কাইলৈ ১২ জানুৱাৰী ২০২৬ মঙ্গলবাৰে চন্দ্ৰই তুলা ৰাশি এৰি বৃশ্চিক ৰাশিত গোচৰ কৰিব৷ বৈদিক পঞ্জিকা অনুসৰি কাইলৈ পুহৰ কৃষ্ণা দশমী তিথি৷ জ্যোতিষ গণনা অনুসৰি কাইলৈ থাকিব শূল যোগ আৰু গণ্ড যোগৰ প্ৰভাৱ৷ ইয়াৰোপৰি কাইলৈ থাকিব বিশাখা নক্ষত্ৰ আৰু অনুৰাধা নক্ষত্ৰ এই সকৰো যোগৰ প্ৰভাৱত কাইলৈ দিনটো বিশেষ মাহাত্ম্যপূৰ্ণ হ’ব পাৰে৷ জানি থওক ভাগ্যবান ৰাশিৰ তালিকাত কোন কোন আছে?
মেষ ৰাশি
কাইলৈ শূল যোগৰ প্ৰভাৱত জীৱনত চকুত লগা উন্নতি কৰিব মেষ ৰাশিৰ জাতকে৷ বজৰংবলীৰ কৃপাত অৰ্থলাভ হব পাৰে আপোনাৰ৷ শিক্ষাক্ষেত্ৰত কোনো সমস্যা চলিলে তাৰপৰা মুক্তি পাব মেষ ৰাশিৰ জাতকে৷ হনুমানৰ আশীৰ্বাদত নিজৰ লক্ষ্যৰ দিশত আৰু এঢাপ আগুৱাই যাব পাৰে৷
মিথুন ৰাশি
কাইলৈ থাকিব বুধাদিত্য যোগ৷ এই যোগৰ শুভ প্ৰভাৱ লাভ কৰিব মিথুন ৰাশিৰ জাতকে৷ কাইলৈ মঙ্গলবাৰে আপোনাৰ পৰিয়ালত বিশেষ কোনো সুখৰ খবৰ আহিব৷ শহুৰৰ ঘৰৰ দিশৰ পৰা সন্মান আৰু প্ৰতিপত্তি লাভ কৰিব৷ ব্যৱসায়ত ৰৈ থকা ধন উভতাই পাব পাৰে৷ জনসেৱামূলক কামত সক্ৰিয়ভাৱে যুক্ত হব৷
তুলা ৰাশি
১৩ জানুৱাৰীত পুহৰ কৃষ্ণা দশমী দুৰ্দান্ত হব তুলা ৰাশিৰ জাতকৰ৷ কাইলৈ সকলো কামতেই সৌভাগ্যক কাষত পাব৷ আৰ্থিকভাৱেও কিছু উন্নতি কৰিব পাৰিব৷ ইয়াৰ ফলত কাইলৈ আপোনাৰ মনত সুখ, শান্তি আৰু আনন্দ বৰ্তি থাকিব৷ পৰিয়ালৰ সদস্যসকলৰ সৈতেও কাইলৈ সুখৰ সময় কটাব পাৰে৷ কোনো প্ৰভাৱশালী ব্যক্তিৰ সৈতে পৰিচয় হব পাৰে৷
বৃশ্চিক ৰাশি
কাইলৈ মঙ্গলবাৰে বুধাদিত্য যোগৰ সম্পূৰ্ণ ফল পাব বৃশ্চিক ৰাশিৰ জাতকে৷ সন্তানৰ দিশৰ পৰা কাইলৈ কোনো সুখবৰ পাব পাৰে৷ কাইলৈ সমাজত সন্মান আৰু জনপ্ৰিয়তা বৃদ্ধি পাব বৃশ্চিক ৰাশিৰ জাতকৰ৷ বন্ধুৰ সৈতে হাঁহি ধেমালী কৰি কাইলৈ সন্ধিয়াটো কটাব৷ যি কামত হাত দিব তাতেই ভৰপূৰ সাফল্য পাব৷
মকৰ ৰাশি
কাইলৈ বিশাখা নক্ষত্ৰৰ বিশেষ শুভ প্ৰভাৱ থাকিব মকৰ ৰাশিৰ জাতকৰ ওপৰত৷ কাইলৈ প্ৰতিভাৰ বিকাশ ঘটিব মকৰ ৰাশিৰ জাতকৰ৷ পৰিশ্ৰম কৰিলে বজৰংবলীৰ দয়াত সুফল অৱশ্যেই লাভ কৰিব৷ অফিচত চিনিয়ৰসকলৰ পৰা নিজৰ কামৰ প্ৰশংসা লাভ কৰিব মকৰ ৰাশিৰ জাতকে৷ ধৰ্মীয় বিষয়ৰ প্ৰতি আগ্ৰহ বাঢ়িব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















