কাইলৈ ১৩ মাৰ্চ ২০২৫ বৃহস্পতিবাৰে চন্দ্ৰই সিংহ ৰাশিত অৱস্থান কৰিব৷ বৈদিক পঞ্জিকা অনুসৰি কাইলৈ ফাগুনৰ শুক্লা চতুৰ্দশী তিথি৷ কাইলৈ পুৱা ৫ বাজি ৪৭ মিনিট পৰ্যন্ত শুক্লা চতুৰ্দশী তিথি থাকিব, তাৰপাছতেই আৰম্ভ হ’ব ফাগুনৰ পূৰ্ণিমা তিথি৷ জ্যোতিষ গণনা অনুসৰি কাইলৈ ধৃতি যোগ আৰু শূল যোগৰ প্ৰভাৱ থাকিব৷ হিন্দুধৰ্মত বৃহস্পতিবাৰ হৈছে নাৰায়ণৰ প্ৰিয় দিন৷ জ্যোতিষ গণনা অনুসৰি কাইলৈ কোন কোন ৰাশিৰ জাতকৰ জীৱনত প্ৰচুৰ সুখ সাফল্য আহিব? জানি থওক কাইলৈৰ ভাগ্যবান ৰাশিৰ তালিকাত কোন কোন আছে?
মিথুন ৰাশি
কাইলৈ হোলিকা দহনত ধৃতি যোগৰ প্ৰভাৱত জীৱনত চকুত লগা উন্নতি কৰিব মিথুন ৰাশিৰ জাতকে৷ বিষ্ণুৰ আশীৰ্বাদত বেছ কিছু আৰ্থিক লাভ কৰিব পাৰে আপুনি৷ শিক্ষাক্ষেত্ৰত কোনো সমস্যা চলিলে তাৰপৰাও কাইলৈ মুক্তি পাব পাৰে মেষ ৰাশিৰ জাতকে৷ নিজৰ লক্ষ্যৰ দিশত কাইলৈ আৰু এঢাপ আগুৱাই যাব পাৰিব আপুনি৷
কন্যা ৰাশি
কাইলৈ থাকিব ধৃতি যোগ আৰু শূল যোগ৷ এই যোগৰ শুভ প্ৰভাৱ লাভ কৰিব কন্যা ৰাশিৰ জাতকে৷ কাইলৈ বৃহস্পতিবাৰে আপোনাৰ পৰিয়ালত বিশেষ কোনো সুখৰ খবৰ আহিব পাৰে৷ শহুৰৰ ঘৰৰ পৰা সন্মান আৰু প্ৰতিপত্তি লাভ কৰিব৷ ব্যৱসায়ত পাবলগীয়া টকা উভতাই পাব৷ জনসেৱামূলক কামত সক্ৰিয়ভাৱে যুক্ত হব৷ কোনো বিশেষ সূত্ৰৰ পৰা অৰ্থ লাভ কৰিব পাৰে৷
তুলা ৰাশি
১৩ মাৰ্চ হোলিকা দহনত দুৰ্দান্ত দিন কটাব তুলা ৰাশিৰ জাতকে৷ সকলো কামতেই সৌভাগ্যক কাষত পাব আপুনি৷ আৰ্থিকভাৱেও কিছু উন্নতি কৰিব পাৰিব৷ ইয়াৰ ফলত কাইলৈ আপোনাৰ মনত সুখ, শান্তি আৰু আনন্দ বৰ্তি থাকিব৷ পৰিয়ালৰ সদস্যসকলৰ সৈতে কাইলৈ সুখৰ সময় কটাব পাৰে৷ কোনো প্ৰভাৱশালী ব্যক্তিৰ সৈতে কাইলৈ পৰিচিত হব পাৰে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ