৭ মে’ ২০২২ তাৰিখে সংযুক্ত মুক্তি বাহিনী অসম (স্বাধীন)এ সংগঠনটোৰ দুজন সদস্যক চৰম শাস্তি মৃত্যুদণ্ডেৰে দণ্ডিত কৰিছে৷ ইতিমধ্যে সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা বিবৃতিত এই কথা ঘোষণা কৰিছে নিষিদ্ধঘোষিত বিদ্ৰোহী সংগঠনটোৱে৷
নিষিদ্ধ ঘোষিত সংগঠনটোৰ ব্ৰিগেডিয়াৰ এ জেদ শিৰোণাম অসমৰ স্বাক্ষৰিত বিবৃতিটোত কোৱা হৈছে যে, যোৱা ৪ এপ্ৰিলত আলফা(স্বা)ৰ সদস্য বৰপেটা জিলাৰ ধনজিৎ দাস ওৰফে ৰূপক অসমে সংগঠনটোৰ চলমান শিবিৰৰ বিশেষ অভিযানকালীন সময়ছোৱাত পলায়ন কৰিছিল৷ সংগঠনটোৰ পহৰাদাৰ ভ্ৰাম্যমান দল এটাই কৰায়ত্ত কৰাৰ পিছতে সংগঠনটোৰ প্ৰশাসনিক পৰ্যায়ত দায়িত্ববাহী বিষয়াৰ তত্বৱধানত সোধ-পোছত ৰূপক অসমে তদন্তকাৰী বিষয়াৰ সন্মুখত নিজ মুখে সকলো অপৰাধ ব্যক্ত কৰে বুলি কোৱা হৈছে৷
ধনসিৎ দাস ওৰফে ৰূপক অসমে উদ্দেশ্যপ্ৰণোদিতভাৱে চলমান শিবিৰৰ পৰা পলায়ন কৰাৰ আগমুহূৰ্তত কেইবাজনো নতুন সদস্যক প্ৰলোভন দেখুৱাই আত্মসমৰ্পণৰ বাবে উচটনি দিয়াৰ লগতে সংগঠনত যোগদানৰ বাবে যোগাযোগ কৰি থকা সময়ছোৱাৰ ভিতৰত একাংশ আৰক্ষী বিষয়া লগত সংগোপনে জড়িত হৈ আমাৰ সমৰ্থক-শুভাকাংক্ষীক চিনাক্ত কৰি অসম আৰক্ষী বাহিনীৰ হাতত ধৰাই দিয়াৰ লেখীয়া একাধিক গুৰুতৰ অপৰাধৰ কথা অকপটে স্বীকাৰ কৰে বুলি বিবৃতিটোত কোৱা হৈছে৷
লগতে পঢ়ক পুৰুষৰ কোনবোৰ গুণে নাৰীক আকৃষ্ট কৰে? গৱেষণাই কি কয়?
ইফালে, কামৰূপ (গ্ৰাম্য) জিলাৰ বাইহাটাৰ সঞ্জীৱ শৰ্মা ওৰফে ঋষভ অসমে ভাৰতীয় সেনা বাহিনী আৰু একাংশ অসম পুলিচ বিষয়াৰ নিৰ্দ্দেশত ধনৰ লালসাত বৈৰী ৰাষ্ট্ৰৰ চোৰাংচোৱা হিচাপে আমাৰ সংগঠনত যোগদানৰ গইনাৰে সংগঠনৰ আভ্যন্তৰীণ যোগাযোগ ব্যৱস্থা চিনাক্ত কৰি তাত আধুনিক যন্ত্ৰ সংস্থাপনেৰে শত্ৰু পক্ষক খবৰ সৰবৰাহৰ ব্যৱস্থা সুচল কৰি দিয়া আৰু সামৰিক প্ৰশিক্ষণৰ পাছত সংগঠনৰ বিষয়া-সদস্যক হত্যাৰ নিচিনা ঘৃণনীয় গোপন অভিযান পৰ্য্যায়ক্ৰমে কাৰ্য্যকৰী কৰাৰ অভিপ্ৰায়ৰে সদস্যভুক্তি হোৱাৰ কথা নিজ মুখে স্বীকাৰ কৰে বুলি নিষিদ্ধ ঘোষিত সংগঠনটোৱে বিবৃতিটোত প্ৰকাশ কৰিছে।
সংগঠনটোৰ এই দুই সদস্যই অক্ষমনীয় অপৰাধ কৰা বুলি সদৰী কৰি সংগঠনটোৰ নিম্ন বিচাৰ সদনৰ মুখ্য অধ্যক্ষৰ অধ্যক্ষতাত অনুস্থিত হোৱা ৪ মে’ আৰু ৫ মে’ৰ দুখন পৃথক বিচাৰ সদনে সংগঠনৰ সংবিধানৰ বিচাৰ উপবিধিৰ আধাৰত ৭ মে’ত মৃত্যুদণ্ড দিয়াৰ কথা বিবৃতিৰ যোগে সদৰী কৰিছে আলফা(স্বা)এ৷
ইফালে এক ভিডিঅ’ত সঞ্জীৱ শৰ্মাই অসম আৰক্ষীৰ গোপন এজেণ্ট হিচাপে আলফা (স্বা) যোগদান কৰা বুলি স্বীকাৰ কৰিছে৷
লগতে পঢ়ক পুৰুষ সংগীৰ বীৰ্য চুৰি কৰি গৰ্ভৱতী হ’ল মহিলা, অভিযুক্ত মহিলাক জে’ললৈ নিক্ষেপ আদালতৰ
ভিডিঅ’টোত সঞ্জীৱ শৰ্মাই কয় যে যুটীয়া আৰক্ষী আয়ুক্ত পাৰ্থ সাৰথি মহন্ত আৰু ধুনুমণি শইকীয়াক চাৰি বছৰৰ পূৰ্বে তেওঁ সাক্ষাৎ লাভ কৰিছিল আৰু তেওঁলোকেই তেওঁক মণিপুৰত হত্যাৰ বলি হোৱা তেওঁৰ অৰ্ধসামৰিক বাহিনীৰ কামাণ্ড’ ভাতৃৰ মৃত্যুৰ প্ৰতিশোধ ল’বলৈ আলফা(স্বা)ত যোগদান কৰিবলৈ পৰামৰ্শ দিছিল৷ ইয়াৰ বাবে শীৰ্ষ আৰক্ষী বিষয়াগৰাকীয়ে তেওঁক প্ৰশিক্ষণ প্ৰদান কৰা বুলিও দাবী কৰিছে৷
সঞ্জীৱ শৰ্মাই লগতে কয় যে তেওঁৰ অভিযান সফল হ’লে শীৰ্ষ আৰক্ষী বিষয়াগৰাকীয়ে ১ কোটি টকাৰ পুৰস্কাৰ প্ৰদানৰ প্ৰতিশ্ৰুতি দিয়া বুলিও প্ৰকাশ কৰিছে৷ ধৰা পৰাৰ পূৰ্বে সঞ্জীৱ শৰ্মাই আৰক্ষী আৰু সেনাই অৰ্পণ কৰা কেবাটাও অভিযান সফল কৰাৰ কথাও সদৰী কৰিছে৷
‘‘আলফা(স্বা)ত যোগদানৰ পূৰ্বে মই সেনা আৰু আৰক্ষীৰ কে’বাটাও অভিযানত অংশগ্ৰহণ কৰিছিলো, আৰু প্ৰতিটো অভিযানত ১০ ৰপৰা ২০ হাজাৰ টকাকৈ লাভ কৰিছিলো৷’’ সঞ্জীৱ শৰ্মাই দাবী কৰি কয়৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ