ৰাছিয়াৰ ইউক্ৰেইন আক্ৰমণ অব্যাহত আছে৷ যিমান সহজে ৰাছিয়াই ৰাজধানী কীয়েভ দখল কৰাৰ কথা ভাবিছিল সেয়া সিমান সহজ হৈ থকা নাই৷ ইউক্ৰেইনৰ কেবাখনো চহৰক ধ্বংসস্তূপত পৰিণত কৰিলেও ৰাছিয়াই ইউক্ৰেইনৰ সেনাৰ পৰা প্ৰৱল প্ৰতিৰোধ আৰু প্ৰত্যাক্ৰণৰ সন্মুখীন হৈছে৷
ইয়াৰ মাজতে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভ’ল’দিমিৰ জেলেনস্কিয়ে ৰুছ সেনাক আত্মসৰ্পণৰ বাবে আহ্বান জনাইছে৷ ৰাষ্ট্ৰপতি জেলেনস্কিৰ মতে ভয়ংকৰ পৰাজয়ৰ সন্মুখীন হোৱাতকৈ ৰাছিয়ান সেনাই আত্মসমৰ্পণ কৰি নিজৰ প্ৰাণ ৰক্ষা কৰা উচিত৷
লগতে পঢ়ক ২৬ মাৰ্চৰ পৰা IPL : প্ৰৱৰ্তন কৰা হৈছে কে’বাটাও নতুন নিয়ম, সেই নিয়মসমূহ কি কি?
যোৱা নিশা টিভিত দেশবাসীৰ লগতে বিশ্ববাসীক সম্বোধন কৰি জেলেনস্কিয়ে কয় যে ৰাছিয়াই এই যুদ্ধৰ পৰা একো লাভ কৰিবলৈ নাই৷
‘‘মই জানো, তোমালোকে জীয়াই থাকিবলৈ বিচৰা৷ তোমালোকে আত্মসমৰ্পণ কৰিলে মানৱীয় শুশ্ৰূষা লাভ কৰিবা৷’’ ৰুছ সেনাক উদ্দেশ্যি জেলেনস্কিয়ে কয়৷
ইফালে ৰাছিয়াৰ আক্ৰমণ অব্যাহত থকাৰ মাজতে ইউক্ৰেইনৰ এক কূটনৈতিক সফলতা লাভ কৰা দেখা গৈছে৷ মংগলবাৰে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভ’ল’দিমিৰ জেলেনস্কিক সাক্ষাৎ কৰিবলৈ পোলেণ্ড, চেক ৰিপাব্লিক আৰু শ্লোভিয়াৰ প্ৰধানমন্ত্ৰীয়ে কীয়েভ ভ্ৰমণ কৰিছে৷
লগতে পঢ়ক পুনৰ নগাঁৱত উপস্থিত IPS আনন্দ মিশ্ৰ! কাষত পাই পূৰ্বৰ সতীৰ্থসকলৰ পাৰ ভঙা আনন্দ
পোলেণ্ড চৰকাৰে এক বিবৃতিত কৈছে যে এই ভ্ৰমণৰ উদ্দেশ্য হৈছে ‘‘ইউক্ৰেইনৰ সাৰ্বভৌমত্ব আৰু স্বাধীনতাৰ বাবে সমগ্ৰ ইউৰোপীয় ইউনিয়নৰ দ্ব্যর্থহীন সমৰ্থন নিশ্চিত কৰা আৰু ইউক্ৰেইনৰ বাবে এক বিস্তৃত পেকেজৰ ব্যৱস্থা কৰা৷’’
অৱশ্যে, অৱৰুদ্ধ ৰাজধানীৰ কৰ্তৃপক্ষই মঙলবাৰে স্থানীয় সময় অনুসৰি ২০:০০ বজাত ৩৫ ঘণ্টাৰ বাবে সান্ধ্য আইন জাৰি কৰাৰ কথা ঘোষণা কৰিছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ