আধুনিক ডিজিটেল যুগত কামৰ মাজত সহজে মনসংযোগত ব্যাঘাত ঘটাটো প্ৰত্যেকৰে প্ৰধান সমস্যা হৈ পৰিছে৷ যাৰ বাবে আমাৰ বেছিভাগ সময়তেই মনসংযোগত বাঘ্যাত ঘটে৷ যাৰ বাবে আমি বহুতেই বহু সময়ত মুড ছুইং কিংবা শাৰীৰিক ক্লান্তিক দায়ী কৰি থাকো৷ কিন্তু জানেনে কেনেকৈ মেজাজ কিংবা শৰীৰ নহয়, আপোনাৰ মস্তিষ্কও ক্লান্ত হ’ব পাৰে৷ সেয়ে ঘনে ঘনে মনসংযোগত ব্যাঘাত ঘটে আৰু সহজ কামো শেষ কৰিবলৈ সময় লাগে৷ এই সকলো ইংগিতে ক’ব পাৰে যে আপোনাৰ মনত এনাৰ্জিৰ প্ৰয়োজন৷ কোন কোন লক্ষণে দেখা দিলে বুজিব যে আপুনি মানসিকভাৱে ক্লান্ত?
- কোনো কাম কৰাৰ সময়ত কি আপোনাৰ মনোযোগ বিভ্ৰান্ত হৈছে নেকি? ফোনৰ নটিফিকেছন, সৰু সৰু শব্দই চিন্তাৰ মনোযোগ নষ্ট কৰি দিয়ে৷ তেতিয়াই বুজিব যে আপোনাৰ মস্তিষ্ক ক্লান্ত হৈ পৰিছে৷ মনক বিশ্ৰামৰ দৰকাৰ৷
- ক্ৰমশ কামৰ প্ৰতি আগ্ৰহ বা উৎসাহ কমি গলে সতৰ্ক হওক৷ অৰ্থাৎ পূৰ্বে যিসমূহ কাম কৰিবলৈ ভাল লাগে সেয়াও বিৰক্তিকৰ বা ক্লান্তিকৰ যেন লাগিলে বুজিব যে আপোনাৰ মস্তিষ্কই ক্লান্ত হোৱাৰ ইংগিত দিছে৷
- পৰ্যাপ্ত টোপনিৰ পাছতো দিনজুৰি ক্লান্ত লাগে নেকি? টোপনি টোপনি ভাৱ আহে৷ ইয়াৰ আঁৰতো কিন্তু মস্তিষ্কৰ ক্লান্তি থাকিব পাৰে৷
- মস্তিষ্কই ঠিকমতে কাম নকৰিলে সৰু সৰু সিদ্ধান্ত লোৱাত সমস্যা হয়৷ কি খাব, কি পিন্ধিব, কাৰ সৈতে কথা পাতিব এইসমূহ সাধাৰণ সিদ্ধান্ত লোৱাত সমস্যা হ’ব পাৰে৷
- নিজক অকলশৰীয়া, আৱদ্ধ ধাৰণা হোৱাটোও মানসিক ক্লান্তিৰ লক্ষণ৷ এই ক্ষেত্ৰত কোনো বিষয়ত উৎসাহ, এনাৰ্জি পোৱা নাযায়৷
এই ধৰণৰ সমস্যাত ভূগিলে কিছুদিন কাম কৰাৰ বিৰত থাকি, প্ৰকৃতিৰ মাজলৈ যোৱা, মেডিটেছন, যোগ ব্যায়াম বা কাউন্সেলিঙে আপোনাৰ নতুন উদ্যম উভতাই আনিব পাৰে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















