অসম লাইভ২৪ঃ আমাৰ দেশৰ অন্যতম প্ৰধান উৎসৱ হৈছে দৌল উৎসৱ বা হোলী। শীতৰ শেষত আৰু গ্ৰীষ্মকাল আৰম্ভ হোৱাৰ ঠিক আগতেই বসন্তকালত পালিত হয় দৌল উৎসৱ। ফাগুণ মাহৰ শুক্লপক্ষৰ পূৰ্ণিমা তিথিত পালিত হয় দৌল উৎসৱ। এই দিনটোত দৌল উৎসৱ পালিত হয় বাবে ফাগুনী পূৰ্ণিমা তিথি বা দৌল পূৰ্ণিমা নামেৰেও পৰিচিত। হিন্দু ধৰ্ম অনুসৰি দৌল বা হোলী কেৱল ৰঙৰ উৎসৱ নহয়। এই দিনটোত অশুভ শক্তিক বিনাশ কৰি শুভ শক্তিৰ বিজয় উদযাপন কৰা হয়। হোলী যেনেকৈ ধৰ্মীয় উৎসৱ তেনেকৈ এই উৎসৱ সাংস্কৃতিক আৰু সামাজিক উৎসৱো। সমগ্ৰ দেশজুৰি হোলী উৎসৱ পালন কৰা হয়। এই উৎসৱ ভাতৃত্ব আৰু প্ৰেমৰো উৎসৱ। এই বৰ্ষত কেতিয়া পালিত হ’ব দৌল উৎসৱ?
এই বৰ্ষত ফাগুনী পূৰ্ণিমা পৰিছে আগন্তুক ২৪ মাৰ্চৰ পুৱা ৯ বাজি ৫৮ মিনিটৰ পৰা। পূৰ্ণিমা থাকিব ২৫ মাৰ্চৰ দুপৰীয়া ১২ বাজি ২৯ মিনিট পৰ্যন্ত। উদয়া তিথি অনুসৰি দৌল পালিত হ’ব ২৫মাৰ্চত। ২৪মাৰ্চত হোলিকা দহন কৰি ২৫মাৰ্চত হোলীৰ আনন্দ উদযাপন কৰিব দেশবাসীয়ে। এই বছৰ একে দিনাই দৌল আৰু হোলী পালন কৰা হ’ব।
দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ
দৌল পুৰ্ণিমাৰ দিনাই এইবাৰ বছৰৰ প্রথমটো চন্দ্ৰগ্ৰহণ। আগন্তুক ২৫ মাৰ্চত কন্যা ৰাশিৰ গ্ৰহণ হ’ব চন্দ্ৰৰ। গ্ৰহণ আৰম্ভ হ’ব পুৱা ১০ বাজি ২৩ মিনিটত আৰু গ্ৰহণ শেষ হ’ব বিয়লি ৩ বাজি ২ মিনিটত। চন্দ্ৰ গ্ৰহণ চলিব ৪ঘণ্টা ৩৬মিনিট ধৰি। আমাৰ দেশত অৱশ্যে এই গ্ৰহণ দৃশ্যমান নহয়। সেয়ে গ্ৰহণৰ কোনো সূতক কাল ইয়াত কাৰ্যকৰী নহয়।
হোলিকা দহন
২৪ মাৰ্চৰ নিশা হ’ব হোলিকা দহন। পঞ্জিকা অনুসৰি এই বছৰ হোলিকা দহনৰ শুভ সময় গভীৰ নিশা। ২৪ মাৰ্চৰ নিশা ১১ বাজি ১৩ মিনিট হোলিকা দহন কৰাৰ শুভ সময়। শুভ সময় চলিব নিশা ১২ বাজি ২৭ মিনিট পৰ্যন্ত। হোলিকা দলন কৰাৰ বাবে সময় লাভ কৰিব ১ ঘণ্টা ১৪ মিনিট।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ