইনৰ এটা মালিচ পাৰ্লাৰত বহি আছে আৰক্ষী পৰিদৰ্শকগৰাকী। এগৰাকী যুৱতীয়ে আৰক্ষী বিষয়াগৰাকীক ফেচ মালিচ কৰি আছে। পাৰ্লাৰত এটি গীতো নিম্ন স্বৰত বাজি আছে।
এই সময়ছোৱাত পৰিদৰ্শকৰ মুখত ক্ৰীম আছিল, তেওঁ চকু মুদিছে। অনুমান কৰা হৈছে যে তেতিয়া কোনোবাই পৰিদৰ্শকগৰাকীক মালিচ কৰি থাকোঁতে ৰেকৰ্ডিং কৰিছিল।
লগতে পঢ়ক ২৩ লাখ টকা ব্যয়েৰে স্তন সংৰোপণ মহিলাৰ! তাৰ পাছত ঘটিল কি? জানিবলৈ চাওক…
ভিডিঅ’টো পোহৰলৈ অহাৰ পিছতে এছ এছ পি শৈলেশ কুমাৰ পাণ্ডেয়ে এছ পি চিটি সন্তোষ কুমাৰ মীনাক তদন্ত কৰিবলৈ নিৰ্দেশ দিয়ে। শুকুৰবাৰে সন্ধিয়া চিটি এছপিৰ প্ৰতিবেদনৰ ভিত্তিত এছ এছ পি-এ ৰাকেশ শৰ্মাক নিলম্বন কৰে।
ইউনিফৰ্ম পিন্ধি মালিচ কৰাৰ বাবে পৰিদৰ্শকজনক নিলম্বিত কৰাৰ পিছতে ক্ষুব্ধ হৈ পৰিছে বিভাগটোৰ সতীৰ্থ আৰক্ষী।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ