নতুন বছৰ যিমানেই আগুৱাই আহিছে সিমানেই বাঢ়িছে উত্তেজনা৷ ২০২৬ চনটো কেনেকৈ যাব? সেই বিষয়ক লৈ মানুহৰ আগ্ৰহৰ শেষ নাই৷ পুৰণি সকলো বেয়া দূৰ হৈ নতুন বছৰটো যাতে সুখ শান্তিৰ হয় তাৰেই কামনা কৰিছে প্ৰতিজন ব্যক্তিয়েই৷ অথচ সেই আশাত আমাৰ কিছুমান ভুলেই কাঁইট হৈ থিয় দিয়ে৷ বছৰৰ প্ৰথম দিনা নিজে কৰা কিছু ভুলৰ বাবেই সমগ্ৰ বছৰ তাৰ বেয়া প্ৰভাৱ থাকে জীৱনত৷ বাস্তুশাস্ত্ৰত কোৱা হৈছে যে ১ জানুৱাৰীত ভুলতো এইকেইটা কাম কৰা উচিত নহয়৷ অন্যথা সমগ্ৰ বছৰ, দুঃখ, কষ্টৰে জীৱন পাৰ কৰিবলগীয়া হয়৷ জানি থওক ১ জানুৱাৰীত কি কি কাম কৰা উচিত নহয়?
ধন ধাৰলৈ দিয়া
বাস্তুশাস্ত্ৰ অনুসৰি বছৰৰ প্ৰথম দিনা ধন ধাৰে দিয়া বা ধাৰলৈ লোৱা উচিত নহয়৷ প্ৰচলিত বিশ্বাস যে ইয়াৰ ফলত আগন্তুক মাহসমূহত আৰ্থিক চাপ বাঢ়ি যায়৷
কাজিয়া-মতবিৰোধ
নতুন বছৰৰ প্ৰথম দিনা কাজিয়া আৰু মতবিৰোধ এৰাই চলক৷ প্ৰচলিত বিশ্বাস যে এই দিনত কাজিয়া কৰিলে দেৱী লক্ষ্মী ৰুষ্ট হয়৷ দেৱী লক্ষ্মী সম্প্ৰীতি আৰু সুখেৰে ভৰা এখন ঘৰতহে বাস কৰে৷ বাৰে বাৰে সমস্যাক লৈ চিন্তা কৰিলে বা তৰ্ক কৰিলে মানসিক চাপ বাঢ়িব পাৰে৷ ফলত জীৱনত নেতিবাচক প্ৰভাৱ পৰিবলৈ ধৰে৷
পোছাক
বাস্তুশাস্ত্ৰ অনুসৰি বছৰৰ প্ৰথম দিনা পুৰণি বা ক’লা ৰঙৰ পোছাক পিন্ধা উচিত নহয়৷ এইসমূহে নেতিবাচক শক্তিক আকৰ্ষণ কৰে৷ যিয়ে আপোনাৰ জীৱনলৈ দুৰ্ভাগ্য মাতি আনিব পাৰে৷ দেৱী লক্ষ্মী অসন্তুষ্ট হয় ফলত আৰ্থিক চাপ বাঢ়িব পাৰে৷
ঘৰ অন্ধকাৰত ৰখা
এই দিনটোত ঘৰ অন্ধকাৰ কৰি ৰখা উচিত নহয়৷ বিশেষকৈ উত্তৰ পূৰ্ব দিশ অন্ধকাৰ থাকিলে দাৰিদ্ৰক আমন্ত্ৰণ জনোৱা বুজায়৷ বাস্তুমতে এই দিনটোত সন্ধিয়াৰ সময়ত ঘৰ অন্ধকাৰত ৰখা উচিত নহয়৷ ঘৰৰ প্ৰধান প্ৰৱেশদ্বাৰ, পূজাৰ ঘৰত প্ৰদীপ জ্বলাই ৰাখক৷ তাৰ ফলত ইতিবাচক শক্তি বাঢ়ে৷ জীৱন সুখৰ হয়৷
দেৰীকৈ টোপনিৰ পৰা উঠা
বহুতেই ৩১ ডিচেম্বৰৰ নিশা পাৰ্টি কৰি ১ জানুৱাৰীত দেৰীকৈ টোপনিৰ পৰা উঠে৷ এই কাম কিন্তু ভুলতো কৰা উচিত নহয়৷ বছৰৰ প্ৰথম দিনা দেৰীকৈ টোপনিৰ পৰা উঠা উচিত নহয়৷ সমগ্ৰ বছৰ ভাল ফল লাভৰ বাবে পুৱাই সোনকালে শোৱাপাটী এৰক৷ গা ধুই ভগৱান বিষ্ণু আৰু দেৱী লক্ষ্মীৰ আৰাধনা কৰক৷ পৰিষ্কাৰ পৰিচ্ছন্নতাও বজায় ৰখা প্ৰয়োজন৷
অপৰিচ্ছন্ন ঘৰ
অপৰিচ্ছন্ন ঘৰে নেতিবাচক শক্তিক টানি আনে৷ সেয়ে ভুলতো এই দিনটোত ঘৰ অপৰিষ্কাৰ কৰি নাৰাখিব৷ ধুলি, মকৰাজাল আদি ভালকৈ পৰিষ্কাৰ কৰক৷ বিচনা চাদৰ, গাৰুকভাৰো লেতেৰাকৈ নাৰাখিব৷ এই ভুল কৰিলে ৰুষ্ট হয় দেৱী লক্ষ্মী৷ বছৰৰ প্ৰথম দিনটোত পাৰ্যমানে ঘৰ পৰিচ্ছন্ন কৰি ৰাখক৷
(এই তথ্য বাস্তুশাস্ত্ৰৰ আধাৰত লিখা হৈছে৷ সবিশেষ জানিবলৈ বিজ্ঞ জ্যোতিষীৰ সৈতে আলোচনা কৰক৷)
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















