হঠাৎ সলনি হৈছে মহানগৰীৰ বতৰ। এজাক বৰষুণত ডুবি গ’ল মহানগৰীৰ বিভিন্ন প্ৰান্ত।

ধুমুহা-বৰষুণৰ ফলত গুৱাহাটী মহানগৰীৰ কিছু অঞ্চলত কৃত্ৰিম বান। সোমবাৰৰ পুৱাৰ এজাক বৰষুণতে দুৰ্দশা ভুগিবলগীয়া হৈছে মহানগৰীৰ নাগৰিকে।

দিনতে অন্ধকাৰ হৈ পৰিছে সকলো। প্ৰথমে বতাহ আৰু তাৰ পিছত আহে এজাক ধুমুহা-বৰষুণ। ফলত স্তব্ধ হৈ পৰিছে স্বাভাৱিক জনজীৱন।

ৰাজ্যত ধুমুহা-বৰষুণৰ ফলত বিভিন্ন জিলাত হাইএলাৰ্ট জাৰি কৰিছে।

নামনি অসম আৰু উত্তৰ অসমত বতৰে ল’ব কালৰূপ। জৰুৰী কাম নাথাকিলে ঘৰৰ পৰা নোলাব আপুনি।

দক্ষিণ শালমাৰা মানকাচৰ, ধুবুৰী, গোৱালপাৰা, কামৰূপ, কামৰূপ মেট্ৰ, মৰিগাঁও, পশ্চিম কাৰ্বিআংলং, হোজাই, কাৰ্বি আংলং আদি জিলাত সতৰ্কবাণী জাৰি কৰা হৈছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















