অসম লাইভ২৪ঃ মুক্তিৰ পূৰ্বেই এটাৰ পাছত আনটো ৰেকৰ্ড ভাঙিছে ছলমান খানে। ছলমান খান আৰু কেটৰীণা কাঈফ অভিনীত ছবি টাইগাৰ-৩ৰ এডভান্স বুকিং চলি আছে। বৃহস্পতিবাৰেই ছবিখনৰ ৩.৬৩ লাখ টিকট বিক্ৰী হৈছে টাইগাৰ-৩ৰ। মুক্তিৰ পূৰ্বেই ছবিখনে আয় কৰিছে ৯.৮৯ লাখ। ১২ তাৰিখে মুক্তি লাভ কৰিব ছলমান অভিনীত ছবিখনে। Sacnilk-ৰ তথ্য অনুসৰি NCR-ত অগ্ৰিম বুকিঙৰ নিৰিখত টাইগাৰ-৩য়ে আয় কৰিছে ১.৮১ কোটি, মুম্বাইত ছবিখনে আয় কৰিছে ১.৫৭ কোটি, পুনেত সংগ্ৰহ কৰিছে ৪১ লাখ আৰু বাংগালুৰুত সংগ্ৰহ কৰিছে ৮৩ লাখ।
২০২৩ চনত দেশৰ প্রধান তিনিটা মাল্টিপ্লেক্সত টিকট বুকিঙৰ নিৰিখত আগুৱাই আছিল জাৱান। জাৱান ছবিখনৰ ৫.৫৭ লাখ টিকট বিক্ৰী হৈছে। ইয়াৰ পাছতেই আছে পাঠান। ৫.৫৬ লাখ টিকেট বিক্ৰী হৈছিল পাঠানৰ। তাৰপিছতেই আছে আদিপুৰুষ আৰু গদৰ-২। এই দুই ছবিত যথাক্ৰমে ২.৮৫ লাখ আৰু ২.৭৮লাখ টিকেট বিক্ৰী হৈছিল। টাইগাৰ-৩ৰ ১.২২ লাখ অগ্ৰিম টিকেট বিক্ৰী হোৱাত স্বাভাৱিকভাৱেই সুখী ছলমান অনুৰাগী। ছবিখন মুক্তিৰ বাবে মাজত এতিয়াও তিনিটা দিন আছে। এই তিনিদিনত টিকেট বিক্ৰী আৰু বৃদ্ধি পোৱাৰো সম্ভাৱনা আছে। এই তিনিদিনত অন্যান্য ছবিৰ ৰেকৰ্ড ভাঙিব পাৰে টাইগাৰ-৩য়ে।
খবৰ অনুসৰি ছবিখনে মুক্তিৰ পূৰ্বেই প্ৰায় ১০ কোটি টকাৰ ব্যৱসায় কৰিছে। টাইগাৰ-৩ক লৈ পৰিচালক মণীশ শৰ্মাই কয়, ‘এই ছবিত একাধিক এনে দৃশ্য আছে যি ছবিয়ে সকলোকো শিঁহৰিত কৰি তুলিব বুলি মই আশাবাদী। এই চিনেমাখনৰ বাবেই বহুদিন ধৰি ছলমানৰ অনুৰাগীয়ে অপেক্ষা কৰি আছে। এই ছবিত ছলমানৰ এণ্ট্ৰীও অসাধাৰণ হ’ব।’
টাইগাৰ-৩ ক লৈ কি কৈছে ছলমান খানে?
টাইগাৰ-৩ৰ প্রথম শ্ব’ পুৱা ৬বজাৰ পৰাই আছে। এই সন্দৰ্ভত ছলমানে কয়,’পুৱাৰ শ্ব’টো মই মিছ কৰিম। পুৱা ৬টাত মই শ্ব’ চাব পাৰো নে বিমান ধৰিব পাৰো।’ এই সকলোবোৰৰ মাজত ছলমান খানো আশাবাদী। টাইগাৰ-৩ দৰ্শকে আদৰি ল’ব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ