অসম লাইভ ২৪ঃ ভোগালী বিহুৰ সময়ত ঘৰখনত তলা মাৰি ভুলতো যেন বাহিৰত থকাকৈ নাযায়৷ কিয়নো বিহুৰ সুৰুঙা লৈ এতিয়া যেন আপোনাৰ পদূলিয়ে পদূলিয়ে ঘূৰিছে চোৰৰ গেং৷ মঙলদৈ চহৰৰ আটাইতকৈ সুৰক্ষিত স্থান বুলি গণ্য কৰি অহা ২ নং ৱাৰ্ডত মেজিষ্ট্ৰেট কলনিৰ পৰা চোৰে লৈ গ’ল ৩২খনকৈ চিলিং ফেন৷ হাউছিং ব’ৰ্ডে ২০১৭ চনতে A আৰু B ব্লক দুটাৰ নিৰ্মাণ কাম সম্পূৰ্ণ কৰি তুলিছিল৷ বিদ্যুতৰ লগতে ফেনৰো সংযোগ কৰা হৈছিল৷ দৰিদ্ৰ লোকৰ বাবে নিৰ্মিত এই আৱাসসমূহত হাউছিং ব’ৰ্ডৰ হেমাহিৰ বাবে এই পৰ্যন্ত আৱণ্টনৰ ব্যৱস্থা কৰা হোৱা নাছিল৷ যাৰ বাবে কোনো নথকাৰ সুযোগ গ্ৰহণ কৰি চোৰে ৩২খনকৈ ফেন লুটি নিয়ে৷
মঙলদৈৰ পৰা গৌতম চহৰীয়াৰ ৰিপ’ৰ্ট
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ