অসম লাইভ ২৪ঃ ভাৰতত অধিক দ্ৰুত গতিত বৃদ্ধি পাইছে কোভিডৰ সংক্ৰমণ৷ বিগত ২৪ ঘণ্টাত দেশত আক্ৰান্ত হৈছে ১,৯৪,৭২০ গৰাকী লোক৷ ইয়াৰ বিপৰীতে এদিনতে মৃত্যু হৈছে ৪৪২ গৰাকী কোভিড ৰোগীৰ৷ আনহাতে, কোভিডৰ নতুন ভেৰিয়েণ্ট অমিক্ৰনতো আক্ৰান্ত হৈছে দেশবাসী৷ এইপৰ্যন্ত আমিক্ৰণ আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে ৪৮৬৮ লৈ৷ ইফালে বৰ্তমানলৈকে কোভিড-১৯ৰ কবলত প্ৰাণ হেৰুৱাইছে দেশৰ ৪লাখ ৮৪ হাজাৰ ৬৫৫ গৰাকী লোকে৷ টীকাকৰণ অভিযান দ্ৰুততৰ কৰা স্বত্বেও দৈনিক কোভিডত আক্ৰান্ত হৈছে হাজাৰ হাজাৰ লোক৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ