অসম লাইভ২৪ঃ অভ্ৰদ্বীপ সাহা। এজন ছচিয়েল মিডিয়া ছেনচেছন বা ইউটিউবাৰ। যাক এংগ্ৰি ৰেণ্টমেন নামেৰেও জনা যায়য দীৰ্ঘদিন ধৰি তেওঁ তৈয়াৰ কৰা কণ্টেন্টে আমাক বিনোদন দি আহিছে। তেওঁ এগৰাকী ফুটবল অনুৰাগী আৰু ভাৰ্ছুৱেল ফুটবল এছচিয়েছনত তেওঁ খুবেই পৰিচিত। অন্যান্য় ইউটিউবাৰতকৈ কিছু পৃথক এইগৰাকী ইউটিউবাৰে ২৭ বছৰ বয়সতে বিদায় জনালে পৃথিৱীক।
থোৰতে জানি থওক কোন আছিল অভ্ৰদ্বীপ সাহা?
অভ্ৰদ্বীপ সাহা কলকাতাৰ বাসিন্দা, তেওঁ এগৰাকী কন্টেন্ট ক্ৰিয়েটৰ আছিল।
ইনছটাগ্ৰামত তেওঁ ১লাখ ২০ হাজাৰৰো অধিক ফলৱাৰ্ছ আৰু YouTubeত চাৰি লাখ ২৮ হাজাৰৰো অধিক ছাৱস্ক্ৰাইবাৰ আছে।
দীৰ্ঘদিন ধৰি ইউটিউবৰ সৈতে যুক্ত অভ্ৰদ্বীপে ২০১৭ চনৰ পৰাই ভিডিঅ’ বনাই আহিছিল। তেওঁৰ প্ৰথমটো ভিডিঅ’ আছিল চিনেমা ৰিভিউ। যাৰ শিৰোনাম আছিল , কিয় মই এনাবেল ছবিখন নাচাও। সেই ভিডিঅ’ৰেই আৰম্ভ হৈছিল সফলতাৰ যাত্ৰা। তাৰপিছতেই এটাৰ পাছত আনটো ভিডিঅ’ নিৰ্মাণ কৰি গৈছিল অভ্ৰদ্বীপে।
কেনেকৈ মৃত্যু হ’ল অভ্ৰদ্বীপ সাহাৰ?
জনপ্ৰিয় ইউটিউবাৰ অভ্ৰদ্বীপ সাহা ওৰফে এংগ্ৰি ৰাণ্টমেনে বিগত মাহত এক জটিল অস্ত্ৰোপচাৰ হৈছিল। সেই অস্ত্ৰোপছাৰ জটিলতাতে তেওঁৰ ১৬ এপ্ৰিলত মৃত্যু হয়। বিগত ১৪ এপ্ৰিলত এটা ইউটিউব কমিউনিটিয়ে অভ্ৰদ্বীপৰ হেলথ আপডেটৰ কথা প্ৰকাশ কৰিছিল।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ