কেন্দ্ৰীয় লোকসেৱা আয়োগৰ অসামৰিক সেৱাৰ পৰীক্ষা (UPSC Civil Service Exam)ক এক কঠিন পৰীক্ষা বুলি গণ্য কৰা হয় আৰু ইয়াৰ বাবে ছাত্ৰ-ছাত্ৰীয়ে কে’বাবছৰ জোৰা কঠোৰ পৰিশ্ৰম তথা অধ্যয়ন কৰিব লগা হয়৷
কিন্তু কিছুমান ছাত্ৰ-ছাত্ৰীয়ে সাধাৰণভাৱে প্ৰস্তুতি চলাইও সফলতা লাভ কৰি আহিছে। আজি আমি একেধৰণৰ এক কাহিনী ক’বলৈ লৈছো৷ আজি আমাৰ কাহিনীৰ দিল্লীৰ নায়িকা হৈছে দিল্লীৰ দুই ভগ্নী অংকিতা জৈন আৰু তেওঁৰ ভগ্নী বৈশালী জৈন৷
তেওঁলোকে একেখিনি নোট পঢ়িয়েই আইএএছ বিষয়া হোৱাৰ সপোন পূৰণ কৰিছে। দুই ভগ্নীৰ অংকিতাই তৃতীয় আৰু বৈশালীয়ে ২১ সংখ্যক স্থান লাভ কৰি এইবাৰ সৰ্বভাৰতীয় অসামৰিক পৰীক্ষাত উত্তীৰ্ণ হৈছিল৷
লগতে পঢ়ক অতি ৰহস্যময় ‘অগ্নিপথ’! কি কি ৰহস্য আছে ইয়াৰ ভিতৰত?
অংকিতা জৈন আৰু তেওঁৰ কণিষ্ঠ ভগ্নী বৈশালী জৈনে একেলগে পঢ়া-শুনা কৰি একেলগে UPSC পৰীক্ষা দিছিল। দুয়ো ভগ্নীয়ে একেলগে সফলতা লাভ কৰি দুয়ো আইএএছ বিষয়া হৈ নজিৰেই সৃষ্টি কৰিছিল। অসামৰিক সেৱা পৰীক্ষা ২০২০ত অংকিতা জৈনে তৃতীয় স্থান লাভ কৰাৰ বিপৰীতে বৈশালী জৈনে ২১ নম্বৰ স্থান লাভ কৰিছিল।
প্ৰকাশিত বাতৰি অনুসৰি অংকিতা জৈন আৰু তেওঁৰ কণিষ্ঠ ভগ্নী বৈশালী জৈনে ইউপিএছচি পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱাৰ সময়ক একেবোৰ নোটকে অধ্যয়ন কৰিছিল।
লগতে পঢ়ক প্ৰথমবাৰ মিছ ইউনিৰ্ভাছত ভূটান, প্ৰতিনিধিত্ব কৰিব লেছবিয়ান এগৰাকী বিউটি কুইনে!
দ্বাদশ শ্ৰেণী উত্তীৰ্ণ হোৱাৰ পাছত অংকিতা জৈনে দিল্লী টেকন’লজিকেল ইউনিভাৰ্চিটিৰ পৰা কম্পিউটাৰ বিজ্ঞানত বি টেক ডিগ্ৰী লাভ কৰে। ইয়াৰ পিছত তেওঁ এটা প্ৰাইভেট কোম্পানীৰ চাকৰি সোমায়৷ ইয়াৰ পিছত চাকৰি এৰি UPSC পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাবলৈ ধৰিলে। কিন্তু চাকৰি এৰি ইউপিএছচিৰ পৰীক্ষাত উত্তীৰ্ণ হোৱাটো তেওঁৰ বাবে সহজ নাছিল। কঠোৰ পৰিশ্ৰম কৰিও তেওঁ চতুৰ্থ প্ৰচেষ্টাত সফলতা লাভ কৰি অসামৰিক সেৱাৰ সপোন পূৰণ কৰিলে।
ইফালে বৈশালী জৈনে জ্যেষ্ঠ ভগ্নীৰ অংকিতা জৈনৰ প্ৰস্তুতিৰ বাবে সংগ্ৰহ কৰা নোটবোৰ পঢ়িয়েই ইউপিএছচিৰ পৰীক্ষাত অৱতীৰ্ণ হৈছিল। অংকিতাৰ সহায়ত প্ৰস্তুতি চলাই বৈশালীয়ে অসামৰিক সেৱা পৰীক্ষা ২০২০ত ২১ সংখ্যক স্থান লাভ কৰে। এইদৰেই দুই ভগ্নীয়ে ভাৰতীয় অসামৰিক সেৱাৰ বিষয়া হোৱাৰ যোগ্যতা অৰ্জন কৰে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ