দীপাৱলীৰ দুদিন পূৰ্বেই পালিত হ’ব ধনতেৰছ বা ধন ত্ৰয়োদশী। কাতি মাহৰ কৃষ্ণপক্ষৰ ত্ৰয়োদশী তিথিত ধনতেৰছ পালন কৰা হয়। এই বছৰ ধনতেৰছ ২৯ অক্টোবৰত পালন কৰা হ’ব। প্ৰচলিত বিশ্বাস অনুসৰি এই দিনটোত বজাৰ কৰিলে মা লক্ষ্মীৰ কৃপা আপুনি লাভ কৰিব। ধনতেৰছত আপুনি যি ক্ৰয় কৰিব তৰ ১৩ গুণ আপোনাৰ সম্পদ বৃদ্ধি পাব। পুৰাণ অনুসৰি সমুদ্ৰ মন্থনৰ ফলত এই দিনটোতেই সমূদ্ৰৰ গৰ্ভৰ পৰা আবিৰ্ভাৱ হৈছিল মা লক্ষ্মীৰ। সমগ্ৰ বিশ্বৰ ধনভাণ্ডাৰৰ সৈতে লক্ষ্মী দেৱী এই দিনটোতেই আবিৰ্ভাৱ হৈছিল। তেতিয়াৰে পৰাই এইদিনটোক ধনতেৰছ বুলি কোৱা হয়। প্ৰচলিত বিশ্বাস অনুসৰি এই দিনটোত সোন, ৰূপ, তাম আৰু পিতলেৰে তৈয়াৰ কৰা সামগ্ৰী ক্ৰয় কৰাটো শুভ। ধনতেৰছত লৈ আৰু এটি পুৰাণ কথাও প্ৰচলিত হৈ আছে। এই কাহিনী অনুসৰি সকলো মানুহৰেই জীৱনত প্ৰতি ১২ বছৰৰ অন্তত বহুকেইটা সালসলনি আহে। জানি থওক ধনতেৰছ পালনৰ সঠিক কথা।
ধনতেৰছক লৈ পুৰাণত থকা কাহিনী
এবাৰ শ্ৰীবিষ্ণু মৰ্ত্যলোকলৈ অৰ্থাৎ পৃথিৱীৰ ফালে আহিছিল। সেই সময়ত দেৱী লক্ষ্মীয়ে তেওঁক এটা বিশেষ অনুৰোধ কৰিছিল। বিষ্ণুয়ে লক্ষ্মীক কয় যে, তেওঁৰ কথা শুনি চলিলেহে বিষ্ণুৱে তেওঁক দেখা দিব। বিষ্ণুৰ সকলো কথা মানি চলিব বুলি কথা দিয়ে লক্ষ্মীয়ে। পৃথিৱীত উপস্থিত হৈ এক স্থানত ৰৈ শ্ৰী বিষ্ণুৱে লক্ষ্মীক কয়, ‘মই ঘূৰি অহা পৰ্যন্ত তুমি এই স্থানতেই অপেক্ষা কৰিবা।’ এইবুলি কৈয়েই তেওঁ দক্ষিণৰ ফালে গমন কৰে। দক্ষিণ দিশত কি আছে? ক’লৈ গৈছে বিষ্ণু, সেই বিষয়টোক লৈ তেওঁ কৌতুহল সামৰিব নোৱাৰিলে। বিষয়টোক জানিবলৈ মা লক্ষ্মীৰ মন উদগ্ৰীৱ হৈ পৰিল।
নিজৰ কৌতুহল দমন কৰিব নোৱাৰি প্ৰতিশ্ৰুতি পাহৰি পেলাই লক্ষ্মীয়ে। কিছুদূৰ যোৱাৰ পাছতেই তেওঁ এটা স্থানত থমকি ৰয়। সুন্দৰ এখন ফুলৰ বাগিছাই তেওঁক মুগ্ধ কৰে। লক্ষ্মীয়ে এই স্থানত ৰৈ থাকোতেই বিষ্ণু ওভতি আহে। উভতি আহিয়েই তেওঁ লক্ষ্মীক সেই স্থানত দেখা পায়। বিষ্ণুৰ কথা অমান্য কৰাৰ বাবে লক্ষ্মীক তেওঁ অভিশাপ দিয়ে যে যিগৰাকী কৃষকৰ সূৰ্যফুলৰ খেতিত তেওঁ প্ৰৱেশ কৰিছে এই খেতিয়কৰ ঘৰত তেওঁ ১২ বছৰ থাকিব লাগিব। স্বৰ্গলৈ ১২ বছৰলৈ তেওঁ আৰু যাব নোৱাৰিব। এইবুলি কৈয়েই বিষ্ণুৱে ক্ষীৰ সাগৰত প্ৰস্থান কৰে আৰু লক্ষ্মীয়েও সেই কৃষকৰ ঘৰলৈ যাব লগাত পৰে।
লক্ষ্মীয়ে তেওঁৰ ঘৰত অৱস্থান কৰাত কৃষকৰ ঘৰ সম্পদ আৰু সম্পত্তিৰে ভৰি পৰে। ১২ বছৰ পাছত লক্ষ্মীক ওভটাই নিবলৈ বিষ্ণু নিজেই আছে। কৃষকে কিন্তু তেওঁক কোনো কাৰণতেই যাব দিব নিবিচাৰিলে। তেতিয়াই মা লক্ষ্মীয়ে সেইগৰাকী কৃষকক কয় যে প্ৰতি বছৰে ধনতেৰছৰ দিনা ঘৰ পৰিষ্কাৰ পৰি ঘিউৰ প্ৰদীপ জ্বলাই আৰাধনা কৰিব। ইয়াৰোপৰি তামৰ পাত্ৰত কিছুপৰিমানে ধন ৰাখি থব। তেওঁ নহালৈকে ঘৰত এইদৰে প্ৰদীপ জ্বলাই ৰাখিব। ইয়াৰপাছতেই প্ৰতি ১২ বছৰ পাছত মা লক্ষ্মীয়ে মৰ্ত্যৰ কোনো কোনো ব্যক্তিৰ গৃহলৈ আহে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ