হঠাতে চৰকাৰৰ সিদ্ধান্ত, ১ এপ্ৰিলৰ পৰা চাকৰি হেৰুৱাব ৯৫ হাজাৰ শিক্ষকে
শিক্ষক সন্দৰ্ভত হঠাতে লোৱা এক সিদ্ধান্তৰ বাবে এতিয়া ভৱিষ্যত অন্ধকাৰ দেখিছে হাজাৰ হাজাৰ শিক্ষকে। কালি ১ এপ্ৰিলৰ পৰা চাকৰি নোহোৱা হ’ব প্ৰায় লাখৰ ঘৰত শিক্ষকৰ। মূৰে কপালে হাত দিছে এতিয়া এই সকল শিক্ষকে। কি কৰিব ভৱিষ্যতে।
এই শিক্ষক সন্দৰ্ভত হঠকাৰী সিদ্ধান্ত গ্ৰহণ কৰিছে বিহাৰ চৰকাৰে৷ ১ এপ্ৰিল কালিৰে পৰা ৰাজ্যখনত নাথাকিব কোনো অতিথি শিক্ষক৷ বিগত ৬ বছৰে বিহাৰৰ উচ্চ মাধ্যমিক চৰকাৰী বিদ্যালয়ত নৱম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ পাঠদান আগবঢ়াই আহিছিল এইসমূহ শিক্ষকে৷
অতিথি শিক্ষক হিচাপে ঠিকাভিত্তিত নিযুক্তি দিয়া এইসমূহ শিক্ষকক পদৰ পৰা আঁতৰাবলৈ নিৰ্দেশনা জাৰি কৰে মাধ্যমিক শিক্ষা বিভাগৰ নিৰ্দেশক কানহায়া প্ৰসাদ শ্ৰীবাস্তৱে৷ যাৰ ফলত এতিয়া হঠাতে নিবনুৱা হৈ পৰিব ৯৫ হাজাৰ লোক।
১ এপ্ৰিলৰ পৰা ৰাজ্যখনত নোহোৱা হ’ব অতিথি শিক্ষক৷ ইয়াৰ উপৰি ৩ এপ্ৰিলৰ ভিতৰত শিক্ষা বিভাগে জিলা পৰ্যায়ত এজনো অতিথি শিক্ষক নথকাৰ প্ৰমাণপত্ৰ দাখিল কৰিব লাগিব মাধ্যমিক শিক্ষা বিভাগক৷
উল্লেখ্য যে, ৰাজ্যখনৰ শিক্ষা বিভাগত খালী হৈ থকা শিক্ষকৰ পদসমূহ পূৰণ কৰিবলৈ ২০১৮ চনত প্ৰায় ৯৫ হাজাৰ শিক্ষকক নিযুক্তি দিয়া হৈছিল৷ ইয়াৰ ভিতৰত নৱম আৰু দশম শ্ৰেণীৰ বাবে প্ৰায় ৩৮ হাজাৰ আৰু একাদশ-দ্বাদশ শ্ৰেণীৰ বাবে নিযুক্তি দিয়া হৈছিল প্ৰায় ৫৭ হাজাৰ শিক্ষক৷
বিহাৰ চৰকাৰৰ এই হঠকাৰী সিদ্ধান্তৰ পাছতে এতিয়া শলঠেকত পৰিছে ৰাজ্যখনৰ এইসমূহ শিক্ষক৷ লোকসভা নিৰ্বাচনৰ পূৰ্বে বিহাৰ চৰকাৰৰ এই সিদ্ধান্তই চৰকাৰক ক্ষতি কৰাৰো সম্ভাৱনা ব্যক্ত কৰিছে বহু লোকে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ