খাদ্যগ্ৰহণৰ পূৰ্বে আৰু খাদ্যগ্ৰহণৰ পাছত হাত ধোৱাটো আমাৰ এক ৰুটিন৷ কিন্তু খাদ্য গ্ৰহণৰ পাছত বহুতৰেই কাঁহিত হাত ধোৱাৰ অভ্যাস থাকে৷ খোৱা পাততেই হাত ধুইহে উঠি আহে বহু লোক৷ এই অভ্যাসৰ প্ৰধান কাৰণেই হৈছে আলস্য৷ উঠি গৈ হাত ধোৱাৰ এলাহতে বহুতেই খোৱাপাততেই হাত ধুই ওলাই আহে৷ কিন্তু বাস্তুশাস্ত্ৰমতে এই অভ্যাস মুঠেও শুভ নহয়৷
এই কাম যদি আপুনি কৰে তেন্তে আপোনাৰ জীৱনত নিগেটিভ এনাৰ্জি প্ৰবাহিত হয়৷ এই অভ্যাসৰ ফলত আপোনাৰ অতিৰিক্ত অৰ্থ ব্যয় হ’ব পাৰে৷ অকাৰণতে ধন ব্যয় হ’বলৈ আৰম্ভ হ’ব৷ আৰ্থিক সংকট আহিব পাৰে৷ জানি থওক বাস্তশাস্ত্ৰত কি কি নিয়মৰ কথা উল্লেখ আছে?
দেৱী অন্নপূৰ্ণাৰ ৰোষত পৰিব আপুনি
বাস্তু অনুসৰি খোৱাৰ পাছত পাতত হাত ধুলে ৰুষ্ট হয় দেৱী অন্নপূৰ্ণা৷ এই কাৰণতেই এই অভ্যাসৰ ফলত আপোনাৰ অসুখ বিসুখ বাঢ়িব পাৰে৷ ইয়াৰ সৈতে খোৱাপাতত হাত ধোৱাৰ অভ্যাসৰ ফলত মা লক্ষ্মীয়ে আপোনাৰ সংসাৰ ত্যাগ কৰিব পাৰে৷ সেয়ে কেতিয়াও ভুলতো খাদ্য খোৱাৰ পাছত কাঁহিত হাত নুধুব৷
বিছনাত বহি খাদ্য নাখাব
বহুতেই আজিকালি বিচনাত বহি ভাত খায়৷ কিন্তু বাস্তু অনুসৰি এই অভ্যাস মুঠেও ঠিক নহয়৷ আপোনাৰ এই অভ্যাস থাকিলে এতিয়াই সলনি কৰক৷ যি বিছনাত শোৱে সেই বিছনাত বহি কেতিয়াও খাদ্য গ্ৰহণ নকৰিব৷ অন্যথা সংসাৰত নিগেটিভ এনাৰ্জিয়ে ভৰি পৰিব৷ অসুখৰ স্বীকাৰ হ’ব পাৰে৷ ইয়াৰ সৈতে আৰ্থিক সংকটৰ মুখত পৰিব পাৰে৷
তিনিখন ৰুটি নিদিব
কেতিয়াও কাৰো প্লেটত তিনিখন ৰুটি নিদিব৷ বাস্তু অনুসৰি একেলগে তিনিখন ৰুটি দিয়া উচিত নহয়৷ কাঁহিত অলপ ভাত দি তাৰ ওপৰত ৰুটি দিলে দেৱী অন্নপূৰ্ণা সন্তুষ্ট হ’ব৷
পৰিস্কাৰ প্লেটত খাদ্য দিয়ক
খাদ্য পৰিবেশন কৰাৰ পূৰ্বে অৱশ্যই চাফা প্লেটত খাদ্য দিব৷ প্লেট ধুলে প্লেট সম্পূৰ্ণ শুকুৱাইহে খাদ্য দিব৷ পানী থকা প্লেটত খাদ্য দিলে জীৱনত নানান সমস্যা আহে৷ সেয়ে প্লেট ধুই শুকান কাপোৰ দি ভালকৈ মুছি ল’ব৷
খাদ্য নষ্ট
যিমান পাৰে সিমান খাদ্যই প্লেটত ল’ব৷ ভুলতো খাদ্য নষ্ট নকৰিব৷ প্লেটত খাদ্য এৰিলে ৰুষ্ট হয় অন্নপূৰ্ণা৷ ইয়াৰ ফলত আপোনাৰ সংসাৰত খাদ্যৰ অভাৱে দেখা দিব পাৰে৷ যদি আপুনি সকলো খাদ্য নোৱাৰে তেন্তে পেলাই দিয়াৰ সলনি সেই খাদ্য পশু পক্ষীক হ’লেও খুৱাই দিব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ