ঝাৰখণ্ডৰ ৰাজধানী ৰাঁচীত দেওবাৰে স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত ঘৰৰ চাদত ত্ৰিৰংগা উত্তোলন কৰি থকা অৱস্থাত এটা পৰিয়ালৰ তিনিজন সদস্যৰ মৃত্যু হয়। জিলা সদৰৰ পৰা প্ৰায় ২২ কিলোমিটাৰ দূৰত্বত থকা কাংকে থানা এলেকাৰ অন্তৰ্গত আৰ্ছান্দে গাঁৱত সন্ধিয়া সংঘটিত হয় এই দুৰ্ঘটনা। তিনিওজনৰ মৰ্মান্তিক মৃত্যুক লৈ শোক প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী হেমন্ত চোৰেণে।
ৰাঁচীৰ আৰক্ষী অধীক্ষক নৌশাদ আলমে জনোৱা মতে, দেওবাৰে সন্ধিয়া কাংকে থানা এলেকাৰ আৰ্ছান্দে গাঁৱত সংঘটিত হোৱা দুৰ্ঘটনাত একেটা পৰিয়ালৰ তিনিজন লোকৰ মৃত্যু হয়৷ মৃত লোককেইজন হৈছে দুগৰাকী ভগ্নী আৰু এজন ভাতৃ। তেওঁ কয় যে চাদত ত্ৰিৰংগাটো স্থাপন কৰাৰ পিছতে পতাকাখন হাউলিত পৰাত পুনৰ ঠিক কৰি থাকোঁতে ভাতৃ বিনীত ঝাই চাদৰ ওপৰেৰে পাৰ হৈ যোৱা ১১ হাজাৰ ভল্টৰ উচ্চ প্ৰাৱল্যৰ বিদ্যুতৰ তাঁৰত স্পৃষ্ট হয়৷
ভাতৃক বচাবলৈ চেষ্টা কৰি তেওঁৰ দুই ভগ্নী ক্ৰমে পূজা আৰু আৰতিও বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু হয়।
লগতে পঢ়ক অত্যুৎসাহী দেশভক্ত! ২ লাখ টকা ব্যয়েৰে বাহনত ত্ৰিৰংগা অংকন কৰিলে কোনে?
আৰক্ষী বিষয়া নৌশাদ আলমে কয় যে ‘‘তেওঁলোকে পতাকা উত্তোলন কৰিবলৈ লোহাৰ ৰড ব্যৱহাৰ কৰা কৰিছিল। যিহেতু জিলাখনত প্ৰচণ্ড বতাহৰ সৈতে বৰষুণ দি আছিল, সেয়েহে ধাতুৰ ৰডডাল হাউলি গৈ কেনেবাকৈ উচ্চ ক্ষমতাসম্পন্ন বিদ্যুতৰ তাঁৰৰ সংস্পৰ্শলৈ আহিছিল আৰু তিনিওজনৰ ঠাইতে মৃত্যু হৈছিল।’’
ঘটনা সন্দৰ্ভত খবৰ লাভ কৰাৰ পিছতে আৰক্ষীয়ে সেই স্থানত উপস্থিত হৈ অঞ্চলটোৰ বিদ্যুৎ যোগান বন্ধ কৰি তিনিওজনকে চিকিৎসালয়লৈ লৈ যায়৷ কিন্তু য’ত চিকিৎসকে তেওঁলোকক মৃত বুলি ঘোষণা কৰে।
ইফালে, মুখ্যমন্ত্রী হেমন্ত চোৰেণে টুইট কৰি এই ঘটনাক লৈ গভীৰ শোক প্রকাশ কৰে৷ তেওঁ টুইট কৰি কয়, ‘‘ৰাঁচীৰ কাংকেত ঘৰৰ চাদত ত্ৰিৰংগা পতাকা স্থাপন কৰাৰ সময়ত বিদ্যুৎস্পৃষ্ট হৈ একেটা পৰিয়ালৰ তিনিজন সদস্যৰ মৃত্যুৰ বৰ দুখৰ খবৰ লাভ কৰিলো। ভগৱানে বিদেহী আত্মাক শান্তি প্ৰদান কৰক আৰু শোকসন্তপ্ত পৰিয়ালক শোক সহন কৰিবলৈ শক্তি প্ৰদান কৰক।’’
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ