জ্যোতিষশাস্ত্ৰ সমস্ত গ্ৰহৰ বিশেষ গুৰুত্ব আছে৷ প্ৰতিটো গ্ৰহৰ স্থান পৰিবৰ্তনে ১২ ৰাশিৰ জীৱনত শুভ অশুভ প্রভাৱ পৰে৷ শুক্ৰক ধন বৈভৱ, প্ৰেম আৰু সৌন্দৰ্যৰ কাৰক গ্ৰহ বুলি ধাৰণা কৰা হয়৷ জ্যোতিষশাস্ত্ৰ অনুসৰি, কুণ্ডলীত শুক্ৰৰ অৱস্থান শক্তিশালী হলে জীৱন সুখ আৰু সমৃদ্ধিৰে ভৰি পৰিব জীৱন৷ সেয়ে শুক্ৰৰ অৱস্থান পৰিবৰ্তনে বিভিন্ন ৰাশিৰ জীৱনত ডাঙৰ পৰিবৰ্তন আনিব পাৰে৷
শুক্ৰ গ্ৰহে ২৮ জানুৱাৰী কুম্ভ ৰাশি এৰি মীন ৰাশিত প্ৰৱেশ কৰিছে৷ আগন্তুক ৩১ মে পৰ্যন্ত এই ৰাশিতেই থাকিব৷ ইয়াৰ মাজতেই মীন ৰাশিত বিগত ২ মাৰ্চত শুক্ৰ বক্ৰী হৈছে৷ এইবাৰ আকৌ ১৩ এপ্ৰিলত মাৰ্গী হ’ব শুক্ৰ৷ কেৱল সেয়াই নহয় ৩১ মেত শুক্ৰই মেষ ৰাশিত প্ৰৱেশ কৰিব৷ শুক্ৰৰ এই গতি সলনিৰ ফলত চাৰি ৰাশিৰ জীৱনত বৃহৎ পৰিবৰ্তন আহিব পাৰে৷ কাৰ কাৰ ভাগ্যৰ চকা ঘূৰিব? জানি থওক সবিশেষ৷
বৃষ ৰাশি
শুক্ৰৰ প্ৰভাৱত সুখৰ সাগৰত ভাহিব বৃষ ৰাশিৰ জাতক জাতিকা৷ এই সময়ত বাহন, ঘৰ কিংবা সম্পত্তি কিনাৰ সপোন পূৰণ হব পাৰে৷ কৰ্মক্ষেত্ৰত ডাঙৰ দায়িত্ব পাব পাৰে৷ সুস্থভাৱে নেতৃত্ব দিয়াৰ ক্ষমতা বাঢ়িব৷ পৰিয়ালৰ সৈতে ফুৰিবলৈ যাব পাৰে৷
কন্যা ৰাশি
শুক্ৰৰ চিধা পথৰ যাত্ৰাই কন্যা ৰাশিৰ জাতক জাতিকাৰ জীৱনলৈ সুখ আনিব৷ কেৰিয়াৰত উন্নতিৰ যোগ আছে৷ কৰ্মসূত্ৰে বিদেশলৈ যাব পাৰে৷ যি কোনো কামতেই পৰিয়ালৰ পূৰ্ণ সমৰ্থন পাব৷ সন্তানৰ পৰা সুখবৰ পাব পাৰে৷
ধনু ৰাশি
শুক্ৰৰ মাৰ্গী দশাত ধনু ৰাশিৰ আৰ্থিক পৰিস্থিতিৰ উন্নতি হব৷ আয়ক নতুন উৎস বিচাৰি পাব৷ স্বাস্থ্য ভালে থাকিব৷ অফিচত উৰ্ধ্বতন কৰ্তৃপক্ষই আপোনাৰ কাম পছন্দ কৰিব৷ সহকৰ্মীয়ে কামৰ সহযোগিতা কৰিব৷ দীৰ্ঘদিনৰ মানসিক চাপৰ পৰা স্বস্তি পাব৷
মকৰ ৰাশি
শুক্ৰৰ প্রভাৱত মকৰ ৰাশিৰ ভাগ্যৰ চকা ঘূৰিব৷ পেছাগত জীৱনত সাফল্য পাব৷ নতুন চাকৰিৰ প্ৰস্তাৱ পাব পাৰে৷ সৃজনশীল কামৰ সৈতে যুক্ত ব্যক্তিসকলৰ উন্নতিৰ যোগ আছে৷ পৰিয়ালৰ সৈতে ভাল সময় কটাব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ