অসম লাইভ ২৪ঃ নিৰ্বাচনৰ প্ৰাকক্ষণত জ্যেষ্ঠ মন্ত্ৰীসহ ৫ জনকৈ বিধায়কে দল ত্যাগ কৰি সমাজবাদী পাৰ্টীত যোগদান কৰে৷ উত্তৰ প্ৰদেশৰ যোগী আদিত্যনাথৰ মন্ত্ৰীসভাৰ জ্যেষ্ঠ মন্ত্ৰী স্বামী প্ৰসাদ মৌৰ্যৰ লগতে আন ৪ গৰাকী বিধায়কে বিজেপি ত্যাগ কৰে৷ গেৰুৱা দল ত্যাগ কৰা এই ৪ বিধায়ক হ’ল— ৰৌচন লাল বাৰ্মা, ব্ৰিজেশ প্ৰজাপতি, ভাগৱতী সাগৰ আৰু বিনয় শাক্য৷ নিৰ্বাচনলৈ মাত্ৰ কেইদিনমান থকাৰ পূৰ্বে এই প্ৰভাৱশালী নেতাসকলৰ পদত্যাগে ভাৰতীয় জনতা পাৰ্টীলৈ এক প্ৰকাৰৰ অশনি সংকেত কঢ়িয়াই অনা বুলি ভবাৰ থল আছে৷ শ্ৰমমন্ত্ৰীৰ দৰে গুৰুত্বপূৰ্ণ পদত থকা জ্যেষ্ঠ মন্ত্ৰী স্বামী প্ৰসাদ মৌৰ্যৰ পদত্যাগ আৰু নতুন দলৰ যোগদানক লৈ দেশজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাও দেখা গৈছে সামাজিক মাধ্যমত৷
একাংশ বিজেপি বিৰোধী শক্তি মৌৰ্য আৰু ৪ বিধায়কৰ পদত্যাগক লৈ বিশেষভাৱে উৎসাহিত হোৱাও পৰিলক্ষিত হৈছে৷ ৰাতিটোৰ ভিতৰতেই এক কথাত ‘নায়ক’ৰ শাৰীলৈয়ো উত্তীৰ্ণ কৰোৱা হৈছে বিজেপিৰ বিদ্ৰোহী গোটটোক৷ পিছে এইসকলৰ উৎসাহত চেঁচা পানী ঢালিলে স্বামী প্ৰসাদ মৌৰ্যৰ নিজা সমষ্টিৰ বিজেপি কৰ্মী আৰু নেতাসকলে৷ যি সময়ত স্বামী প্ৰসাদ মৌৰ্যই চাৰি বিধায়কসহ অখিলেশ যাদৱৰ দলত যোগ দিলে সেইসময়তেই মৌৰ্যৰ গৃহজিলা কুশীনগৰৰ গেৰুৱা দলৰ কাৰ্যালয়ত মিঠাই বিতৰণ কৰি আনন্দত মত্ত হোৱা দেখা গ’ল৷ জিলা বিজেপিৰ স্পষ্ট কথা মৌৰ্যৰ দৰে বিশ্বাসঘাতক লোক ভাৰতীয় জনতাপাৰ্টীৰ দৰে দলৰ যোগ্য লোক নহয়৷ সেয়ে হেজাৰজন স্বামী প্ৰসাদ মৌৰ্যই বিজেপি এৰিলে দলটোৰ কোনো ক্ষতি নহয়৷
উল্লেখ্য যে পাঁচবাৰৰ বিধায়ক স্বামী প্ৰসাদ মৌৰ্যই ২০১৬ চনত মায়াৱতী নেতৃত্বাধীন বিএছপি ত্যাগ কৰি গেৰুৱা বসন পিন্ধিছিল৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ