ট্ৰাম্পৰ জয়, আমেৰিকাৰ সংসদত গৃহীত ‘বিগ বিউটিফুল’
ট্ৰাম্পৰ বৃহৎ জয়, আমেৰিকাৰ সংসদত গৃহীত ট্ৰাম্পৰ ‘বিগ বিউটিফুল’। বৃহস্পতিবাৰে গভীৰ নিশা আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ ৱান বিগ বিউটিফুল বিল গৃহীত হয়। ইয়াক ২১৮-২১৪ৰ ব্যৱধানত গৃহীত কৰিছে প্ৰতিনিধি সদনে।
এয়া ট্ৰাম্পৰ বাবে এক ডাঙৰ জয় বুলি বিবেচিত হৈছে। ট্ৰাম্পৰ কাৰ্যকালৰ এক গুৰুত্বপূৰ্ণ কৃতিত্ব বুলিও গণ্য কৰা হৈছে এই বিলক। ছিনেট আৰু হাউছ অৱ ৰিপ্ৰেজেণ্টেটিভছৰ পৰা বিধেয়কখন গৃহীত কৰাৰ পিছত ৰাষ্ট্ৰপতিলৈ প্ৰেৰণ কৰা হৈছে।
আজি ৪ জুলাই তাৰিখে এই বিলত স্বাক্ষৰ কৰিব ৰাষ্ট্ৰপতিয়ে। ৮০০ পৃষ্ঠাৰ এই বিধেয়কখন গৃহীত কৰিবলৈ ড’নাল্ড ট্ৰাম্পে অতি কঠোৰ পৰিশ্ৰম কৰিছে। এই বিলৰ বাবেই ট্ৰাম্প আৰু এলন মাস্কৰ মাজত মতানৈক্য হৈছিল।
পাছে কি হয় এই বিগ বিউটিফুল বিল? ২০১৭ চনত কৰা কৰ কৰ্তনক স্থায়ী কৰি তুলিবলৈ এই নতুন বিধেয়কখন অনা হৈছে। এই বিধেয়কখন অতি গুৰুত্বপূৰ্ণ কাৰণ ইয়াত প্ৰায় ৪.৫ ট্ৰিলিয়ন ডলাৰৰ কৰ কৰ্তন অন্তৰ্ভুক্ত কৰা হৈছে। জ্যেষ্ঠ নাগৰিকসকলেও ৬০০০ ডলাৰ পৰ্যন্ত কৰ কৰ্তন পোৱাৰ সম্ভাৱনা আছে। লগতে বিধেয়কৰ বাবে কৰ কৰ্তন, সামৰিক ব্যয় আৰু সীমান্তৰ নিৰাপত্তা অধিক শক্তিশালী হ’ব পাৰে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ