জলসম্পদ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাৰ নিৰ্দেশত বিভাগে এক নিৰ্দেশ যোগে জলসম্পদ বিভাগৰ ডিমৌ উপ-সংমণ্ডলৰ সহকাৰী কাৰ্যবাহী অভিযন্তা, কণিষ্ঠ অভিযন্তা আৰু আন চাৰিজন কৰ্মচাৰীক কামত অৱহেলা আৰু গাফিলতিৰ অভিযোগত নিলম্বিত কৰিছে৷
শেহতীয়াকৈ থাওৰা বিধানসভা সমষ্টিৰ অন্তৰ্গত ডিমৌৰ লাইবিলত মথাউৰি মেৰামতিৰ কামত বালিৰ বেগৰ ভিতৰত সামান্য বালি আৰু তাৰ মাজত আন খালি বেগ ভৰাই কাম কৰাৰ অভিযোগ উত্থাপিত হোৱাৰ লগতে বৈদ্যুতিন মাধ্যমৰ জৰিয়তে ইয়াৰ ভিডিঅ’ প্ৰচাৰ হৈছিল৷
এই ভিডিঅ’ জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাৰ দৃষ্টি গোচৰ হোৱাত মন্ত্ৰীগৰাকীয়ে শীঘ্ৰে এই সম্পৰ্কত তদন্ত কৰি অভিযুক্ত অভিযন্তা-কৰ্মচাৰীৰ বিৰুদ্ধে বিভাগীয় ব্যৱস্থা ল’বলৈ বিভাগীয় মুৰব্বী বিষয়াক নিৰ্দেশ প্ৰদান কৰিছিল৷
লগতে পঢ়ক বীৰ ছহিদক অপমান! ছহিদলৈ কুৰিয়াৰে ‘শৌৰ্য চক্ৰ’ প্ৰেৰণ, ছহিদৰ পৰিয়ালে দিলে ওভতাই
মন্ত্ৰীগৰাকীৰ নিৰ্দেশত বিভাগে প্ৰাথমিক অনুসন্ধানৰ অন্তত No.WR(CON)2/2022/3 আৰু No.WR(CON)2/2022/4 নং নিৰ্দেশ অনুসৰি ডিমৌ জলসম্পদ উপ-সংমণ্ডলৰ সহকাৰী কাৰ্যবাহী অভিযন্তা দিনেশ বুঢ়াগোহাই আৰু শিৱসাগৰ জলসম্পদ সংমণ্ডলৰ কণিষ্ঠ অভিযন্তা তৰুণ সোণোৱালক তৎকালীন ভাৱে চাকৰিৰ পৰা নিলম্বন কৰিছে৷
আনহাতে বিভাগীয় এক নিৰ্দেশ অনুসৰি {No.WR(CON)2/2022/5 নং নিৰ্দেশ} শিৱসাগৰ জলসম্পদ সংমণ্ডলৰ উপ অভিযন্তা থানুৰাম বৰগোহাঁই, শাখা সহায়ক ধ্ৰুবজ্যোতি চেতিয়া, খালাচীদ্বয় ক্ৰমে অতুল গগৈ আৰু মানিক কোঁৱৰক কামত গাফিলতি আৰু অৱহেলাৰ অভিযোগত নিলম্বিত কৰিবলৈ নিৰ্দেশ দিয়া হৈছে৷
লগতে পঢ়ক যমজ সন্তান জন্ম ১৯ বৰ্ষীয় যুৱতীৰ! যমজ সন্তানৰ পিতৃ দুজন যুৱক! ই কেনেকৈ সম্ভৱ?
চৰকাৰী নিৰ্দেশটোত উল্লেখ কৰা অনুসৰি বৈদ্যুতিন মাধ্যমত বিভাগীয় মথাউৰিৰ মেৰামতিৰ কামত এনেদৰে গাফিলতিৰ অভিযোগে চাকৰি বিধি ভংগ কৰাৰ লগতে বিভাগৰ ভাৱমূৰ্ত্তি সমাজৰ ওচৰত হেয় কৰাত এই কামৰ তদাৰকত থকা অভিযন্তা আৰু কৰ্মচাৰীসকলক নিলম্বিত কৰা হৈছে৷
আনহাতে এই কামৰ দায়িত্ব পোৱা ঠিকাদাৰ ৰাতুল শৰ্মাক ব্লেকলিষ্টেড কৰিবৰ ব্যৱস্থা ল’বলৈও মুখ্য অভিযন্তাক বিভাগীয় নিৰ্দেশনা প্ৰদান কৰা হৈছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ















