অসম লাইভ ২৪ঃ খ্ৰীষ্টানবস্তিৰ মহিন্দ্ৰা ফাইনেন্স কাৰ্যালয়ত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়৷ দুটা কিস্তিৰ ধন নিদিয়াৰ বাবে গাড়ী টনাৰ নামত চালক আৰু গাড়ীৰ গৰাকীক মাৰ-পিট কৰাৰ অভিযোগ উত্থাপন হৈছে মহিন্দ্ৰা ফাইনেন্সৰ কৰ্মচাৰীৰ বিৰুদ্ধে৷ ইয়াকে লৈ অল গুৱাহাটী কেব ড্ৰাইভাৰ ইউনিয়নে প্ৰতিবাদ সাব্যস্ত কৰে খ্ৰীষ্টানবস্তিৰ মহিন্দ্ৰা ফাইনেন্সৰ কাৰ্যালয়ত৷ ইয়াতে খৰ্গহস্ত হৈ বিত্তীয় প্ৰতিষ্ঠানটোৰ একাংশ কৰ্মচাৰীয়ে চাটাৰ বন্ধ কৰি সন্থাৰ লোকসকলকো মাৰ-পিট কৰে৷ সংবাদ সংগ্ৰহৰ বাবে যোৱা এটা ব্যক্তিগত টিভি চেনেলৰ সাংবাদিক এজনকো শাৰিৰীকভাৱে অপদস্থ কৰাৰ অভিযোগ উঠিছে প্ৰতিষ্ঠানটোৰ এজন বিষয়াৰ বিৰুদ্ধে৷
গুৱাহাটীৰ পৰা দীপাংকৰ মেধিৰ ৰিপ’ৰ্ট
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ