হোলি পাৰ হোৱাৰ এদিন পাছতেই তৈয়াৰ হ’ব শক্তিশালী নৱপঞ্চম ৰাজযোগ৷ সূৰ্য আৰু বৃহস্পতিৰ মাজত ১২০ ডিগ্ৰি কোণ তৈয়াৰ হোৱাৰ ফলত এই বিশেষ যোগ গঠিত হব৷ ২০২৬ চনৰ ৫ মাৰ্চৰ নিশা ১০ বাজি ৪১ মিনিটৰ পৰা আৰম্ভ হোৱা এই জ্যোতিষীয় প্ৰভাৱৰ ফলত কৰ্মজীৱন, অৰ্থভাগ্য আৰু সন্মান বৃদ্ধিৰ ইংগিত আছে৷
বৈদিক জ্যোতিষমতে সূৰ্য আত্মবিশ্বাস, নেতৃত্ব আৰু চৰকাৰী সন্মানৰ প্ৰতীক৷ অন্যহাতে বৃহস্পতি জ্ঞান, সৌভাগ্য, সম্পদ, বিবাদ আৰু সন্তানৰ কাৰক গ্ৰহ৷ বৰ্তমান বৃহস্পতি মিথুন ৰাশিত আৰু সূৰ্য কুম্ভ ৰাশিত অৱস্থান কৰিছে৷ যাৰ ফলত এই শুভ যোগো তৈয়াৰ হৈছে৷ এই যোগত বিশেষ উপকাৰ পাব তিনি ৰাশিৰ জাতক জাতিকাই৷
মিথুন ৰাশি
এই সময়ত ভাগ্যৰ পূৰ্ণ সহায়তা পাব৷ কৰ্মক্ষেত্ৰত নতুন দায়িত্ব, পদোন্নতি বা উচ্চপদস্থসকলৰ প্ৰশংসা পোৱাৰ প্ৰৱল সম্ভাৱনা আছে৷ ব্যৱসায়ত নতুন শাখা খোলা বা বিনিয়োগত সাফল্য আহিব পাৰে৷ আৰ্থিক পৰিস্থিতি মজবুত হব৷ আয়ৰ নতুন পথ খুলিব৷ পাৰিবাৰিক সম্পৰ্কতো শান্তি আৰু সমন্বয় তৈয়াৰ হব৷
সিংহ ৰাশি
ব্যক্তিত্বত আকৰ্ষণ বাঢ়িব আৰু গুৰুত্বপূৰ্ণ যোগাযোগ তৈয়াৰ হব৷ দীৰ্ঘদিনৰ অপেক্ষাৰ পাছত চাকৰিৰ সুযোগ পাব বিদেশযাত্ৰাৰ সম্ভাৱনা আছে৷ ব্যৱসায়ত অংশীদাৰিত্ব লাভ কৰিব পাৰে৷ আয় বৃদ্ধি আৰু বিনিয়োগত মুনাফাৰ ইংগিত আছে৷ দাম্পত্য জীৱনত টনাআঁজোৰা কমিব৷ স্বাস্থ্যও ভালে থাকিব৷
মীন ৰাশি
নতুন আয়ৰ উৎস তৈয়াৰ হ’ব পাৰে৷ বিশেষকৈ পৈতৃক সম্পত্তি লাভৰ সম্ভাৱনা আছে৷ চাকৰিয়ালে পদোন্নতি বা দৰমহা বৃদ্ধি হব পাৰে৷ ব্যৱসায়ত বৃহৎ চুক্তি বা প্ৰজেক্ট হাতলৈ আহিব পাৰে৷ খৰচ নিয়ন্ত্ৰণত ৰখা জৰুৰী৷ নিয়মিত ৰুটিন মানি চলিলে স্বাস্থ্যও উন্নত হ’ব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















