এসময়ৰ বলীউডৰ চিৰপৰিচিত এটা চিনাকী নাম৷ নাম অভিনেত্ৰী টুইংকল খান্না৷ প্ৰায় এটা দশকৰ পূৰ্বে বলীউড ছবি দৰ্শকৰ বুকুত শিহৰণ তুলিব পৰা টুইংকল খান্নাক লৈ অনুৰাগীৰ মাজত চৰ্চাৰ অন্ত নাই৷ এটা দশকৰ পূৰ্বে ইখনৰ পাছত সিখন হিট চিনেমাৰ অন্তৰালত নায়িকা হিচাপে টুইংকল খান্নাৰ অৱদান অনস্বীকাৰ্য৷ কিন্তু ছুপাৰষ্টাৰ অক্ষয় কুমাৰৰ সৈতে বিবাহ হোৱাৰ পাছতে হঠাৎ ছবিজগতৰ পৰা আঁতৰি থাকি ব্যস্ত হৈ পৰিল অন্য এখন জগতত৷
দুটা সন্তানৰ মাতৃ হোৱাৰ উপৰিও এগৰাকী ছুপাৰষ্টাৰৰ পত্নী হিচাপে দৈনন্দিন পাৰিবাৰিক কামৰ মাজতে আবদ্ধ হৈ থকা টুইংকল খান্নাই বিবাহৰ কেইটাবছৰৰ পিছতেই আত্মপ্ৰকাশ কৰিছিল এগৰাকী লেখিকা হিচাপে৷ অভিনেত্ৰী হিচাপে যেনেদৰে অনুৰাগীৰ মাজত টুইংকল খান্না জনপ্ৰিয় আছিল তেনেদৰে লেখিকা হিচাপেও নিৰ্দিষ্টসংখ্যক পঢ়ুৱৈ সমাজৰ মাজত জনপ্ৰিয় হৈ পৰিছিল৷
কিন্তু, বলীউড ছবি অনুৰাগীসকলৰ বাবে এই সময়ৰ এটা আশাব্যঞ্জক সুখবৰ৷ কিয়নো, সুদীৰ্ঘ এটা দশকৰ পাছত পুনৰ ৰূপালী পৰ্দাত দেখা যাব এসময়ৰ মোহময়ী অভিনেত্ৰী টুইংকল৷ অৱশ্যে টুইংকল খান্নাৰ বিপৰীতে অভিনয় কৰিব লগা নায়কক লৈ চৰ্চাৰ অন্ত নাই অনুৰাগীৰ মাজত৷ উল্লেখ্য যে লেখিকা হিচাপে আত্মপ্ৰকাশ কৰা টুইংকল খান্না নিজেই লিখা গল্পৰ আধাৰত এই ছবিখন নিৰ্মাণ হ’ব৷
ইতিমধ্যে বিভিন্ন আলোচনীত প্ৰকাশ পোৱা টুইংকল খান্নাই লিখা গল্পটোৰ নাম আছিল— ‘দ্য লিজেণ্ড অৱ লক্ষ্মীপ্ৰসাদ’৷ আৰু এই গল্পৰ মূল কাহিনীৰ আধাৰতে বলীউডত নিৰ্মাণ হ’ব এখন বিশেষ ছবি৷ টুইংকল খান্নাই অভিনয় কৰিব লগা এই চলচ্চিত্ৰখন পৰিচালনা কৰিব সোনল ডাব্ৰালে৷ এইখিনিতে আপোনাৰ অজ্ঞাতে আমি আৰু এটা তথ্য জনায় থও যে— ইয়াৰ পূৰ্বে স্বামী তথা ছুপাৰষ্টাৰ অক্ষয় কুমাৰ অভিনীত ‘পেডমেন’ চিনেমাখনৰ কাহিনীৰ ৰচকো আছিল পত্নী টুইংকল খান্না৷
আৰু সুদীৰ্ঘ প্ৰায় এটা দশকতকৈও অধিক কালৰ অন্তত পুনৰ ৰূপালী পৰ্দালৈ টুইংকল খান্না উভতি অহাৰ এই খবৰে সততে অনুৰাগীসকলৰ মাজত তুলিছে আনন্দৰ জোৱাৰ।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ