মহাকুম্ভত প্ৰেম- নাগা সাধুৰ সৈতে প্ৰেম ৰাছিয়ানৰ, হিন্দু যুৱকৰ সৈতে দুই মুছলিম পত্নী
প্ৰেমৰ কোনো ধৰ্ম নাই, নাই কোনো আকাৰ। প্ৰেম অন্ধ। আজিৰ প্ৰেমৰ দিনটোতে মহাকুম্ভৰ পৰা পোহৰলৈ আহিছে দুটা বিশেষ প্ৰেমৰ কাহিনী। এটা প্ৰেমৰ কাহিনীত নায়িকা ৰাছিয়াৰ আৰু নায়ক অঘোৰী নগা সাধু। আন এক কাহিনীত নায়ক হিন্দু যুৱক। নায়িকা দুগৰাকী মুছলমান পত্নী।
এই দুয়োটা প্ৰেম কাহিনীয়ে এতিয়া বিশেষ ভাৱে চৰ্চা লাভ কৰিছে। কেৱল মহাকুম্ভ থলীতেই নহয়, সমগ্ৰ দেশতেই চৰ্চাৰ বিষয় হৈ পৰিছে এই দুটা প্ৰেম কাহিনী।
হিন্দু যুৱকে দুই মুছলমান পত্নীৰ সৈতে উপস্থিত হৈছে মহাকুম্ভৰ থলীত। স্বামীয়ে দুয়ো পত্নীৰ নাম টাটু হিচাপে খোদিত কৰিছে পিঠিত। আনহাতে বোৰ্খা পৰিধান কৰিলেও কঁপালত সেন্দুৰ আৰু ডিঙিত মংগলসূত্ৰ পৰিধান কৰি স্বামীৰ সৈতে আছে দুয়ো পত্নী। বিশেষ ভাৱে চৰ্চিত হৈছে এই প্ৰেম কাহিনী।
আনহাতে এগৰাকী ৰাছিয়ান যুৱতী প্ৰেমত পৰিছে এগৰাকী অঘোৰী বাবাৰ। নগা সাধুৰ সৈতে প্ৰেম হৈ অৱশেষত বিবাহ পাশত আৱদ্ধ হয় ৰাছিয়ান মহিলাই। এই প্ৰেম কাহিনীয়ো বিশেষ ভাৱে চৰ্চা লাভ কৰিছে এইবাৰৰ মহাকুম্ভ থলীত। অধোৰী বাবাই শৰীৰত ভস্ম লৈ আছে, কাষতে ভুৱন ভোলোৱা হাঁহিৰে উপস্থিত আছে ৰাছিয়ান পত্নী।
বৰ্তামানে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে এই দুয়োটা প্ৰেম কাহিনী। লগতে ভাইৰেল হৈ পৰিছে দুয়োটা প্ৰেম কাহিনীৰে প্ৰেমিক-প্ৰেমিকা সকলৰ ফটো-ভিডিঅ’।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















