অসম লাইভ২৪ঃ
প্ৰকৃতিৰ প্ৰলয়। বৰভূঁইকপত কঁপি উঠিল তুৰ্কী আৰু ছিৰিয়া।
মুখত আল্লাহৰ নাম। প্ৰাণ বচাই পলায়ন কৰিছে লোকসকলে। খহি পৰিছে এটা ৭ মহলীয়া অট্টালিকা।
চকুৰ সন্মুখতে খহি পৰিল অট্টালিকাটো। কেইখনমান গাড়ী কথমপি বাচিছে। ভূমিকম্পৰ পাছত আকাশত দেখিবলৈ পোৱা গৈছে বিশেষ পোহৰ।
চিচিটিভিত বন্দী ভূমিকম্পৰ ভয়ংকৰ ছবি। ভূমিকম্পৰ ফলত কঁপি উঠিছে এখন দোকান। নিশাৰ ভাগতো কঁপিছে তুৰ্কী-ছিৰিয়া।
৭.৮ প্ৰাবল্যৰ ভূমিকম্পৰ পাছৰ দৃশ্য এয়া। তুৰ্কীৰ চহৰ গাজিয়ানটেপত ভূমিকেন্দ্ৰৰ অভিকেন্দ্ৰ। ৬০০ তকৈ অধিক লোকৰ মৃত্যু হৈছে তুৰ্কীত। এতিয়াও বহুলোক সন্ধানহীন।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ