মাংগালুৰুৰ এহাল কলেজীয়া শিক্ষাৰ্থীৰ চুম্বনৰ দৃশ্য ভাইৰেল হোৱাৰ পিছতে চাঞ্চল্যৰ সৃষ্টি হোৱাৰ লগতে কিছু আপত্তিজনক কাণ্ডও পোহৰলৈ অহা বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে৷
চহৰখনৰ এখন প্ৰতিষ্ঠিত কলেজখনৰ এহাল শিক্ষাৰ্থীয়ে ইউনিৰ্ফমৰ পৰিধান কৰি চুম্বনৰত এক ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰে৷ এই কাণ্ডৰ পৰা কলেজ কৰ্তৃপক্ষৰ লগতে শিক্ষাৰ্থী দুগৰাকীৰ অভিভাৱকসকলক লজ্জানত কৰা বুলি চৰ্চা লাভ কৰিছে৷
ভিডিঅ’টোত শিক্ষাৰ্থীহালে চুম্বন কৰাৰ সময়ত অন্য শিক্ষাৰ্থী তথা সহপাঠীসকলে উল্লাস কৰি থকা দেখা গৈছে৷
লগতে পঢ়ক দ্ৰৌপদী মুৰ্মুৰ ইতিহাস ৰচনা! ১৫ সংখ্যক দেশৰ ৰাষ্ট্ৰপতি মুৰ্মুৰ জীৱন কাহিনী জানো আহক…
আৰক্ষীয়ে জনোৱা মতে, ছাত্ৰ-ছাত্ৰীসকলে চুমা খোৱা প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ অভিযোগ উত্থাপন হৈছে। আৰক্ষীয়ে সূত্ৰই প্ৰকাশ কৰা অনুসৰি ভিডিঅ’টো ৰেকৰ্ডিং কৰা শিক্ষাৰ্থীজনক সোধা-পোছাৰ বাবে আটক কৰা হৈছে।
নগৰ আৰক্ষী আয়ুক্ত এন শশী কুমাৰে জনোৱা মতে, ছমাহ পূৰ্বে এটা ব্যক্তিগত ফ্লেটত সংঘটিত হৈছিল এই ঘটনা। এসপ্তাহ পূৰ্বে এজন ছাত্ৰই হোৱাটছএপত ভিডিঅ’টো শ্বেয়াৰ কৰি ভাইৰেল কৰিছিল।
লগতে পঢ়ক বিশ্বৰ একমাত্ৰ ‘Walking Tree’ ক’ত আছে? কিমান বিশাল এই গছজোপা?
মহাবিদ্যালয় প্ৰশাসনে সতৰ্কবাণী প্ৰদান কৰি ছাত্ৰ আৰু ছাত্ৰীগৰাকীক কলেজৰ পৰা বহিষ্কাৰ কৰিছে। ইফালে মহাবিদ্যালয় কৰ্তৃপক্ষ বা অভিভাৱকে এই পৰ্যন্ত আৰক্ষীত কোনো এজাহাৰ দাখিল কৰা নাই।
চুম্বন প্ৰতিযোগিতাৰ সময়ত ছাত্ৰ-ছাত্ৰীসকলে ড্ৰাগছ সেৱন কৰিছিল নে নাই সেয়াও আৰক্ষীয়ে তদন্ত কৰিব বুলিও তেওঁ জানিবলৈ দিয়ে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ