আমেৰিকা আৰু ICCৰ মাজত সংঘাত অধিক তীব্ৰ হৈ উঠিছে। আমেৰিকাৰ বৈদেশিক মন্ত্ৰী মাৰ্কো ৰুবিঅ’ই ICCক ভাঙি পেলোৱাৰ হুংকাৰ দিছে। ৰুবিঅ’ৰ অভিযোগ, ICCএ এনে কিছুমান গোটৰ প্ৰভাৱত কাম কৰি আছে, যিসকল আমেৰিকাৰ বিৰোধী। ট্ৰাম্প প্ৰশাসনে বিশ্বৰ বিভিন্ন দেশৰ ওপৰত চাপ সৃষ্টি কৰি ICCক দুৰ্বল কৰাৰ চেষ্টা চলাই আছে। CNNৰ এটা প্ৰতিবেদন অনুসৰি, আমেৰিকাৰ বৈদেশিক বিভাগে ICCক কূটনৈতিকভাৱে একঘৰীয়া কৰিবলৈ সমগ্ৰ চৰকাৰী ব্যৱস্থা সক্ৰিয় কৰি তুলিছে। আমেৰিকাই এতিয়া সেই দেশসমূহৰ ওপৰত পোনপটীয়াকৈ চাপ প্ৰয়োগ কৰিছে, যিসকল আমেৰিকাৰ অৰ্থনৈতিক সহায়ৰ ওপৰত নিৰ্ভৰশীল, য’ত আমেৰিকাৰ সেনা মোতায়েন হৈ আছে, অথবা যিসকলে আমেৰিকাৰ সুৰক্ষা বাহিনীৰ সৈতে যৌথভাৱে কাম কৰে। আমেৰিকা ICC-ৰ সদস্য নহয় আৰু এই আদালতক নিজৰ বাবে সম্ভাৱ্য ভাবুকি বুলি গণ্য কৰে। আহক, ICC অৰ্থাৎ ইণ্টাৰনেশ্যনেল ক্ৰিমিনেল ক’ৰ্ট কেনেধৰণৰ অপৰাধৰ তদন্ত কৰে আৰু আমেৰিকাই কোনবোৰ বিষয়ত তদন্তৰ আশংকা কৰিছে সেয়া জানো।
ICCক সমৰ্থন কৰা দেশসমূহৰ ওপৰত চাপ
আমেৰিকাই বিচাৰে যে তেওঁলোকৰ সহায়ৰ ওপৰত নিৰ্ভৰশীল দেশসমূহে স্পষ্টভাৱে ঘোষণা কৰক যে আমেৰিকান সৈনিক বা বিষয়াসকলৰ বিৰুদ্ধে ইণ্টাৰনেশ্যনেল ক্ৰিমিনেল ক’ৰ্ট (ICC)ৰ কোনো সিদ্ধান্ত বা অধিকাৰ তেওঁলোকে স্বীকাৰ নকৰে। যিসকল দেশে এনে ঘোষণা কৰিবলৈ অস্বীকাৰ কৰিছে, তেওঁলোকক কঠোৰ সতৰ্কবাণী দিয়া হৈছে। ৱাশ্বিংটনে স্পষ্ট কৰি দিছে যে ICCক সমৰ্থন কৰা দেশসমূহে ভিছা বাতিল, ভ্ৰমণ নিষেধাজ্ঞা আৰু নতুন অৰ্থনৈতিক নিষেধাজ্ঞাৰ সন্মুখীন হ’ব পাৰে।
আমেৰিকাই হঠাতে ICCৰ বিৰুদ্ধে কিয় কঠোৰ হৈছে?
আমেৰিকা আৰু ICCৰ মাজৰ এই মতানৈক্য নতুন নহয়। ইয়াৰ আৰম্ভণি হৈছিল ড’নাল্ড ট্ৰাম্পৰ প্ৰথম কাৰ্যকাল (২০১৭–২০২১)ৰ সময়ত। সেই সময়ত ICCএ আফগানিস্তানত যুদ্ধ অপৰাধ আমেৰিকান সৈনিকসকলে সংঘটিত কৰা বুলি অভিযোগ উত্থাপন কৰি সেই যুদ্ধ অপৰাধৰ তদন্ত আৰম্ভ কৰিছিল। ইয়াৰ পিছতে ট্ৰাম্প প্ৰশাসনে আমেৰিকা আৰু ইজৰাইলৰ সামৰিক অভিযানৰ তদন্ত কৰিবলৈ চেষ্টা কৰা ICCৰ বহু বিষয়াৰ ওপৰত কঠোৰ নিষেধাজ্ঞা আৰোপ কৰিছিল।
বৰ্তমান মাৰ্কো ৰুবিঅ’কে ধৰি আমেৰিকাৰ বহু জ্যেষ্ঠ বিষয়াই পোনপটীয়াকৈ বিভিন্ন দেশৰ চৰকাৰৰ সৈতে যোগাযোগ কৰি তেওঁলোকক ICCৰ সদস্যপদ ত্যাগ কৰিবলৈ আৰু আদালতখনলৈ আগবঢ়োৱা বিত্তীয় সহায় বন্ধ কৰিবলৈ চাপ প্ৰয়োগ কৰিছে। আনকি ICCৰ সদস্য নহোৱা দেশসমূহকো নিজৰ কূটনৈতিক প্ৰভাৱ ব্যৱহাৰ কৰি আমেৰিকাৰ এই অভিযানক সমৰ্থন কৰিবলৈ আহ্বান জনাইছে।
এল ছালভাডৰ, ইৰান আৰু যুদ্ধ অপৰাধৰ বিতৰ্ক
এই কূটনৈতিক বিবাদত আন বহু জটিল বিষয়ো জড়িত হৈ আছে। এল ছালভাডৰত আমেৰিকাই কৰা নিৰ্বাসন বা সাগৰত সন্দেহভাজন মাদক দ্ৰব্য সৰবৰাহকাৰীৰ ওপৰত চলোৱা সামৰিক আক্ৰমণে কোনো আন্তঃৰাষ্ট্ৰীয় আইন উলংঘা কৰাৰ অভিযোগক স্পষ্টভাৱে অস্বীকাৰ কৰিছে মাৰ্কো ৰুবিঅ’ই। শেহতীয়াকৈ মানৱ অধিকাৰৰ বাবে কাম কৰা সংস্থা Democracy for the Arab World Now (DAWN)-এ ICC-ক অনুৰোধ জনাইছিল যে ইৰান সম্পৰ্কীয় বিষয়ত আমেৰিকাৰ কথিত যুদ্ধ অপৰাধৰ তদন্ত কৰা হওক। মাৰ্কো ৰুবিঅ’ই এই দাবীক সম্পূৰ্ণৰূপে নাকচ কৰে।
ICC কি আৰু আমেৰিকাই ইয়াক কিয় ভয় কৰে?
ইণ্টাৰনেশ্যনেল ক্ৰিমিনেল ক’ৰ্ট (ICC)-ৰ প্ৰতিষ্ঠা ২০০২ চনত হৈছিল। ইয়াৰ মুখ্য কাৰ্যালয় নেদাৰলেণ্ডছৰ দ্য হেগ চহৰত অৱস্থিত। এই আদালতৰ মুখ্য দায়িত্ব হৈছে বিশ্বজুৰি সংঘটিত গণহত্যা, মানৱতাৰ বিৰুদ্ধে অপৰাধ আৰু যুদ্ধ অপৰাধৰ তদন্ত আৰু বিচাৰ কৰা। বৰ্তমান ১২৪খন দেশ ICCৰ সদস্য। কিন্তু আমেৰিকা, চীন, ৰাছিয়া আৰু ভাৰত ইয়াৰ সদস্য নহয়। আমেৰিকাই নিজৰ সাৰ্বভৌমত্বক অত্যন্ত গুৰুত্ব দিয়ে। সেইবাবেই ২০০২ চনত American Service-Members’ Protection Act গৃহীত কৰিছিল। এই আইনক ৰসিকতাৰে “The Hague Invasion Act” বুলিও কোৱা হয়, কিয়নো ইয়াৰ অধীনত যদি ICCএ কোনো আমেৰিকান সৈনিকক আটক কৰে, তেন্তে তেওঁক মুক্ত কৰিবলৈ আমেৰিকাৰ ৰাষ্ট্ৰপতিক সামৰিক ব্যৱস্থা গ্ৰহণৰ ক্ষমতা প্ৰদান কৰা হৈছে। আমেৰিকাৰ যুক্তি হৈছে যে ৰাজনৈতিক উদ্দেশ্যপ্ৰণোদিত আন্তঃৰাষ্ট্ৰীয় গোচৰৰ পৰা নিজৰ সৈনিকসকলক সুৰক্ষা দিয়াটো ইয়াৰ অন্যতম প্ৰধান অগ্ৰাধিকাৰ।
এই প্ৰতিবেদন যুগুতাইছে মানসজ্য়োতিয়ে
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ















