কাইলৈ ৮ জানুৱাৰী ২০২৬ বৃহস্পতিবাৰে চন্দ্ৰই সিংহ ৰাশি এৰি কন্যা ৰাশিত গোচৰ কৰিব৷ বৈদিক পঞ্জিকা অনুসৰি কাইলৈ পুহ মাহৰ কৃষ্ণা পঞ্চমী তিথি৷ জ্যোতিষ গণনা অনুসৰি কাইলৈ থাকিব সৌভাগ্য যোগ আৰু শোভন যোগৰ প্ৰভাৱ৷ ইয়াৰোপৰি কাইলৈ থাকিব পূৰ্ব ফাল্গুনী নক্ষত্ৰ আৰু উত্তৰ ফাল্গুনী নক্ষত্ৰ এই সকলো যোগৰ প্ৰভাৱত কাইলৈ দিনটো বিশেষ মাহাত্ম্যপূৰ্ণ হ’ব৷ হিন্দুধৰ্মত বৃহস্পতিবাৰ হৈছে লক্ষ্মী আৰু নাৰায়ণৰ প্ৰিয় দিন৷ জ্যোতিষ গণনা অনুসৰি কাইলৈ কোন কোন ৰাশিৰ জাতকৰ জীৱনলৈ প্ৰচুৰ সুখ সাফল্য আহিব? জানি থওক কাইলৈৰ ভাগ্যবান ৰাশিৰ জাতিকাৰ কোন কোন আছে?
মিথুন ৰাশি
কাইলৈ ৮ জানুৱাৰী ২০২৬ গজকেশৰী যোগৰ প্ৰভাৱত ভাগ্য খুলিব মিথুন ৰাশিৰ জাতকৰ৷ কাইলৈ দিনটো আপুনি আনন্দেৰে কটাব৷ হঠাৎ কিছু অৰ্থলাভ কৰিব পাৰে৷ সামাজিক কামত অংশ লোৱাৰ ফলত সমাজত সন্মান আৰু প্ৰতিপত্তি বাঢ়িব৷ কাইলৈ আপুনি যি কামত হাত দিয়ে তাতেই সাফল্য পাব৷
কন্যা ৰাশি
শোভন যোগৰ শুভ ফল কাইলৈ লাভ কৰিব কন্যা ৰাশিৰ জাতকে৷ কাইলৈ নাৰায়ণৰ কৃপাত আপোনাৰ জীৱনৰ সকলো সংকট দূৰ হৈ নতুন পোহৰেৰে আলোকিত হব৷ পুৰণি কোনো অসুখ থাকিলে কাইলৈ তাৰ পৰা মুক্তি পাব৷ বিশেষ সাহস আৰু বুদ্ধিৰ পৰিচয় দিব পাৰে৷ সকলো কামত কাইলৈ সফলভাৱে সম্পূৰ্ণ কৰিব পাৰিব কন্যা ৰাশিৰ জাতকে৷
ধনু ৰাশি
কাইলৈ ৮ জানুৱাৰী পূৰ্ব ফাল্গুনী নক্ষত্ৰৰ প্ৰভাৱত ভাগ্য খুলিব ধনু ৰাশিৰ জাতকৰ৷ কাইলৈ আপুনি পাৰিবাৰিক জীৱনত শান্তি থাকিব৷ নিজৰ শত্ৰুক পৰাজিত কৰি জয়লাভ কৰিব৷ আপোনাৰ কামৰ সুবাদত অফিচৰ চিনিয়ৰৰ প্ৰশংসা পাব৷ কাইলৈ কৰ্মক্ষেত্ৰত পৰিবেশ আপোনাৰ অনুকূলে থাকিব৷ আইনী যুঁজত জয়ী হব৷ ব্যৱসায়ত লাভ বাঢ়িব৷
মকৰ ৰাশি
পূৰ্ব ফাল্গুনী নক্ষত্ৰৰ প্রভাৱত কাইলৈ সৌভাগ্য লাভ কৰিব মকৰ ৰাশিৰ জাতকে৷ কাইলৈ নাৰায়ণৰ কৃপাত সকলো কামত সৌভাগ্য আপোনাৰ পক্ষত থাকিব৷ প্ৰচুৰ এনাৰ্জি থাকিব আপোনাৰ মনত৷ নিজৰ সকলো কামতেই সাফল্য পাব৷ ধৰ্মীয় বিষয়ত কাইলৈ আগ্ৰহ বাঢ়িব৷ ছাত্ৰ ছাত্ৰীসকলে পঢ়াশুনাত মনোযোগ বাঢ়িব আৰু ইয়াৰ ফলত পৰীক্ষাতো ভাল ফল লাভ কৰিব৷
মীন ৰাশি
কাইলৈ ৮ জানুৱাৰীত কোনো শুভ অনুষ্ঠানত অংশ ল’ব পাৰে মীন ৰাশিৰ জাতকে৷ সৌভাগ্য যোগৰ শুভ ফল কাইলৈ লাভ কৰিব আপুনি৷ কাইলৈ অতিৰিক্ত কিছু অৰ্থলাভ কৰিব পাৰে৷ দিনজুৰি নানান কামত ব্যস্ত থাকিলেও সন্ধিয়া বন্ধুৰ সৈতে ভাল সময় কটাব৷ পুৰণি বিনিয়োগৰ পৰা আৰ্থিকভাৱে লাভৱান হব৷ পৰিয়ালৰ সৈতেও ভাল সময় কটাব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















