বিশ্বকাপত মহাৰেকৰ্ড গঢ়ি ইতিহাস ৰচিলে ভাৰতৰ বৈষ্ণৱীয়ে
ভাৰতীয় ১৯ বছৰ অনুৰ্ধ মহিলা দলৰ স্পিন বলাৰ বৈষ্ণৱী শৰ্মাই ইতিহাসৰ পাতত নিজৰ নাম পঞ্জীয়ন কৰিলে। ২১ জানুৱাৰী মঙলবাৰে অনুষ্ঠিত হোৱা আইচিচিৰ ১৯ বছৰ অনুৰ্ধ বিশ্বকাপৰ খেলখনত মহাৰেকৰ্ড গঢ়ে বলাৰগৰাকীয়ে।
বৈষ্ণৱী শৰ্মাই বিশ্বকাপত অভিষেক ঘটোৱাৰ সময়ত মালয়েছিয়াৰ বিৰুদ্ধে হেট্ৰিক দখল কৰি অভিলেখ গঢ়িছিল, যিটো পূৰ্বে কোনো ভাৰতীয়ই কৰিবলৈ সক্ষম হোৱা নাছিল।
১৯ বছৰ অনুৰ্ধ মহিলা টি-২০ বিশ্বকাপত হেট্ৰিক দখল কৰা ভাৰতৰ প্ৰথমগৰাকী আৰু বিশ্বৰ তৃতীয়গৰাকী বলাৰ হিচাপে পৰিগণিত হয়।
১৯ বছৰ অনুৰ্ধ বিশ্বকাপৰ প্ৰথমখন খেলত আয়োজক মালয়েছিয়াৰ বেটিং অৰ্ডাৰ ধ্বংস কৰে বৈষ্ণৱী শৰ্মাই। ১৯ বছৰীয়া এই স্পিন বলাৰজনে চাৰি অভাৰত ৫ ৰানত ৫ উইকেট দখল কৰে আৰু ভাৰতে মালয়েছিয়াক মাথো ১৪.৩ অভাৰত ৩১ ৰানত অল আউট কৰে।
ইনিংছৰ চতুৰ্থ অভাৰত বলিং কৰিবলৈ অহা বৈষ্ণৱীয়ে দ্বিতীয় বলত নূৰ আইন বিন্তি ৰ’ছলানক আউট কৰি পঠিয়াই দিয়ে। পিছৰ বলত নূৰে ইছমা ডানিয়াকৰ উইকেট দখল কৰে। ইয়াৰ পিছত ছিটি নাজৱাহক আউট কৰি হেট্ৰিক সম্পূৰ্ণ কৰি ইতিহাস ৰচে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ