সোণাপুৰত উগ্ৰমূৰ্তি অবৈধ বেদখলকাৰীৰ, হাতে হাতে লাঠী লৈ খেদি আহিল আৰক্ষী-প্ৰশাসনক
সোণাপুৰৰ কচুতলীত আজি ভয়ংকৰ ঘটনা। অবৈধ বেদখলকাৰীয়ে ধাৰণ কৰিলে উগ্ৰমূৰ্তি ।
উচ্ছেদিতই হাতে হাতে লাঠী-জোং লৈ খেদি আহি আক্ৰমণ কৰিলে আৰক্ষী প্ৰশাসনৰ লোকক। লগতে ভাঙিলে আৰক্ষীৰ বাহন।
পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীৰ-অৰ্ধ সামৰিক বাহিনীৰ শূণ্যলৈ গুলীচালনা।
উচ্ছেদিতৰ ৰুদ্ৰ ৰূপ দেখি অৱশেষত পলায়ন কৰিবলৈ বাধ্য হয় আৰক্ষী প্ৰশাসনৰ লোক।
উল্লেখ্য যে, বিগত চাৰিদিন ধৰি সোণাপুৰৰ কচুতলীত অবৈধ বেদখলকাৰীৰ বিৰুদ্ধে চলিছিল উচ্ছেদ অভিযান।
প্ৰথম তিনিদিন শান্তিপূৰ্ণভাৱে উচ্ছেদ চলা বাবে আজি বিশাল বাহিনী লৈ প্ৰৱেশ কৰা নাছিল প্ৰশাসনৰ লোক। যাৰ সুবিধা লয় অবৈধ বেদখলকাৰীয়ে।
কথমপি প্ৰাণ ৰক্ষা প্ৰশাসনিক কেইবাগৰাকীও বিষয়াৰ। কিন্তু এই আক্ৰমণত আহত হৈছে সোণাপুৰ ৰাজহ চক্ৰ বিষয়াৰ লগতে অন্য আৰক্ষীৰ লোক তথা বিষয়াও।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ