হিন্দুধৰ্ম অনুসৰি মঙলবাৰ হৈছে হনুমানৰ দিন৷ তেওঁ হৈছে সংকটমোচন, ভক্তক সকলো বিপদৰ পৰা উদ্ধাৰ কৰে বজৰংবলী৷ হনুমানৰ আৰাধনা কৰিলে তেওঁ আমাৰ মনৰ পৰা সকলো দুঃখ যন্ত্ৰণাৰ অৱসান ঘটে৷ বজৰংবলী যদি প্ৰসন্ন হয় তেতিয়া তেওঁ নানান সংকেত প্ৰেৰণ কৰে৷ তেওঁৰ আশীৰ্বাদ যে আপোনাৰ ওপৰত আছে সেয়া কেনেতৈ নিশ্চিত হ’ব?
হাতৰ পতাত স্পষ্ট মঙ্গল ৰেখা
আমাৰ হাতৰ পতাত থকা বিভিন্ন চিহ্ন আৰু ৰেখা চায়েই কোষ্ঠীত বিভিন্ন গ্ৰহৰ অৱস্থান বোজা যায়৷ আমাৰ ভাগ্যত কি অপেক্ষা কৰিছে সেয়া হাতৰ ৰেখা দেখিয়েই বুজা সম্ভৱ৷ যদি হাতৰ পতাত মঙ্গল ৰেখা স্পষ্টভাৱে বুজা যায়৷ ফলত বজৰংবলীৰ আশীৰ্বাদ আপোনাৰ ওপৰত চিৰকাল থাকিব৷
হৃদযন্ত্ৰ সুস্থ সৱল
যদি আপোনাৰ হাৰ্ট ভালে থাকে তেন্তে বুজিব হনুমানৰ আশীৰ্বাদ আপোনাৰ ওপৰত আছে৷ যিয়ে বজৰংবলীৰ কৃপা পায় তেওঁলোকৰ হাৰ্ট সদায়ে ভালে থাকে৷ ইয়াৰোপৰি হনুমানৰ আশীৰ্বাদত চকুৰ দৃষ্টি ভাল হয়, আপোনাৰ শৰীৰৰ ৰক্ত সঞ্চালন ভাল হয়৷ কাৰণ বজৰংবলীৰ কৃপাত কোষ্ঠীত মঙল শক্তিশালী হয় তেন্তে ৰক্ত সঞ্চালন উন্নত হয়৷
সাহসী আৰু ন্যায়বাদী
আপুনি যদি সাহসী আৰু ন্যায়বাদী হয়, তেন্তে নিশ্চিতভাৱে বুজিব যে বজৰংবলীৰ আশীৰ্বাদ অৱশ্যেই আপোনাৰ ওপৰত আছে৷ স্বাভাৱিকভাৱে নিৰ্ভীক আৰু নম্ৰ, সকলোৰে সৈতে ভদ্ৰ ব্যৱহাৰ কৰে৷ তেওঁলোকৰ ওপৰত সকলো সময়ত বজৰংবলীৰ কৃপাদৃষ্টি থাকিব৷
শনির অশুভ প্রভাৱ নাথাকিব
যাৰ ওপৰত বজৰংবলীৰ আশীৰ্বাদ থাকিব, তেওঁলোকৰ ওপৰত শনিৰ অশুভ প্ৰভাৱ নপৰে৷ কাৰণ সকলো বিপদত আপোনাৰ সৈতে থাকে বজৰংবলী৷ তেওঁৰ আশীৰ্বাদ ধৰি ৰাখিবলৈ প্ৰতি মঙলবাৰে হনুমান চালিছা পাঠ কৰক৷
ভায়েক ভনীয়েকৰ সৈতে সু-সম্পৰ্ক
হনুমানৰ কৃপা যাৰ ওপৰত থাকে, ভায়েক-ভনীয়েকৰ সৈতে সকলো সময়তে সু-সম্পৰ্ক বজায় ৰাখে৷ সকলো সময়তে পৰিয়ালৰ লোকৰ সৈতে মধুৰ সম্পৰ্ক বজায় ৰাখক৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ