কথাতেই কোৱা হৈছে অৰ্থই হৈছে ইচ্ছা পূৰণৰ মূল চাবিকাঠি৷ ধনী হোৱাৰ সপোন কোনে নেদেখে? কিন্তু কিমানৰ সেই সপোন পূৰণ হয়? আকৌ বহুতে মোটা অংকৰ ধনৰ বিনিময়ত চাকৰি কৰিলেও ধন কিন্তু মুঠেও ৰাখিব নোৱাৰে৷ মাহৰ শেষত ধাৰেই লাগে বহুতৰে৷ জ্যোতিষ অনুসৰি কিছু অভ্যাসেই আমাৰ অৰ্থ সঞ্চয়ৰ পথত বাধা সৃষ্টি কৰে৷ আৰু সেই সকলো অভ্যাস বৰ্জন কৰিলেই মাহৰ শেষত আপোনাৰ পকেট খালী হৈ নাথাকিব৷ জানি থওক ধন সঞ্চয়ৰ বাট মুকলি কৰাৰ বিশেষ কেইটামান অভ্যাস৷
পুৱা সোনকালেই শোৱাপাটি এৰক৷ শুই উঠি বিচনা পৰিষ্কাৰ কৰক৷ শাস্ত্ৰই কৈছে, পুৱা টোপনিৰ পৰা উঠাৰ পাছত বিচনা লেতেৰাকৈ ৰখা উচিত নহয়৷ পৰিষ্কাৰ বিচনাই সৌভাগ্যক আৰু বাহী বিচনাই দুৰ্ভাগ্যক আকৰ্ষণ কৰে বুলি কয় শাস্ত্ৰ বিশেষজ্ঞসকলে৷
খাদ্য গ্ৰহণৰ পাছত লগে লগে প্লেট পৰিষ্কাৰ কৰক৷ বহুতেই খাদ্য গ্ৰহণৰ পাছত প্লেট নুধুৱাকৈ এৰি যায়৷ শাস্ত্ৰ মতে খোৱা প্লেট পেলাই থলে লক্ষ্মী ক্ৰুদ্ধ হয়৷ সেয়ে অৰ্থ সঞ্চয় বিচাৰিলে খাদ্য গ্ৰহণৰ পাছতেই দ্ৰুততাৰে নিজৰ খোৱা প্লেট পৰিষ্কাৰ কৰিব৷
বাথৰুম পৰিষ্কাৰকৈ ৰাখক৷ স্নান কৰাৰ লগে লগেই বাথৰুম পৰিষ্কাৰ কৰিলে তাৰ প্ৰভাৱ অৰ্থভাগ্যত পৰে৷ এই উপদেশ দিয়ে শাস্ত্ৰ বিশেষজ্ঞই৷
সন্ধিয়াৰ পাছত ঘৰ পৰিষ্কাৰ কৰা উচিত নহয়৷ শাস্ত্ৰ অনুসৰি সন্ধিয়াৰ পাছত ঘৰ মোহাৰিলে সৌভাগ্যক ধুই মোহাৰি পেলোৱা বুজাই৷ সেয়ে যিমান সম্ভৱ সূৰ্যাস্তৰ পূৰ্বে ঘৰ পৰিষ্কাৰ কৰিব লাগে৷
জ্যোতিষমতে যদি কাৰোবাৰ জন্মৰ সময়ত ৰাশিফলত শনি বেয়া অৱস্থাত থাকে, তেতিয়া তেওঁৰ ভাগ্যত অশেষ দুঃখ আৰু সমস্যা হোৱাৰ আশংকা থাকে৷ এইক্ষেত্ৰত এইসকল লোকে ঘৰত মধু ৰাখিব৷ ইয়াৰ ফলত শনিদেৱ প্ৰসন্ন হয়৷ ফলত ঘুৰিবলৈ আৰম্ভ কৰে ভাগ্যৰ চকা৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















