অসম লাইভ২৪ঃ উত্তৰকাশীৰ ছিল্কিয়াৰা টানেলত এতিয়াও আৱদ্ধ হৈ আছে ৪১ জন শ্ৰমিক। বিগত ১৪ দিন ধৰি সুৰংগতেই আৱদ্ধ হৈ আছে শ্ৰমিকসকল। বাৰে বাৰে উদ্ধাৰকাৰ্য ব্যাহত হৈছে। তেওঁলোকক কেতিয়া সুৰংগৰ পৰা বাহিৰলৈ আনিব পৰা হ’ব কোনেও নাজানে। শুকুৰবাৰেও নতুনকৈ আৰু বাধা আহি পৰিছে উদ্ধাৰ অভিযানত। যি আমেৰিকান মেছিনেৰে সুৰংগ খান্দি থকা হৈছিল সেই মেচিনো বিকল হৈ পৰিছে। এক্সপাৰ্টে জনোৱা অনুসৰি এই মেছিন পুনৰ মেৰামতি কৰা সম্ভৱ নহয়। সেই পথেৰে আৰু শ্ৰমিকক উদ্ধাৰো কৰিব পৰা নাযাব। এইবাৰ উদ্ধাৰকাৰী দলে আকৌ নতুন পথৰ সন্ধানত নামিছে।
হায়দৰাবাদৰ প্লাজমা কাটাৰ যন্ত্ৰৰে এইবাৰ ভঙা মেছিনটোহে সুৰংগৰ পৰা উলিয়াই আনিবলৈ চেষ্টা চলোৱা হৈছে। ঘটনাস্থলত উপস্থিত হৈছে কেইবাজনো সেনা জোৱান। অনা হৈছে জেছিবি মেছিনো। ভিতৰত আৱদ্ধ হৈ থকা শ্ৰমিকসকলক প্ৰদান কৰা হৈছে মোবাইল ফোন, বোৰ্ড গেম। শ্ৰমিকসকলে যাতে তেওঁলোকৰ পৰিয়ালৰ সৈতে যোগাযোগ ৰাখিব পাৰে তাৰবাবে সেই স্থানত লেণ্ডলাইনৰ ব্যৱস্থাও উপলব্ধ কৰাইছে। বিএছএনএলৰ লেণ্ডলাইনৰ কানেকশ্ব্যন দিয়া হ’ব। পাইপলাইনৰ মাধ্যমেৰে সুৰংগত আৱদ্ধ শ্ৰমিকক লেণ্ডলাইনৰ সুবিধা দিয়া হৈছে। সুৰংগ বিশেষজ্ঞ আৰ্নল্ড ডিস্কে জনোৱামতে, ‘বহুদিন ধৰি শ্ৰমিকসকলক উদ্ধাৰ কৰাৰ চেষ্টা চলাই আছো। তলত থকা মানুহবোৰৰ বাবে এই সময় খুব কম সময় নহয়। তেওঁলোক এতিয়াও সুস্থ হৈয়েই আছে। আমি চেষ্টা চলাই আছো। যিমান পাৰো সোনকালে আমি তেওঁলোকক উদ্ধাৰ কৰিবলৈ চেষ্টা কৰিম। মৰণপণ এই যুঁজ। ভিতৰত থকাসকলে বুজিছে তেওঁলোকে কেনে অসুবিধাৰ মাজেৰে আছে।
১২ নৱেম্বৰ
১২ নৱেম্বৰতেই সুৰংগৰ একাংশ খহি পৰিছিল। তাতেই আৱদ্ধ হৈ পৰিছিল ৪১ জন শ্ৰমিক। ধ্বংস্তূপত আৱদ্ধসকলক উদ্ধাৰৰ চেষ্টা চলাই আছে।
১৩ নৱেম্বৰ
১৩ আৰু ১৪ নৱেম্বৰত সুৰংগত প্লাষ্টাৰ, ড্ৰিল কৰি উদ্ধাৰৰ চেষ্টা চলাই থকা হৈছে শ্ৰমিকসকলক। এই প্লেনিং কিন্তু আৰম্ভণিতেই ব্যৰ্থ হয়। মাটি খহি অহাৰ বাবে এই কাম কৰিব পৰা নহ’ব বুলি জনায় এক্সপাৰ্টে।
১৪ নৱেম্বৰ উদ্ধাৰৰ বাবে প্লেন বিৰ এপ্লাই
ড্ৰিল কৰি পাইপ সোমোৱাৰ চেষ্টা কৰা হৈছিল। সেই প্লেনো বিফল হয়।
১৫ আৰু ১৬ নৱেম্বৰ
দিল্লীৰ পৰা লৈ অনা হয় মাৰ্কিনী অগাৰ মেছিন। যি যন্ত্ৰৰে ২৪ মিটাৰলৈকে খনন কৰিব পাৰি।
১৭ আৰু ১৮
অগাৰ মেছিনতো সমস্যাই দেখা দিয়ে। বন্ধ কৰি দিয়া হয় খননৰ কাম। তাৰপিছতেই অনা হয় ব্ৰেক আৰু নতুন মেছিন।
১৯, ২০,২১ নৱেম্বৰ
এই তিনি দিনৰ ভিতৰত ৬ ইঞ্চিৰ লাইফলাইন পাইপ ভৰাই দিয়া হয়। পাইপৰ জৰিয়তেই কেমেৰাৰে দেখা পোৱা গৈছে শ্ৰমিকসকলক।
২২ নৱেম্বৰ
অগাৰ মেছিনৰ সহায়ত ৪৫ মিটাৰ পৰ্যন্ত পাইপ সুৰংগত সোমোৱাই দিয়া হৈছে। কিন্তু এই কামতো বিফল হ’ল উদ্ধাৰকাৰী দল।
২৩ আৰু ২৪ নৱেম্বৰ
অগাৰ মেছিনেৰে আৰু খনন কৰিব পৰা নাযাব বুলি জনাইছে এক্সপাৰ্টে।
২৫ নৱেম্বৰ
ওপৰৰ পৰা কোৰেৰে খান্দিবলৈ আৰম্ভ কৰা হৈছে। শ্ৰমিকসকলৰ পৰিয়ালৰ এটাই প্ৰশ্ন, আৰু কিমান দিন লাগিব?
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ