• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মানৱতাৰ বাবে যোগ : আজি অষ্টম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস

মানৱতাৰ বাবে যোগ : আজি অষ্টম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস

4 years ago
মুহূৰ্ততে সকলো শেষ! ১৮ বছৰ বয়সত কৰুণ মৃত্যু জনপ্ৰিয় অভিনেত্ৰীৰ

মুহূৰ্ততে সকলো শেষ! ১৮ বছৰ বয়সত কৰুণ মৃত্যু জনপ্ৰিয় অভিনেত্ৰীৰ

15 minutes ago
আগষ্টত সূৰ্য আৰু মংগলকে ধৰি ৪টা গ্ৰহই সলাব গতি, কি কি ৰাশিৰ ওপৰত পৰিব প্ৰভাৱ?

আগষ্টত সূৰ্য আৰু মংগলকে ধৰি ৪টা গ্ৰহই সলাব গতি, কি কি ৰাশিৰ ওপৰত পৰিব প্ৰভাৱ?

35 minutes ago
“শিক্ষাৰ্থীসকল ৰাজনীতিৰ আহিলা নহয়,” ৰাহুল গান্ধীক কটাক্ষ শিক্ষা মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ

“শিক্ষাৰ্থীসকল ৰাজনীতিৰ আহিলা নহয়,” ৰাহুল গান্ধীক কটাক্ষ শিক্ষা মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ

1 hour ago
Pension & DA: ১০০০ টকাৰ সলনি ৭৫০০ টকাৰ পেঞ্চন, মৌলিক দৰমহাত  DA যোগ হ’ব নেকি?

Pension & DA: ১০০০ টকাৰ সলনি ৭৫০০ টকাৰ পেঞ্চন, মৌলিক দৰমহাত DA যোগ হ’ব নেকি?

2 hours ago
বাথটাবত নায়ক-নায়িকাৰ অন্তৰংগ মুহূৰ্ত, মূৰ ঘূৰালে দৰ্শকৰ!

বাথটাবত নায়ক-নায়িকাৰ অন্তৰংগ মুহূৰ্ত, মূৰ ঘূৰালে দৰ্শকৰ!

3 hours ago
পত্নী গৰ্ভৱতী আৰু অভিনেতা অন্য নাৰীৰ সৈতে! পোহৰলৈ আহিছে প্ৰকৃত কাহিনী

পত্নী গৰ্ভৱতী আৰু অভিনেতা অন্য নাৰীৰ সৈতে! পোহৰলৈ আহিছে প্ৰকৃত কাহিনী

3 hours ago
খজুৱতি, ফোঁহা আৰু শৰীৰ ৰঙা পৰা… বাৰিষাত এই সমস্যাই দিয়ে বিপদৰ ইংগিত!

খজুৱতি, ফোঁহা আৰু শৰীৰ ৰঙা পৰা… বাৰিষাত এই সমস্যাই দিয়ে বিপদৰ ইংগিত!

4 hours ago
ডিঙিত মাছৰ কাঁইট লাগিলে নকৰিব আওকাণ, বিপদত পৰাৰ পূৰ্বে হওক সাৱধান!

ডিঙিত মাছৰ কাঁইট লাগিলে নকৰিব আওকাণ, বিপদত পৰাৰ পূৰ্বে হওক সাৱধান!

4 hours ago
উজনিত ভয়ংকৰ হৈছে বান পৰিস্থিতি, বৃদ্ধি পাইছে মৃতকৰ সংখ্যা!

উজনিত ভয়ংকৰ হৈছে বান পৰিস্থিতি, বৃদ্ধি পাইছে মৃতকৰ সংখ্যা!

5 hours ago
Trigrahi Yog 2026: ২২ জুনৰ পৰা ত্ৰিগ্ৰহী যোগ, সমস্যা বাঢ়িব ৪ ৰাশিৰ!

কৰ্কট ৰাশিৰ লগতে এই ৫ ৰাশিৰ লোক হওক সাৱধান, এটা ভুলে মাতিব ডাঙৰ বিপদৰ!

6 hours ago
২২ জুলাইৰ দিনটো কেনে যাব আপোনাৰ? জানক কাৰ কাৰ উদয় হ’ব ভাগ্য

২২ জুলাইৰ দিনটো কেনে যাব আপোনাৰ? জানক কাৰ কাৰ উদয় হ’ব ভাগ্য

7 hours ago
এটাও গ’ল বা এছিষ্ট নকৰাকৈয়ে কিয় গোল্ডেন বলৰ সন্মান লাভ কৰিলে ৰড্ৰিয়ে?

এটাও গ’ল বা এছিষ্ট নকৰাকৈয়ে কিয় গোল্ডেন বলৰ সন্মান লাভ কৰিলে ৰড্ৰিয়ে?

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, July 22, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

মানৱতাৰ বাবে যোগ : আজি অষ্টম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস

editor by editor
June 21, 2022
in জীৱনশৈলী, বিশ্ব, স্বাস্থ্য
0
মানৱতাৰ বাবে যোগ : আজি অষ্টম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস
0
SHARES
309
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অনুৰাধা মহন্তঃ আজি অষ্টম সংখ্যক আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ লগতে বিশ্ব সংগীত দিৱস। যোগ আৰু সংগীতৰ মাজত এক এৰাব নোৱাৰা সম্বন্ধ আছে। সংগীতৰ লগতে যোগ সাধনাৰ সম্পৰ্ক অতি পূৰণি। প্ৰাচীন কালত ঋষি-মুনিসকলে যোগাভ্যাসৰ দ্বাৰা শাৰীৰিক, মানসিক তথা আধ্যাত্মিক উৎকৰ্ষ সাধন কৰিছিল। সমগ্ৰ বিশ্বই ভাৰতীয় পৰম্পৰাগত যোগ দৰ্শনক আঁকোৱালি লৈছে এয়া প্ৰতিজন ভাৰতীয়ৰ বাবেই গৌৰৱ আৰু উদযাপনৰ মুহূৰ্ত।

বিগত বছৰসমূহৰ দৰে এইবাৰো দেশৰ বিভিন্ন প্ৰান্তত উদযাপিত হৈছে এই দিৱস। ভাৰতৰ স্বাধীনতাৰ ৭৬ বছৰ সম্পূৰ্ণ হোৱাৰ লগত সংগতি ৰাখি বিভিন্ন কাৰ্যসূচী আগত ৰাখি এইবাৰ কৰ্ণাটকৰ মাইছুৰত যোগৰ অনুষ্ঠান অনুষ্ঠিত হৈছে। প্ৰতিটো বৰ্ষতে যোগ দিৱসত এক নতুন বিষয় ৰখা হয়। Ministry of Ayushএ এইবাৰ মানৱতাৰ বাবে যোগ ‘Yoga for Humanity’ এই কথাৰ মহত্ব ৰাখি যোগ দিৱস উদযাপন কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছিল।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ‘মন কী বাত’ অনুষ্ঠানত কয় যে যোগ জ্ঞান, কৰ্ম আৰু ভক্তিৰ পূৰ্ণ সংমিশ্ৰণ আৰু বৰ্তমানৰ ক্ষিপ্ৰ জীৱনযাত্ৰাত যোগৰ দ্বাৰায়ে কিছু শান্তি ল’ব পাৰি। প্ৰধানমন্ত্ৰীয়ে সমগ্ৰ বিশ্ববাসীক যোগক নিজৰ দৈনন্দিন জীৱনৰ অংশ কৰিবলৈ আহ্বান জনায়।

লগতে পঢ়ক একেবোৰ নোটেৰে দুই ভগ্নীৰ UPSCৰ প্ৰস্তুতি, এগৰাকীৰ ৰেংক ৩ আনগৰাকীৰ ২১

কেন্দ্ৰীয় আয়ুস মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত ‘মানৱতাৰ বাবে যোগ’ৰ বিশেষ কাৰ্যসূচীসমূহত এইবাৰ বিশেষভাৱে সক্ষম লোকসকৰ লগতে ট্ৰেনছজেণ্ডাৰ পপুলেচন, মহিলা আৰু শিশুসকলৰ লগত মানৱীয় মূল্যবোধৰ লগত যোগৰ অধ্যায়ন বিদ্যালয়সমূহত হোৱাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে। মানুহৰ অস্তিত্বৰ ৬টা স্তৰ শাৰীৰিক, মানসিক, আৱেগিক, বৌদ্ধিক আৰু আধ্যাত্মিক স্তৰৰ বিকাশ সাধন কৰি এজন লোকৰ সৰ্বাংগীন বিকাশ সাধন কৰাত যোগে সহায় কৰে।

আজি আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসে ৮ সংখ্যক বৰ্ষত ভৰি দিলে। আয়ুস মন্ত্ৰালয়ে শৰীৰ আৰু মনৰ বাবে যোগৰ উপকাৰিতা, ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিত যোগৰ ভূমিকাযোগে কিদৰে আভ্যন্তৰীণ অংগ সবল কৰে আৰু সুন্দৰ শৰীৰ গঢ় দিয়াৰ লগতে ষ্ট্ৰেচ, এনজাইটি, ডিপ্ৰেছন ৰোধ কৰাৰ ক্ষেত্ৰত যোগৰ বিশেষত্ব সম্পৰ্কে গুৰুত্ব আৰোপ কৰি প্ৰতি বছৰে বেলেগ বেলেগ থিম লৈ যোগ দিৱস পৰিচালন কৰিছে।

২০১৫ চনত সদ্ভাৱ আৰু শান্তিৰ বাবে Yoga for Harmony and Peace যোগ।

লগতে পঢ়ক সাগৰত উটি গ’ল এখন ৪০ বছৰীয়া ৰেষ্টুৰেণ্ট! কেনেকৈ উটিল বিখ্যাত ৰেষ্টুৰেণ্টখন? 

২০১৬ চনত Connect the Youth সমগ্ৰ বিশ্বৰ যুৱ শক্তিক যোগৰ ধ্যান, আসনৰ লগত পৰিচয় কৰোৱা হৈছিল।

২০১৭ চনত ‘Yoga for Health’ যোগ শৰীৰ সুস্থ আৰু নিৰোগী কৰি ৰখাৰ এক বিজ্ঞানসন্মত পদ্ধতিক বিশ্ববাসীৰ আগত দাঙি ধৰা হয়।

২০১৮ বৰ্ষত Yoga for Peace যোগৰ দ্বাৰা দেশে দেশে শান্তি, সম্প্ৰীতি, ঐক্য জীয়াই ৰাখি বিশ্ব শান্তি স্থাপন কৰা।

২০১৯ চনত Yoga for Climate Action প্ৰকৃতিৰ প্ৰতি সন্মান আৰু প্ৰকৃতিৰ সংৰক্ষণৰ লগতে Yoga for Heart Careৰ উদ্দেশ্য ৰখা হয়। কিয়নো উত্তম শ্বাস ল’বলৈ আমাক পানী, পোষণ, পৰিশ্ৰম, প্ৰকৃতি, সংৰক্ষণৰ লগতে প্ৰাণায়মৰ প্ৰয়োজন আৰু এইসকলো যোগৰ দ্বাৰাহে সম্ভৱ তাক বিশ্ববাসীৰ আগত তুলি ধৰা হয়।

লগতে পঢ়ক অতি ৰহস্যময় ‘অগ্নিপথ’! কি কি ৰহস্য আছে ইয়াৰ ভিতৰত?

২০২০ বৰ্ষত ক’ৰোনা মহামাৰীৰ সময়ত গৃহবন্দী জনতাৰ বাবে Yoga at Home, Yoga with Family ঘৰতে থাকি পৰিয়ালৰ লগত যোগ কৰাৰ বাৰ্তা দিয়া হয়। লগতে বিশ্বৰ বিভিন্ন প্ৰান্তৰ ডিজিটেল প্লেটফৰ্মত যোগ প্ৰদৰ্শন হয়।

২০২১ বৰ্ষতো সমগ্ৰ বিশ্বই ক’ভিডৰ দ্বিতীয় ঢৌৰ লগত যুঁজি গৃহবন্দী হৈয়ে থাকিবলগীয়া হয়। সেই বছৰৰ থিম Yoga for Well Being ৰখা হয়। আৰু ঘৰতে থাকি যোগ কৰাৰ ওপৰত গুৰুত্ব দিয়া হয়।

২০২২ চনত ক’ভিডৰ সময়ত বা পাছৰ যুঁজখনত মানুহৰ মাজত মানৱতা জীয়াই ৰখাত যোগৰ সহায়ৰ বাবে এই বৰ্ষৰ বিষয় ৰখা হয় ‘Yoga for Humanity’ অৰ্থাৎ মানৱতাৰ বাবে যোগ।

যোগে আমাক প্ৰকৃত জীৱন আদৰ্শৰ শিক্ষা দিয়ে। বিপৰ্যয়মুক্ত সমাজৰ আশাৰ ৰেঙনি কঢ়িয়াই। আজি আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ পৱিত্ৰ ক্ষণত আহক আমি সংকল্পবদ্ধ হৈ যোগৰ এই পৱিত্ৰ যাত্ৰাৰ অংশীদাৰ হওঁ।

see more

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalBest news channel of assamBest News Portal in Assaminternational yoga dayYoga for Humanity
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আগষ্টত সূৰ্য আৰু মংগলকে ধৰি ৪টা গ্ৰহই সলাব গতি, কি কি ৰাশিৰ ওপৰত পৰিব প্ৰভাৱ?
জীৱনশৈলী

আগষ্টত সূৰ্য আৰু মংগলকে ধৰি ৪টা গ্ৰহই সলাব গতি, কি কি ৰাশিৰ ওপৰত পৰিব প্ৰভাৱ?

July 22, 2026
খজুৱতি, ফোঁহা আৰু শৰীৰ ৰঙা পৰা… বাৰিষাত এই সমস্যাই দিয়ে বিপদৰ ইংগিত!
জীৱনশৈলী

খজুৱতি, ফোঁহা আৰু শৰীৰ ৰঙা পৰা… বাৰিষাত এই সমস্যাই দিয়ে বিপদৰ ইংগিত!

July 22, 2026
ডিঙিত মাছৰ কাঁইট লাগিলে নকৰিব আওকাণ, বিপদত পৰাৰ পূৰ্বে হওক সাৱধান!
জীৱনশৈলী

ডিঙিত মাছৰ কাঁইট লাগিলে নকৰিব আওকাণ, বিপদত পৰাৰ পূৰ্বে হওক সাৱধান!

July 22, 2026
Trigrahi Yog 2026: ২২ জুনৰ পৰা ত্ৰিগ্ৰহী যোগ, সমস্যা বাঢ়িব ৪ ৰাশিৰ!
জীৱনশৈলী

কৰ্কট ৰাশিৰ লগতে এই ৫ ৰাশিৰ লোক হওক সাৱধান, এটা ভুলে মাতিব ডাঙৰ বিপদৰ!

July 22, 2026
Next Post
শ্বেয়াৰ বজাৰত ধন উপাৰ্জনৰ বাম্পাৰ সুযোগ! কি কি শ্বেয়াৰত দেখিব লাভৰ মুখ?

শ্বেয়াৰ বজাৰত ধন উপাৰ্জনৰ বাম্পাৰ সুযোগ! কি কি শ্বেয়াৰত দেখিব লাভৰ মুখ?

অদ্ভুত আৱিষ্কাৰ! মলদ্বাৰেৰে উশাহ লোৱা সম্ভৱ! এক গৱেষণাৰ দাবী

অদ্ভুত আৱিষ্কাৰ! মলদ্বাৰেৰে উশাহ লোৱা সম্ভৱ! এক গৱেষণাৰ দাবী

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.