অসম লাইভ২৪ঃ ১৮ এপ্ৰিল বৃহস্পতিবাৰ পঞ্জিকা অনুসৰি চ’ত মাহৰ শুক্লপক্ষৰ দশমী তিথি। বৃহস্পতিবাৰে চন্দ্ৰই কৰ্কট ৰাশি এৰি সিংহ ৰাশিত অৱস্থান কৰিব। ইয়াৰ ফলত কেইবাটাও শুভ যোগৰ সৃষ্টি হ’ব। এই শুভ যোগসমূহ হৈছে বৃদ্ধি যোগ আৰু ৰবি যোগ। ইয়াৰোপৰি বৃহস্পতিবাৰে দিনজুৰি থাকিব অশ্লেষা নক্ষত্ৰৰ প্ৰভাৱ। ইয়াৰ ফলত কাইলৈৰ দিনটো বিশেষ গুৰুত্বপূৰ্ণ হ’ব। জ্য়োতিষ অনুসৰি বৃহস্পতিবাৰে দিনজুৰি থাকিব অশ্লেষা নক্ষত্ৰৰ প্ৰভাৱ।
জ্যোতিষ অনুসৰি বৃহস্পতি বাৰ হৈছে শ্ৰী বিষ্ণুৰ প্ৰিয় দিন। জ্যোতিষবিদে জনাইছে যে এইসমূহ শুভ যোগৰ কাৰণে কাইলৈৰ দিনটো বেছ সুখকৰ হ’ব কেইটামান ৰাশিৰ জাতকৰ বাবে। এই সকলোবোৰ ৰাশিয়ে কাইলৈ নিজৰ কামৰ শুভ ফল লাভ কৰিব। জানি থওক বৃহস্পতিবাৰে জ্যোতিষ গণনা অনুসৰি সৌভাগ্য লাভ কৰিব কোন ৫ৰাশিৰ জাতকে?
বৃষ ৰাশি
১৮ এপ্ৰিলৰ দিনটো অত্যন্ত লাভজনক হ’ব বৃষ ৰাশিৰ জাতকৰ। আপোনাৰ মন পজিটিভ চিন্তাৰে ভৰি থাকিব। কোনো নতুন কামত হাত দিলে ভাল ফলেই পাব। নিজৰ চিন্তা আৰু কামেৰে ডাঙৰ কোনো কামত সফলতা লাভ কৰিব। উপাৰ্জন বহু পৰিমানে বৃদ্ধি পাব। কেৰিয়াৰত বিশেষ উন্নতি কৰাৰ সম্ভাৱনা আছে।
সিংহ ৰাশি
সিংহ ৰাশিৰ জাতকৰ বাবেও দিনটো শুভ হ’ব। পেছাগত জীৱনত বিশেষ সফলতা অৰ্জন কৰিব পাৰিব। শ্ৰী বিষ্ণুৰ আশীৰ্বাদ থাকিব সিংহ ৰাশিৰ জাতকৰ ওপৰত। নিজৰ ইচ্ছাশক্তিৰ জোৰত বিভিন্ন চেলেঞ্জ অতিক্ৰম কৰিব পাৰিব। পেছাগত আৰু ব্যক্তিগত জীৱনৰ মাজত বেলেন্স বজায় ৰাখিব সিংহ ৰাশিৰ জাতকে।
তুলা ৰাশি
১৮ এপ্ৰিলৰ দিনটো সফলতাৰে ভৰা হ’ব তুলা ৰাশিৰ জাতকৰ। তুলাৰ জাতকে ব্যৱসায়ীক মোটা অংকৰ ধন লাভ কৰিব পাৰে। বিনিয়োগ কৰাৰ ফলত ভাল ফল আহিব। বৃদ্ধি যোগৰ প্ৰভাৱত নিজৰ ভৱিষ্যত সুৰক্ষিত কৰিব পাৰিব। কাৰ্যালয়ৰ সহকৰ্মীৰ সৈতে ভাল সময় কটাব তুলা ৰাশিৰ জাতকে।
ধনু ৰাশি
ৰবিযোগত ধন লাভৰ সম্ভাৱনা আছে ধনু ৰাশিৰ জাতকৰ। অস্থাৱৰ সম্পত্তি লাভ কৰিব পাৰে। পাবলগীয়া ধন লাভ কৰিব। আত্মীয়সকলৰ কৰা কোনো সুখবৰ পাব পাৰে। নিজৰ কেৰিয়াৰ সংক্ৰান্তীয় কোনো সুখবৰ লাভ কৰিব পাৰে। কোনো ভাল চাকৰিৰ প্ৰস্তাৱ পাব পাৰে।
কুম্ভ ৰাশি
বৃদ্ধি যোগৰ শুভ প্ৰভাৱ লাভ কৰিব কুম্ভ ৰাশিৰ জাতকে। হাতলৈ ধন আহিব। উত্তৰাধিকাৰ সূত্ৰে সম্পত্তি লাভ কৰিব। কাৰ্যালয়ত কোনো সুখবৰ পাব পাৰে। পুৰণা কোনো অসুখ থাকিলে কাইলৈ আপোনাৰ শৰীৰ ভালে থাকিব। ৰাজনীতিৰ সৈতে যুক্ত ব্যক্তিয়ে কোনো কামৰ দায়িত্ব লাভ কৰিব পাৰে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ