যোৱা ১১ মাৰ্চত বিবেক অগ্নিহোত্ৰীৰ বিতৰ্কিত ছবি দ্য কাশ্মীৰ ফাইলছ-এ মুক্তি পোৱাৰ পিছতে ছবিখনে কাংক্ষিত চৰ্চা লাভ কৰা দেখা গৈছে৷
মংগলবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিজেপিৰ সংসদীয় বৈঠকত দ্য কাশ্মীৰ ফাইলছক অতি ভাল ছবি আৰু সকলোৱে এই ছবিখন চোৱা উচিত বুলিও মন্তব্য কৰিছে৷ প্ৰধানমন্ত্ৰী মোদীয়ে লগতে এনে আৰু ভাল ছবি নিৰ্মাণ হোৱা উচিত বুলি মন্তব্য কৰিছে৷
স্মৰ্তব্য যে যোৱা ১২ ফেব্ৰুৱাৰিত বিতৰ্কিত ছবিখনৰ প্ৰযোজক অভিষেক, পৰিচালক বিবেক অগ্নিহোত্ৰী, তেওঁৰ পত্নী আৰু অভিনেত্ৰী পল্লৱী যোশীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰিছিল৷
লগতে পঢ়ক পুনৰ নগাঁৱত উপস্থিত IPS আনন্দ মিশ্ৰ! কাষত পাই পূৰ্বৰ সতীৰ্থসকলৰ পাৰ ভঙা আনন্দ
প্ৰধানমন্ত্ৰীয়ে তেওঁলোকক ছবিখন নিৰ্মাণ কৰাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে৷ আৰু ইয়াৰ তিনি দিনৰ পিছতে বিজেপিৰ সংসদীয় বৈঠকত প্ৰধানমন্ত্ৰী মোদীয়ে বিতৰ্কিত ছবিখন অতি ভাল ছবি বুলি অভিহিত কৰিছে৷
ইফালে প্ৰধানমন্ত্ৰী মোদীয়ে সত্যক ঢাকোন দিয়াসকলেহে ছবিখন বিৰোধিতা কৰিছে বুলিও কটাক্ষ কৰিছে৷
উল্লেখ্য যে ছবিখন কেৱল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰশংসা কৰা নাই৷ দেশৰ সকলোবোৰ হিন্দুত্ববাদী সংগঠনৰ পৰা আৰম্ভ কৰি বিজেপি শাসিত ৰাজ্যৰসমূহৰ চৰকাৰ আৰু মুখ্যমন্ত্ৰীসকলেও এই ছবিখনক প্ৰশংসা কৰা দেখা গৈছে৷
লগতে পঢ়ক হিজাব বিতৰ্ক : কৰ্ণাটক উচ্চ ন্যায়ালয়ত মুখথেকেচা হিজাব সমৰ্থনকাৰী শিক্ষাৰ্থী
অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই নিজৰ কেবিনেট সতীৰ্থ আৰু বিজেপি বিধায়কসকলক লৈ মংগলবাৰে সন্ধিয়া ছবিখন দৰ্শন কৰাৰ কথা সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছিল৷ বহু বিজেপি শাসিত চৰকাৰে ছবিখনৰ বিনোদন কৰ ৰেহাই দিয়াৰ কথাও ঘোষণা কৰিছে৷ ত্ৰিপুৰাই ছবিখনৰ ৰাজ্য চৰকাৰ সকলো কৰ ৰেহাই দিয়া বুলিও ঘোষণা কৰিছে৷
মধ্যপ্ৰদেশৰ শিৱৰাজ সিং চৌহানৰ চৰকাৰে দেওবাৰৰ দৰ্শনীৰ সকলো কৰ ৰেহাই দিয়াই নহয় ৰাজ্যৰ সকলো আৰক্ষীকে ছবিখন চাবলৈ ছুটি মঞ্জুৰ কৰি যিমান দূৰ সম্ভৱ সকলো লোকে ছবিখন চোৱা উচিত বুলি প্ৰকাশ কৰিছে৷
ইফালে গোৱাৰ মুখ্যমন্ত্ৰী প্ৰমোদ ছাৱন্তে ৰাজ্যৰখনৰ যিমান পাৰি সিমান লোকক ছবিখন প্ৰদৰ্শন কৰোৱা হ’ব বুলি উল্লেখ কৰিছে৷
লগতে পঢ়ক যুদ্ধৰ বীভৎসতা! যুদ্ধ বিধ্বস্ত ইউক্ৰেইনত গৰ্ভৱতী মহিলাসহ গৰ্ভস্থ সন্তানৰ মৃত্যু
উল্লেখ্য যে ছবিখন নব্বৈৰ পাক সমৰ্থিত সন্ত্ৰাসবাদীয়ে কাশ্মীৰৰ হিন্দু পণ্ডিতক হত্যা কৰাৰ কাহিনীক লৈ নিৰ্মাণ কৰা হৈছে৷ দেশত ধৰ্মীয় অহিষ্ণুতা, সাম্প্ৰদায়িক বিদ্বেষ আৰু বিষবাষ্প বিয়পোৱাই নহয় এটা ধৰ্মীয় গোষ্ঠীক লক্ষ্য কৰি ছবিখন উদ্দেশ্যপ্ৰণোদিতভাৱে নিৰ্মাণ কৰা হৈছে বুলি অভিযোগ উঠিছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ