অসম লাইভ ২৪ঃ সৰুৱেই হওক বা বৰেই হওক নিৰ্বাচনৰ সময়ত দল ত্যাগ কৰাটো ৰাজনৈতিক নেতাসকলৰ এক পুৰণি অভ্যাস৷ আহি আছে ঠেঙাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন৷ এই নিৰ্বাচনৰ পূৰ্বে নাহৰকটীয়াত ব্যপক খহনীয়াৰ সন্মুখীন হৈছে লুৰিণজ্যোতি গগৈৰ নেতৃত্বাধীন অসম জাতীয় পৰিষদ৷ মঙলবাৰে অসম জাতীয় পৰিষদৰ ৬ গৰাকীকৈ শীৰ্ষ নেতাই ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰে৷ নাহৰকটীয়াৰ লোক নিৰ্মাণ বিভাগৰ পৰিদৰ্শন বাংলাত অনুষ্ঠিত যোগদান কাৰ্যসূচীত জাতীয় পৰিষদৰ ডিব্ৰুগড় জিলাৰ উপ-সভাপতি তথা নাহৰকটীয়া সমষ্টি সমিতিৰ সম্পাদক বিদ্যুৎ বিকাশ গগৈ, দীঘলীয়া পঞ্চায়তৰ সম্পাদক পাপু দত্ত, উপ-সভাপতি যাদৱ দত্ত, ডিব্ৰুগড় জিলা কৃষক শক্তি সাংগঠনিক সম্পাদক প্ৰবীণ চাওদাং ধাদুমীয়া, পঞ্চায়ত সভাপতি দিলীপ দাস আৰু বৰবাম পঞ্চায়তৰ সভাপতি তথা আজপৰ ঠেঙাল কছাৰী স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনী সমিতিৰ সভাপতি তুখেশ্বৰ গগৈয়ে আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰে৷ নাহৰকটীয়াৰ বিধায়ক তৰংগ গগৈয়ে ফুলাম গামোচা, দলীয় পতাকা আৰু টুপীৰে ৬ গৰাকীকে উষ্ম আদৰণি জনায়৷ এওঁলোকৰ যোগদানে ঠেঙাল কছাৰী নিৰ্বাচনত বিজেপিয়ে ৱাক অ’ভাৰ কোৱা বুলি মন্তব্য কৰে বিধায়ক গগৈয়ে৷ সংবাদ মাধ্যমেৰে হোৱা বাৰ্তালাপত বিধায়ক গগৈয়ে জানিবলৈ দিয়ে যে আৰু বহু কেইগৰাকী অসম জাতীয় পৰিষদৰ নেতা-কৰ্মীয়ে গেৰুৱা বসন পৰিধান কৰিবলৈ তেওঁৰে যোগাযোগ অক্ষুণ্ণ ৰাখিছে৷ ঠেঙাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচনৰ পূৰ্বে অসম জাতীয় পৰিষদত হোৱা এই খহনীয়া ৰোধিবলৈ লুৰিণজ্যোতি- জগদীশ ভূঞাই কি ৰণনীতি গ্ৰহণ কৰে সেয়া সময়েহে নিৰূপণ কৰিব৷
নাহৰকটীয়াৰ পৰা বিদ্যুৎ মহন্তৰ ৰিপ’ৰ্ট
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ