ইণ্ডিগোৰ উৰান বাতিলৰ পাছতেই তথৈবচ অৱস্থা যাত্ৰীৰ৷ ইফালে উৰান বাতিল হোৱাত আকাশলংঘী হৈ পৰিছে টিকটৰ চাহিদা৷ দাম বাঢ়িছে বেছিভাগ বিমান কোম্পানীয়েই দাম বঢ়াই দিছে টিকটৰ৷ এই বিষয়ক লৈ অভিযোগ উঠাৰ পাছতেই কেন্দ্ৰই লৈছে বিশেষ পদক্ষেপ৷ ফ্লাইটৰ টিকটৰ দাম যাতে ইচ্ছানুসৰি বঢ়াব নোৱাৰে তাৰ বাবে কেপিং কৰি দিছে কেন্দ্ৰই৷
কেন্দ্ৰই বান্ধি দিয়া দাম
অসামৰিক বিমান পৰিবহন মন্ত্ৰণালয়ৰ প্ৰতিমন্ক্ৰী মুৰলীধৰ মহলে এক্স পোষ্টযোগে এক বিজ্ঞাপ্তি শ্বেয়াৰ কৰিছে৷ তাতেই লিখা হৈছে যে সাধাৰণ জনগণৰ কথা ভাৱি দাম বৃদ্ধি ৰখাবলৈ কেপিং কৰা আৰম্ভ কৰিছে কেন্দ্ৰই৷ কিমান দূৰত্বৰ বাবে সৰ্বাধিক কিমান টকা ভাড়া ল’ব পাৰিব সেয়া নিৰ্দিষ্ট কৰি দিছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















