অহা ১৬ মাৰ্চৰ পৰা দেশৰ ১২-১৪ বছৰীয়া কিশোৰ-কিশোৰীসকলৰ কোভিড টিকাকৰণ আৰম্ভ হ’ব৷ হায়দৰাবাদস্থিত বায়’ল’জিকেল ই’ভেন্স ক’ৰ্বেভাক্স-এ নিৰ্মাণ কৰা কোভিড ভেকচিনেৰে দেশৰ ১২ ৰপৰা ১৪ বছৰৰ কিশোৰ-কিশোৰীসকলক প্ৰদান কৰাৰ টিকাকৰণ কাৰ্যসূচী আৰম্ভ কৰা হ’ব৷
ইতিমধ্যে কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল মন্ত্ৰালয়ে এক বিজ্ঞপ্তি প্ৰকাশ কৰি কৈছিল যে বৈজ্ঞানিক সংস্থাসমূহৰ সৈতে আলোচনা কৰি ২০০৮, ২০০৯ আৰু ২০১০ বৰ্ষত জন্ম লাভ কৰা সকলো কিশোৰ-কিশোৰীকে কোভিড টিকাকৰণ প্ৰদানৰ কাৰ্যসূচী গ্ৰহণ কৰা হৈছে৷
ইফালে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী মানসুখ মাণ্ডব্যই দেশৰ শিশুসকলৰ সুৰক্ষাই দেশৰ সুৰক্ষা বুলি উল্লেখ কৰি কয় যে ১২-১৩ আৰু ১৩-১৪ বছৰীয়া কিশোৰ-কিশোৰীসকলক ১৬ মাৰ্চৰ ভেকচিন প্ৰদান কৰা হ’ব৷
লগতে পঢ়ক ‘অতি ভাল ছবি…’, ‘দ্য কাশ্মীৰ ফাইলছ’ চাবলৈ সকলোকে আহ্বান প্ৰধানমন্ত্ৰী মোদীৰ
কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে লগতে কয় যে দেশৰ প্ৰাপ্তবয়স্কসকলক সম্পূৰ্ণৰূপে কোভিড ভেকচিন প্ৰদান কৰা হৈছে৷ আনহাতে ১৫ৰ পৰা ১৮ বছৰীয়া কিশোৰ-কিশোৰীসকলকো ভেকচিন প্ৰদান কৰা হৈছে বুলি প্ৰকাশ কৰিছে মন্ত্ৰী মাণ্ডব্য-এ৷
সংবাদ সংস্থা পিটিআইৰ মতে দেশর ৭.১১ কোটি কিশোৰ-কিশোৰীক এই কাৰ্যসূচীৰ দ্বাৰা ভেকচিন প্ৰদান কৰা হ’ব৷
কেনেকৈ পঞ্জীয়ন কৰিব?
লগতে পঢ়ক ২৬ মাৰ্চৰ পৰা IPL : প্ৰৱৰ্তন কৰা হৈছে কে’বাটাও নতুন নিয়ম, সেই নিয়মসমূহ কি কি?
১. প্ৰথমে Co-WIN পৰ্টেলত গৈ www.cowin.gov.in খুলিব৷
২. তাৰ পিছত “Register/Sign In” ক্লীক কৰিব৷
৩. মোবাইললৈ এটা OTP আহিব আৰু OTP দি লগ ইন কৰিব৷
৪. যদি মোবাইল নম্বৰটোত আগতে কোভিড ভেকচিন গ্ৰহণৰ বাবে ব্যৱহাৰ কৰা হৈছিল, তেনে পৰ্টেলৰ সোঁফালে ওপৰত থকা এড মেম্বাৰ বুটামত ক্লীক কৰিব৷ যদি নতুন নম্বৰ হয় তেনে চিধাই এড মেম্বাৰ বুটামত টিপিব৷
৫. তাৰ পিছত পৰিচয় পত্ৰ আপলোড কৰিবলৈ আহিব৷ যদি তেওঁলোকৰ আধাৰ কাৰ্ড পানকাৰ্ড নাথাকে তেনে বিদ্যালয়ৰ পৰিচয় পত্ৰখন আপলোড কৰি পঞ্জীয়ন কৰিব পাৰিব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ