বাজেট ২০২৬-২০২৭ উত্থাপন কৰিলে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে৷ তেওঁ বাজেট ভাষণত কেইবাটাও ডাঙৰ ঘোষণা কৰিছে৷ কেইবাবিধো পণ্যৰ ওপৰত শুল্ক হ্ৰাসৰ ঘোষণা কৰিছে বিত্তমন্ত্ৰীগৰাকীয়ে৷ যাৰ অৰ্থ সেইসমূহ সকলোবোৰৰেই দাম কমিব৷ কাষ্টমছ শুল্ক বাঢ়িছে৷ ইয়াৰ ফলত কাষ্টমচ যি যি আছে সকলোবোৰৰে দাম বাঢ়িব পাৰে৷ জানি থওক বাজেটৰ পাছত কি কি সামগ্ৰীৰ দাম বাঢ়িব আৰু কি কি সামগ্ৰীৰ দাম কমিব?
বাজেট ঘোষণাৰ পাছত কি কি সামগ্ৰীৰ দাম কমিব?
সাজ-পোছাক
চামড়াৰ সামগ্ৰী
চিন্থেটিক ফুটৱেৰ
চামৰাৰ পণ্য
কেন্সাৰৰ জীৱনদায়ী ঔষধ
ডায়েবেটিছকে ধৰি ১৭ বিধ জীৱনদায়ী ঔষধ শুল্কমুক্ত
লিথিয়াম আয়ন চেল
সস্তা হ’ব মোবাইল বেটেৰি
সৌৰ গ্লাছ সস্তা হব৷
মিশ্ৰ গেছ (চিএনজি)
ই ভি
মাইক্ৰোয়েভ ওভেন
বিদেশ ভ্ৰমণ হ’ব সস্তা
ইয়াৰোপৰি সামুদ্ৰিক পণ্যৰ দাম কমিব৷ চামৰা শিল্পক শুল্কমুক্ত কৰা হৈছে৷ দাম কমিব পাৰমাণৱিক বিদ্যুতৰো৷
কি কি সামগ্ৰীৰ দাম বাঢ়িব?
যিসমূহ কাষ্টমছ শুল্ক আছে সেইসমূহৰো দাম বৃদ্ধি কৰা হৈছে৷ অৰ্থাৎ সেই সামগ্ৰীসমূহৰ দাম আৰু বেছি হোৱাৰ সম্ভাৱনা আছে৷ তাৰ মাজত আছে-
সুৰা
স্ক্ৰেপ
খনিজ পদাৰ্থ
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















